--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবিশ্বৰ বহু দেশত জনপ্ৰিয় হৈছে টিকটক৷টিকটকত নানান ৰুচিৰ ভিডিঅ’ আপলোড কৰি বহুতে বেছ জনপ্ৰিয়তাও অৰ্জন কৰিছে৷ তেনে জনপ্ৰিয়তাৰ দৌৰত চামিল হ’বলৈ গৈয়েই শোকাৱহ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে৷ 

টিকটকত ফাঁচী লগাই  আত্মহত্যাৰ চেষ্টাৰ কৰাৰ  এটা ভিডিঅ' বনাবলৈ গৈ  সঁচাসঁচিকৈ মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে৷ এই শোকাৱহ ঘটনাটো ঘটিছে  বাংলাদেশৰ নোৱাখালিৰ চটখিল জিলাত৷
সঞ্জীদা আখতাৰ বাংলাদেশৰ নোয়াখালিৰ চাটখিল জিলাৰ বাসিন্দা। 

১১ বছৰীয়া কিশোৰীগৰাকীয়ে শিৱপুৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়ি আছিল। তেওঁ প্ৰতিদিনে টিকটক ভিডিঅ' বনোৱাত আসক্ত। বৃহস্পতিবাৰে আবেলি, স্কুলীয়া ছাত্ৰীগৰাকীয়ে টিকটকত ডিঙিত ফাঁচ লগাই আত্মহত্যাৰ চেষ্টা চলোৱাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি আছিল। তেওঁ আলমাৰীৰ ওপৰত থিয় হৈ চিলিঙৰ পৰা ডিঙিত ফাঁচ লগাই এটা ভিডিঅ' তৈয়াৰ কৰিব বিচাৰিছিল।

 সেয়াই কিশোৰীগৰাকীৰ বাবে কাল হ’ল৷হঠাতে, সেই সময়ত, ভৰি পিছলি কিশোৰীগৰাকী সঁচাকৈয়ে ওপৰৰ পৰা পৰি ওলমি ৰ’ল৷ বহু চেষ্টা কৰিও কিশোৰীগৰাকীয়ে নিজকে ৰক্ষা কৰিব নোৱাৰিলে৷ বহু সময় ধৰি তেনে দৰেই ওলমি ৰ’ল কিশোৰীগৰাকীৰ নিথৰ দেহ৷

পৰিয়ালৰ কোনেও প্ৰথমতে ঘটনাটো লক্ষ্য কৰা নাছিল। আবেলি  সঞ্জীদাৰ পৰিয়ালৰ সদস্যসকল ঘৰলৈ উভতি আহিছিল  আৰু কিশোৰীগৰাকীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।  

পৰিয়ালৰ লোকে কিশোৰীগৰাকীক  ঘৰৰ কাষৰে  স্বাস্থ্য কেন্দ্ৰলৈ  লৈ যায় যদিও  তেতিয়ালৈকে সকলো শেষ হৈ গৈছে। চিকিৎসকে কিশোৰীগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে৷ কিশোৰীগৰাকীৰ কেনে পৰিস্থিতিত মৃত্যু হ’ল সেয়া তেওঁৰ মোবাইল ফোনত ৰেকৰ্ডিং হৈ আছিল৷ 

সেই ভিডিঅ’ চায়েই পৰিয়ালৰ লোক নিশ্চিত হৈছে যে সঞ্জীদাৰ বাবে টিকটকেই কাল হ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক