--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ডাক যোগে প্ৰেৰণ কৰা যিকোনো পাৰ্চেল আদিৰ পেকেট ডাকঘৰৰ কৰ্মচাৰীয়ে খুলি চাব পাৰিব!  নতুন ডাকঘৰ বিধেয়কে ডাক কৰ্মচাৰীক এনে ক্ষমতা প্ৰদান কৰিব। ইয়াৰ ফলত লোক এজনৰ ব্যক্তিগত গোপনীয়তা ফাদিল হোৱাৰ পূৰ্ণ আশংকা থকা বুলি ভিন্ন মহলত চৰ্চা চলিছে। 

চৰকাৰে শেহতীয়াকৈ উত্থাপন কৰা ডাকঘৰ বিধেয়ক, ২০২৩-ত যিকোনো সামগ্ৰীৰ পেকেট  খোলা  বা শুল্ক কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছে। এজন ডাক কৰ্মচাৰীয়ে  দেশৰ ভিতৰতে  বা আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা অহা  যিকোনো সামগ্ৰী শুল্ক বা যিকোনো সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়াৰ অধিকাৰ থাকিব যদিহে  সেই সামগ্ৰীৰ বিষয়ে কোনো সন্দেহ কৰা হয়।

 ভাৰতীয় ডাকঘৰ আইনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংশোধনীয়ে কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় সুৰক্ষা বা ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত ডাক পাৰ্চেল খুলিবলৈ অনুমতি দিব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ব্যৱস্থাবোৰ ডাকঘৰ বিধেয়ক, ২০২৩-ৰ অধীনত কৰা হ’ব। এই বিধেয়ক খন শেহতীয়াকৈ সমাপ্ত বাৰিষা অধিৱেশনত ৰাজ্যসভাত উত্থাপন কৰা হৈছে। 

এই আইন খনে  'ভাৰতীয় ডাকঘৰ আইন, ১৮৯৮ ' বাতিল কৰিব আৰু 'ভাৰতত ডাকঘৰ সম্পৰ্কীয় আইনৰ সংশোধন কৰিব' বুলি কোৱা হৈছে। 

বিধেয়ক খনে লগতে  "প্ৰেৰণ কৰা সামগ্ৰীৰ যিকোনো লোকচান, ভুল বিতৰণ, বিতৰণত বিলম্ব বা ক্ষতি"ৰ বাবে ডাকঘৰ আৰু ইয়াৰ বিষয়াসকলক যিকোনো দায়বদ্ধ কৰিব নোৱাৰাৰ প্ৰস্তাৱো ৰাখিছে। ইয়াৰ ফলত আপুনি প্ৰেৰণ কৰা কোনো সামগ্ৰী হেৰালেও একো কৰিব পৰা নাযাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী