--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ডাক যোগে প্ৰেৰণ কৰা যিকোনো পাৰ্চেল আদিৰ পেকেট ডাকঘৰৰ কৰ্মচাৰীয়ে খুলি চাব পাৰিব!  নতুন ডাকঘৰ বিধেয়কে ডাক কৰ্মচাৰীক এনে ক্ষমতা প্ৰদান কৰিব। ইয়াৰ ফলত লোক এজনৰ ব্যক্তিগত গোপনীয়তা ফাদিল হোৱাৰ পূৰ্ণ আশংকা থকা বুলি ভিন্ন মহলত চৰ্চা চলিছে। 

চৰকাৰে শেহতীয়াকৈ উত্থাপন কৰা ডাকঘৰ বিধেয়ক, ২০২৩-ত যিকোনো সামগ্ৰীৰ পেকেট  খোলা  বা শুল্ক কৰ্তৃপক্ষক হস্তান্তৰ কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছে। এজন ডাক কৰ্মচাৰীয়ে  দেশৰ ভিতৰতে  বা আন্তঃৰাষ্ট্ৰীয় উৎসৰ পৰা অহা  যিকোনো সামগ্ৰী শুল্ক বা যিকোনো সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়াৰ অধিকাৰ থাকিব যদিহে  সেই সামগ্ৰীৰ বিষয়ে কোনো সন্দেহ কৰা হয়।

 ভাৰতীয় ডাকঘৰ আইনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সংশোধনীয়ে কৰ্মচাৰীসকলক ৰাষ্ট্ৰীয় সুৰক্ষা বা ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত ডাক পাৰ্চেল খুলিবলৈ অনুমতি দিব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ব্যৱস্থাবোৰ ডাকঘৰ বিধেয়ক, ২০২৩-ৰ অধীনত কৰা হ’ব। এই বিধেয়ক খন শেহতীয়াকৈ সমাপ্ত বাৰিষা অধিৱেশনত ৰাজ্যসভাত উত্থাপন কৰা হৈছে। 

এই আইন খনে  'ভাৰতীয় ডাকঘৰ আইন, ১৮৯৮ ' বাতিল কৰিব আৰু 'ভাৰতত ডাকঘৰ সম্পৰ্কীয় আইনৰ সংশোধন কৰিব' বুলি কোৱা হৈছে। 

বিধেয়ক খনে লগতে  "প্ৰেৰণ কৰা সামগ্ৰীৰ যিকোনো লোকচান, ভুল বিতৰণ, বিতৰণত বিলম্ব বা ক্ষতি"ৰ বাবে ডাকঘৰ আৰু ইয়াৰ বিষয়াসকলক যিকোনো দায়বদ্ধ কৰিব নোৱাৰাৰ প্ৰস্তাৱো ৰাখিছে। ইয়াৰ ফলত আপুনি প্ৰেৰণ কৰা কোনো সামগ্ৰী হেৰালেও একো কৰিব পৰা নাযাব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস