--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ বছৰীয়া লালকিল্লা আক্ৰমণৰ গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰে। এই আক্ৰমণত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী আৰিফ ওৰফে আছফাকৰ মৃত্যুদণ্ড গৃহীত কৰিছে আদালতে। দৰাচলতে আৰিফে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰি শাস্তি ৰেহাই বিচাৰিছিল। তেওঁ কয় যে তেওঁ ইতিমধ্যে আজীৱন কাৰাদণ্ড ভুগিছে।

মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ বেলা ত্ৰিবেদীৰ বিচাৰপীঠে ‘ইলেক্ট্ৰনিক ৰেকৰ্ড’ বিবেচনা কৰিবলৈ আবেদন গ্ৰহণ কৰা বুলি কয়। বিচাৰপীঠে কয়, ‘‘ইলেক্ট্ৰনিক ৰেকৰ্ড’ৰ কথা বিবেচনা কৰা উচিত বুলি কৰা আবেদন আমি মানি লওঁ। তেওঁক দোষী সাব্যস্ত কৰা হৈছে। আমি এই আদালতে গৃহীত ৰায়দানক সমৰ্থন কৰিছো আৰু পুনৰীক্ষণ আবেদন খাৰিজ কৰিছো।''

২০০০ চনৰ ২২ ডিচেম্বৰত দিল্লীৰ লালকিল্লাৰ আক্ৰমণত তিনিজন লোক নিহত হয়। এই আক্ৰমণত দুজন সেনা জোৱানসহ তিনিজন লোক নিহত হয়। এই গোচৰত ধৰা পৰা মূল অভিযুক্ত আৰিফ ওৰফে আছফাক। তেতিয়াৰ পৰাই তেওঁ আৱদ্ধ হৈ আছে দিল্লীৰ তিহাৰ কাৰাগাৰত। পিছত আৰিফক দোষী সাব্যস্ত কৰি আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু ফাঁচী স্থগিত ৰাখিবলৈ আৰিফে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। আৰু শেহতীয়াকৈ পুনৰীক্ষণ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু