--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ বছৰীয়া লালকিল্লা আক্ৰমণৰ গোচৰত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰে। এই আক্ৰমণত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী আৰিফ ওৰফে আছফাকৰ মৃত্যুদণ্ড গৃহীত কৰিছে আদালতে। দৰাচলতে আৰিফে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ আবেদন দাখিল কৰি শাস্তি ৰেহাই বিচাৰিছিল। তেওঁ কয় যে তেওঁ ইতিমধ্যে আজীৱন কাৰাদণ্ড ভুগিছে।

মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ বেলা ত্ৰিবেদীৰ বিচাৰপীঠে ‘ইলেক্ট্ৰনিক ৰেকৰ্ড’ বিবেচনা কৰিবলৈ আবেদন গ্ৰহণ কৰা বুলি কয়। বিচাৰপীঠে কয়, ‘‘ইলেক্ট্ৰনিক ৰেকৰ্ড’ৰ কথা বিবেচনা কৰা উচিত বুলি কৰা আবেদন আমি মানি লওঁ। তেওঁক দোষী সাব্যস্ত কৰা হৈছে। আমি এই আদালতে গৃহীত ৰায়দানক সমৰ্থন কৰিছো আৰু পুনৰীক্ষণ আবেদন খাৰিজ কৰিছো।''

২০০০ চনৰ ২২ ডিচেম্বৰত দিল্লীৰ লালকিল্লাৰ আক্ৰমণত তিনিজন লোক নিহত হয়। এই আক্ৰমণত দুজন সেনা জোৱানসহ তিনিজন লোক নিহত হয়। এই গোচৰত ধৰা পৰা মূল অভিযুক্ত আৰিফ ওৰফে আছফাক। তেতিয়াৰ পৰাই তেওঁ আৱদ্ধ হৈ আছে দিল্লীৰ তিহাৰ কাৰাগাৰত। পিছত আৰিফক দোষী সাব্যস্ত কৰি আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। কিন্তু ফাঁচী স্থগিত ৰাখিবলৈ আৰিফে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। আৰু শেহতীয়াকৈ পুনৰীক্ষণ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক