--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰটো সঠিক ভাবে নিৰ্মাণ কৰাটো প্ৰয়োজনীয়। ঘৰ এটা সাজিব লাগে বুলিয়েই ঘৰ সজা বাবে যিকোনো মাহ এটা বাছি লোৱা উচিৎ নহয়। বাস্তুৰ বিধান অনুসৰি ঘৰ নিৰ্মাণ কৰিলেহে সুফল পাব। 

গৃহ নিৰ্মাণৰ বাবেসকলো  মাহেই উপযুক্ত মাহ নহয়। বছৰৰ বাৰ মাহৰেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিবৰ্তনৰ লগে লগে পৃথিবীৰ পৰিবেশৰো পৰিৱৰ্তন ঘটে। কেবল সেয়াই নহয় মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱর্তন ঘটে। মাহৰ পৰিৱৰ্তনে প্রাকৃতিক পৰিৱেশৰ পৰিবৰ্তন ঘটোৱাৰ বাবেও গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি।

গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে ব'হাগ মাহ। ব'হাগ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয়।

জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো অশুভ। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোৱাৰ অকাল মৃত্যু ঘটিব পাৰে।

আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো শুভ নহয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে।

শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে।

ভাদ মাহটোও গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয়। ভাদ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থ ঋণগ্রস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সম্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নী বিয়োগৰ যোগ থাকে।





কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক। কাতি মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধি পায়।

আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ। এই মাহত গৃহ নিৰ্মাণ কৰিলে
ধনপ্রাপ্তিৰ যোগ থাকে। লগতে যশ বৃদ্ধি পায়।

পুহ মাহত গৃহ নির্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে। 
মাঘ মাহত গৃহ নির্মাণ নকৰাই ভাল কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে আগ্নি ভয় থাকে।

ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম। এই মাহত গৃহ নির্মাণ কৰিলে পুত্র লাভ হয়।

চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে।

যদি কোনো কাৰণত  বাবে অশুভ মাহতো ঘৰৰ কাম আৰম্ভ কৰিবলগীয়া হয়  তেন্তে সেই মাহক দোষমুক্ত কৰি ল'ব লাগিব। দোষমুক্ত মাহত যদি গৃহস্থৰ ৰাশিচক্ৰৰ অৱস্থান শুভ থাকে তেন্তে উপযুক্ত ভূমি পূজনৰ জৰিয়তে গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰি বুলি বাস্তুই বিধান দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান