--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ ৰূপ লৈছে চুডানৰ সংঘৰ্ষ৷ দেশখনত চলি থকা সংঘাতৰ ফলত চুডানৰ ৰাজধানী খাৰ্টুমৰ এখন অনাথ আশ্ৰমত আৱদ্ধ হৈ থকা বিভিন্ন বয়সৰ ৬০ই শিশুৰ মৃত্যু হৈছে। যোৱা ছয় সপ্তাহ ধৰি তেওঁলোক তাতেই আৱদ্ধ হৈ আছিল।

খাদ্যৰ অভাৱ আৰু জ্বৰৰ বাবে অধিকাংশ শিশুৰ মৃত্যু হয়। মাত্ৰ দুদিনৰ ভিতৰতে তেওঁলোকৰ ২৬ জনে প্ৰাণ হেৰুৱাইছে।

খাৰ্টুমৰ আল-মাইকোমা অনাথ আশ্ৰমৰ এক ডজনৰো অধিক চিকিৎসক, স্বেচ্ছাসেৱক, স্বাস্থ্য বিষয়া আৰু কৰ্মচাৰীয়ে শিশুসকলৰ দুৰ্দশাৰ তথ্য সদৰী কৰিছে।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই কেইবা ডজন নথি-পত্ৰ, ছবি আৰু ভিডিঅ’ পৰ্যালোচনা কৰি অনাথ আশ্ৰমখনৰ পুতৌজনক অৱস্থাৰ প্ৰমাণ বিচাৰি পাইছে।

কৰ্মীসকলে তোলা ভিডিঅ’টোত দেখা গৈছে যে বগা চাদৰেৰে মেৰিয়াই লোৱা শিশুসকলৰ মৃতদেহ সমাধিৰ বাবে অপেক্ষা কৰি আছে। আন আন ফুটেজত কেৱল ডায়েপাৰ পিন্ধা দুডজন শিশুৱে এটা কোঠাৰ মজিয়াত বহি আছে। বহুতে কান্দিছে। মহিলা কৰ্মীসকলে তেওঁলোকৰ কন্দা বন্ধ কৰিবলৈ চেষ্টা কৰিছে।

যোৱা সপ্তাহত ওচৰৰ গোলাবৰ্ষণৰ সময়ত অনাথ আশ্ৰমখনৰ এক বৃহৎ অংশ ধোঁৱাৰে আবৃত হোৱা বুলি এজন কৰ্মীয়ে জানিবলৈ দিয়ে। পিছত শিশুবোৰক তাৰ পৰা আঁতৰাই ডাঙৰ কোঠা এটাত ৰখা হয় ।

স্বেচ্ছাসেৱক আফকাৰ ওমৰ মোস্তাফাই টেলিফোনিক সাক্ষাৎকাৰত কয় যে পৰিস্থিতি বিপৰ্যয়জনক। যুদ্ধৰ প্ৰথম দিনাৰ পৰাই আমি এনেকুৱা কিবা এটা আংশকা কৰিছিলো।

যোৱা ২৭ মে’ত ১৪টা শিশুৰ মৃত্যু হয় আৰু পিছদিনা আৰু ১২টা শিশুৰ মৃত্যু হয়। ইয়াকে লৈ ছচিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছিল।

তাৰ পিছত ২৯ মে’ত ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা, ইউনিচেফ আৰু ৰেডক্ৰছে অনাথ আশ্ৰমখনক খাদ্য আৰু ঔষধ যোগান ধৰে।

অনাথ আশ্ৰমৰ কৰ্মীসকলে আৰু অধিক শিশুৰ মৃত্যু হ’ব পাৰে বুলি সকীয়াই দিয়ে। যুদ্ধবিধ্বস্ত খাৰ্টুমৰ পৰা শিশুসকলক অতি সোনকালে উলিয়াই আনিব লাগে বুলি আহ্বান জনাইছে।

উল্লেখ্য যে ১৫ এপ্ৰিলৰ পৰা দেশত প্ৰতিদ্বন্দ্বী সামৰিক ফৈদৰ মাজত যুদ্ধ চলি আহিছে, যাৰ ফলত খাৰ্টুম আৰু অন্যান্য চহৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ