--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়াৱহ ৰূপ লৈছে চুডানৰ সংঘৰ্ষ৷ দেশখনত চলি থকা সংঘাতৰ ফলত চুডানৰ ৰাজধানী খাৰ্টুমৰ এখন অনাথ আশ্ৰমত আৱদ্ধ হৈ থকা বিভিন্ন বয়সৰ ৬০ই শিশুৰ মৃত্যু হৈছে। যোৱা ছয় সপ্তাহ ধৰি তেওঁলোক তাতেই আৱদ্ধ হৈ আছিল।

খাদ্যৰ অভাৱ আৰু জ্বৰৰ বাবে অধিকাংশ শিশুৰ মৃত্যু হয়। মাত্ৰ দুদিনৰ ভিতৰতে তেওঁলোকৰ ২৬ জনে প্ৰাণ হেৰুৱাইছে।

খাৰ্টুমৰ আল-মাইকোমা অনাথ আশ্ৰমৰ এক ডজনৰো অধিক চিকিৎসক, স্বেচ্ছাসেৱক, স্বাস্থ্য বিষয়া আৰু কৰ্মচাৰীয়ে শিশুসকলৰ দুৰ্দশাৰ তথ্য সদৰী কৰিছে।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই কেইবা ডজন নথি-পত্ৰ, ছবি আৰু ভিডিঅ’ পৰ্যালোচনা কৰি অনাথ আশ্ৰমখনৰ পুতৌজনক অৱস্থাৰ প্ৰমাণ বিচাৰি পাইছে।

কৰ্মীসকলে তোলা ভিডিঅ’টোত দেখা গৈছে যে বগা চাদৰেৰে মেৰিয়াই লোৱা শিশুসকলৰ মৃতদেহ সমাধিৰ বাবে অপেক্ষা কৰি আছে। আন আন ফুটেজত কেৱল ডায়েপাৰ পিন্ধা দুডজন শিশুৱে এটা কোঠাৰ মজিয়াত বহি আছে। বহুতে কান্দিছে। মহিলা কৰ্মীসকলে তেওঁলোকৰ কন্দা বন্ধ কৰিবলৈ চেষ্টা কৰিছে।

যোৱা সপ্তাহত ওচৰৰ গোলাবৰ্ষণৰ সময়ত অনাথ আশ্ৰমখনৰ এক বৃহৎ অংশ ধোঁৱাৰে আবৃত হোৱা বুলি এজন কৰ্মীয়ে জানিবলৈ দিয়ে। পিছত শিশুবোৰক তাৰ পৰা আঁতৰাই ডাঙৰ কোঠা এটাত ৰখা হয় ।

স্বেচ্ছাসেৱক আফকাৰ ওমৰ মোস্তাফাই টেলিফোনিক সাক্ষাৎকাৰত কয় যে পৰিস্থিতি বিপৰ্যয়জনক। যুদ্ধৰ প্ৰথম দিনাৰ পৰাই আমি এনেকুৱা কিবা এটা আংশকা কৰিছিলো।

যোৱা ২৭ মে’ত ১৪টা শিশুৰ মৃত্যু হয় আৰু পিছদিনা আৰু ১২টা শিশুৰ মৃত্যু হয়। ইয়াকে লৈ ছচিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছিল।

তাৰ পিছত ২৯ মে’ত ৰাষ্ট্ৰসংঘৰ শিশু সংস্থা, ইউনিচেফ আৰু ৰেডক্ৰছে অনাথ আশ্ৰমখনক খাদ্য আৰু ঔষধ যোগান ধৰে।

অনাথ আশ্ৰমৰ কৰ্মীসকলে আৰু অধিক শিশুৰ মৃত্যু হ’ব পাৰে বুলি সকীয়াই দিয়ে। যুদ্ধবিধ্বস্ত খাৰ্টুমৰ পৰা শিশুসকলক অতি সোনকালে উলিয়াই আনিব লাগে বুলি আহ্বান জনাইছে।

উল্লেখ্য যে ১৫ এপ্ৰিলৰ পৰা দেশত প্ৰতিদ্বন্দ্বী সামৰিক ফৈদৰ মাজত যুদ্ধ চলি আহিছে, যাৰ ফলত খাৰ্টুম আৰু অন্যান্য চহৰ যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য