--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া মানুহে ঘৰতে বনোৱা খাদ্য খাই বিৰক্ত হয়, তেতিয়া তেওঁলোকে প্ৰায়ে ৰেষ্টুৰেণ্টলৈ গতি কৰে, যাতে খাবলৈ নতুন আৰু সোৱাদযুক্ত কিবা এটা পাব পাৰে। আমি সকলোৱে কেতিয়াবা মুখৰ সোৱাদ সলনি কৰিবলৈ ৰেষ্টুৰেণ্টৰ ব্যঞ্জন খাবলৈ যাওঁ। কিন্তু জীৱিত জন্তুৱে ডুব যোৱা ৰেষ্টুৰেণ্ট এখনত যদি আপোনাক কিবা এটা খাবলৈ দিয়া হয় তেন্তে কি হ’ব? এই কথা শুনি আপোনাৰ নিশ্চয় অদ্ভুত অনুভৱ হৈছে, কিন্তু সঁচাই এনে ঘটনা সংঘটিত হৈছে৷

আচলতে আজিকালি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত মানুহৰ খাদ্যৰ পৰা এটা ভেকুলী জীৱিত অৱস্থাত ওলাই আহিছে। এই গোটেই ঘটনাটো জাপানৰ এখন ৰেষ্টুৰেণ্টৰ, য’ত এজন ব্যক্তিয়ে নুডলছৰ অৰ্ডাৰ দিছিল। নুডলছ আহি পোৱাৰ লগে লগে মানুহজনে খাবলৈ ধৰিলে। নুডলছৰ কাপটো শেষ হ’বলৈ ওলোৱাৰ সময়ত মানুহজনে দেখিলে যে তাত এটা অদ্ভুত বস্তু ওপঙি ফুৰিছে। মানুহজনে যেতিয়া সেইটো ভালদৰে চালে, তেতিয়া তেওঁৰ হতচকিত হৈ পৰিল। কাৰণ সেই বস্তুটো আছিল এটা জীয়াই থকা বেং।


এই ভিডিঅ'টো টুইটাৰত @kaito09061 নামৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত প্ৰায় ৭০ লাখ ভিউ আহিছে। আনহাতে ১৮ হাজাৰৰো অধিক লোকে ভাল পাইছে। এইটো নিশ্চিতভাৱে এটা চাঞ্চল্যকৰ ভিডিঅ'। ভিডিঅ’টোৰ কমেণ্টত মানুহে ৰেষ্টুৰেণ্টখনৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস