--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত দেখা গৈছে এটা অভূতপূৰ্ব দৃশ্য৷ ইজনৰ পিছত সিজন যুৱকে এৰিছে ম্যানমাৰৰ সেনা বাহিনী।  তচনচ কৰি পেলাইছে ম্যানমাৰ সেনাবাহিনী। আনকি নতুনকৈও কোনো যুৱক-যুৱতীয়ে সেনাত যোগদান কৰিবলৈ প্ৰকাশ কৰা নাই আগ্ৰহ।

দেশৰ গণতন্ত্ৰৰ সমৰ্থক সকলৰ সৈতে জন্টা চৰকাৰে যুদ্ধত লিপ্ত হোৱাৰ বাবেই সেনা বাহিনীত থকাৰ আগ্ৰহো হেৰুৱাই পেলাইছে সৈনিকসকলে।

শেহতীয়াকৈ সেনা বাহিনীৰ পৰা পলায়ন কৰা নে আং নামৰ এজন সৈনিকে সংবাদ মাধ্যম বিবিচিক জনোৱা মতে, দুবছৰ পূৰ্বে অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰা জন্টা চৰকাৰে সশস্ত্ৰ গণতন্ত্ৰ সমৰ্থক বাহিনীৰ বিদ্ৰোহ দমন কৰিবলৈ সংগ্ৰাম কৰি আছে। এই পৰিস্থিতিত কোনেও সামৰিক বাহিনীত যোগদান কৰিব নিবিচাৰে। দেশৰ চৰকাৰৰ বৰ্বৰতা আৰু অন্যায়ক সেনা জোৱানসকলে ঘৃণা কৰে।

তেওঁ কয় যে প্ৰথমবাৰ তেওঁ সেনাৰ ঘাটি এৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক ৰাইফলৰ নলীৰে বেয়াকৈ প্ৰহাৰ কৰা হৈছিল আৰু তেওঁক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছিল। পিছত দ্বিতীয়বাৰৰ চেষ্টাত তেওঁ পলায়ন কৰিবলৈ সক্ষম হয়। বিৰোধী দলৰ সমৰ্থনত সীমান্ত পাৰ হৈ থাইলেণ্ডলৈ পলায়ন কৰে নে আউঙে। তেওঁ এতিয়া তেওঁৰ দৰে আন ১০০ জন পলায়নকাৰী সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে এটা নিৰাপদ ঘৰত থাকে।

ম্যানমাৰৰ ৰাষ্ট্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ জন্টা চৰকাৰে সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছত ১৩ হাজাৰতকৈ অধিক সৈনিক আৰু আৰক্ষীয়ে দেশ এৰি পলায়ন কৰিছে। নগদ ধনৰ প্ৰৰোচনা আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন প্ৰলোভন দিয়াৰ পিছতো চৰকাৰে তেওঁলোকক সামৰিক বাহিনীত ৰাখিব নোৱাৰিলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ