--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ম্যানমাৰত দেখা গৈছে এটা অভূতপূৰ্ব দৃশ্য৷ ইজনৰ পিছত সিজন যুৱকে এৰিছে ম্যানমাৰৰ সেনা বাহিনী।  তচনচ কৰি পেলাইছে ম্যানমাৰ সেনাবাহিনী। আনকি নতুনকৈও কোনো যুৱক-যুৱতীয়ে সেনাত যোগদান কৰিবলৈ প্ৰকাশ কৰা নাই আগ্ৰহ।

দেশৰ গণতন্ত্ৰৰ সমৰ্থক সকলৰ সৈতে জন্টা চৰকাৰে যুদ্ধত লিপ্ত হোৱাৰ বাবেই সেনা বাহিনীত থকাৰ আগ্ৰহো হেৰুৱাই পেলাইছে সৈনিকসকলে।

শেহতীয়াকৈ সেনা বাহিনীৰ পৰা পলায়ন কৰা নে আং নামৰ এজন সৈনিকে সংবাদ মাধ্যম বিবিচিক জনোৱা মতে, দুবছৰ পূৰ্বে অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰা জন্টা চৰকাৰে সশস্ত্ৰ গণতন্ত্ৰ সমৰ্থক বাহিনীৰ বিদ্ৰোহ দমন কৰিবলৈ সংগ্ৰাম কৰি আছে। এই পৰিস্থিতিত কোনেও সামৰিক বাহিনীত যোগদান কৰিব নিবিচাৰে। দেশৰ চৰকাৰৰ বৰ্বৰতা আৰু অন্যায়ক সেনা জোৱানসকলে ঘৃণা কৰে।

তেওঁ কয় যে প্ৰথমবাৰ তেওঁ সেনাৰ ঘাটি এৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক ৰাইফলৰ নলীৰে বেয়াকৈ প্ৰহাৰ কৰা হৈছিল আৰু তেওঁক বিশ্বাসঘাতক বুলি অভিহিত কৰা হৈছিল। পিছত দ্বিতীয়বাৰৰ চেষ্টাত তেওঁ পলায়ন কৰিবলৈ সক্ষম হয়। বিৰোধী দলৰ সমৰ্থনত সীমান্ত পাৰ হৈ থাইলেণ্ডলৈ পলায়ন কৰে নে আউঙে। তেওঁ এতিয়া তেওঁৰ দৰে আন ১০০ জন পলায়নকাৰী সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে এটা নিৰাপদ ঘৰত থাকে।

ম্যানমাৰৰ ৰাষ্ট্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰৰ জন্টা চৰকাৰে সামৰিক অভ্যুত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পিছত ১৩ হাজাৰতকৈ অধিক সৈনিক আৰু আৰক্ষীয়ে দেশ এৰি পলায়ন কৰিছে। নগদ ধনৰ প্ৰৰোচনা আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন প্ৰলোভন দিয়াৰ পিছতো চৰকাৰে তেওঁলোকক সামৰিক বাহিনীত ৰাখিব নোৱাৰিলে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস