--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত৷  এনে সময়তে বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৩৫০ খনতকৈও অধিক আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা বিজেপিৰ দুদিনীয়া বৈঠক উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই বছৰৰ জানুৱাৰীৰ পৰা প্ৰতিখন ৰাজ্য ভ্ৰমণ আৰম্ভ কৰিব। এয়া  ৰাজনৈতিক বা চৰকাৰী কাৰ্যসূচী হ'ব পাৰে। বিজেপিয়ে নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে বুলিও মোদীয়ে কয়৷  বৈঠকত মোদীয়ে কয় "দেশৰ দুৰ্নীতিগ্ৰস্ত দলসমূহে মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে পৰিয়ালতন্ত্ৰত  বিশ্বাস কৰে’’।  

বংগ, বিহাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিজেপিয়ে  যোৱাবাৰতকৈ অধিক আসন লাভ কৰিব বুলি মোদীয়ে আশা প্ৰকাশ কৰে। বৈঠকৰ প্ৰথম দিনা তেওঁ ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক (সংগঠন)সকলৰ  সৈতেও  কথা পাতে৷   আজিৰ দিনটোতে, মোদীয়ে প্ৰকৃততে দলৰ ভিতৰত নিৰ্বাচনৰ জয়ঢোল বজায়। বৈঠকৰ শুভাৰম্ভ কৰি তেওঁ সভাত উপস্থিত কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে যে ইতিমধ্যে ১৬০ খন আসনত সাংগঠনিক দুৰ্বলতা চিনাক্ত কৰা হৈছে। এতিয়াৰে পৰা বিজেপিয়ে সেই আসনকেইখনৰ  বাবে  প্ৰচাৰ অভিযানত জঁপিয়াই পৰিব লাগিব।

সকলোৱে পৰৱৰ্তী কেইমাহমানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলিও মোদীয়ে কয়।মোদীয়ে লগতে কয়  "তৃণমূল পৰ্যায়ৰ কৰ্মীসকল দলটোৰ সম্পদ। তেওঁলোকে দায়িত্বশীলতাৰে কাম কৰিব লাগিব। তেওঁলোকে কেনেকৈ মানুহৰ ওচৰলৈ যাব বা তেওঁলোকে কি ক'ব সেয়া সময়মতে ঠিক কৰি ল’ব লাগিব। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সকলো কৰ্মীকে  নেতৃত্বৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ মোদীয়ে আহ্বান জনায়৷  মোদীয়ে দক্ষিণ আৰু পূবৰ কিছুমান ৰাজ্যত দলটোৰ সাংগঠনিক দুৰ্বলতাৰ বিষয়ে উল্লেখ কৰে । তেওঁ নিৰ্দেশ দিয়ে  যে এই ৰাজ্যসমূহত প্ৰচাৰৰ ক্ষেত্ৰত কোনো বিসংগতি  থাকিব নালাগে।


 জে পি নাড্ডা আৰু বিএল সন্তোষেও   ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক আৰু পৰ্যবেক্ষকৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব। যিহেতু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সময়ত বংগৰ নাম উল্লেখ কৰিছিল, সেয়েহে আলোচনাত বংগ বিজেপিক অধিক গুৰুত্ব দিয়া হ'ব বুলি সূত্ৰটোৱে  জনায়। অমিত শ্বাহে মঙলবাৰে কলকাতালৈ যাব । জানিব পৰা মতে তেওঁ বিজেপিৰ ৰাজ্যিক নেতা সকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক