--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচন সমাগত৷  এনে সময়তে বিজেপিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ৩৫০ খনতকৈও অধিক আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা বিজেপিৰ দুদিনীয়া বৈঠক উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ এই বছৰৰ জানুৱাৰীৰ পৰা প্ৰতিখন ৰাজ্য ভ্ৰমণ আৰম্ভ কৰিব। এয়া  ৰাজনৈতিক বা চৰকাৰী কাৰ্যসূচী হ'ব পাৰে। বিজেপিয়ে নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে বুলিও মোদীয়ে কয়৷  বৈঠকত মোদীয়ে কয় "দেশৰ দুৰ্নীতিগ্ৰস্ত দলসমূহে মিত্ৰতা গঢ়ি তুলিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে পৰিয়ালতন্ত্ৰত  বিশ্বাস কৰে’’।  

বংগ, বিহাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিজেপিয়ে  যোৱাবাৰতকৈ অধিক আসন লাভ কৰিব বুলি মোদীয়ে আশা প্ৰকাশ কৰে। বৈঠকৰ প্ৰথম দিনা তেওঁ ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক (সংগঠন)সকলৰ  সৈতেও  কথা পাতে৷   আজিৰ দিনটোতে, মোদীয়ে প্ৰকৃততে দলৰ ভিতৰত নিৰ্বাচনৰ জয়ঢোল বজায়। বৈঠকৰ শুভাৰম্ভ কৰি তেওঁ সভাত উপস্থিত কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে যে ইতিমধ্যে ১৬০ খন আসনত সাংগঠনিক দুৰ্বলতা চিনাক্ত কৰা হৈছে। এতিয়াৰে পৰা বিজেপিয়ে সেই আসনকেইখনৰ  বাবে  প্ৰচাৰ অভিযানত জঁপিয়াই পৰিব লাগিব।

সকলোৱে পৰৱৰ্তী কেইমাহমানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলিও মোদীয়ে কয়।মোদীয়ে লগতে কয়  "তৃণমূল পৰ্যায়ৰ কৰ্মীসকল দলটোৰ সম্পদ। তেওঁলোকে দায়িত্বশীলতাৰে কাম কৰিব লাগিব। তেওঁলোকে কেনেকৈ মানুহৰ ওচৰলৈ যাব বা তেওঁলোকে কি ক'ব সেয়া সময়মতে ঠিক কৰি ল’ব লাগিব। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে সকলো কৰ্মীকে  নেতৃত্বৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ মোদীয়ে আহ্বান জনায়৷  মোদীয়ে দক্ষিণ আৰু পূবৰ কিছুমান ৰাজ্যত দলটোৰ সাংগঠনিক দুৰ্বলতাৰ বিষয়ে উল্লেখ কৰে । তেওঁ নিৰ্দেশ দিয়ে  যে এই ৰাজ্যসমূহত প্ৰচাৰৰ ক্ষেত্ৰত কোনো বিসংগতি  থাকিব নালাগে।


 জে পি নাড্ডা আৰু বিএল সন্তোষেও   ৰাজ্যিক সভাপতি, সাধাৰণ সম্পাদক আৰু পৰ্যবেক্ষকৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব। যিহেতু প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সময়ত বংগৰ নাম উল্লেখ কৰিছিল, সেয়েহে আলোচনাত বংগ বিজেপিক অধিক গুৰুত্ব দিয়া হ'ব বুলি সূত্ৰটোৱে  জনায়। অমিত শ্বাহে মঙলবাৰে কলকাতালৈ যাব । জানিব পৰা মতে তেওঁ বিজেপিৰ ৰাজ্যিক নেতা সকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক