--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী মণিশংকৰ বায়ন, নীহাৰ দাস, মন্থন লহকৰ আৰু চাৰ্ভী শ্ৰী বৰ্মণৰ নাম আন্ত:ৰাষ্ট্ৰীয় দবা মহাসংঘই ১ জানুৱাৰী, ২০২৪ ত প্ৰকাশ কৰা ৰেটিং তালিকাত অন্তৰ্ভুক্ত কৰিছে। 

১ জানুৱাৰী, ২০২৪ ৰেটিং তালিকা অনুসৰি মণিশংকৰে ১১৩১, নীহাৰে ১০৬১, মন্থনে ১০২৬ আৰু চাৰ্ভী শ্ৰীয়ে ১০২০  ৰেটিং পইণ্ট লাভ কৰিছে। 

মনিশংকৰ, নীহাৰ আৰু চাৰ্ভী শ্ৰীক  ২০ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ, ২০২৩লৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এছ পি এছ গুৱাহাটী ইণ্ডিয়া মুকলি আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং স্কুল দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে আৰু মন্থনক ১৬ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ, ২০২৩ লৈ শ্বিলঙত অনুষ্ঠিত প্ৰথম  মেঘালয় আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ  দবা প্ৰতিযোগিতাত  ( অনুৰ্দ্ধ ১৬০০) কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে। 

বৰ্তমান মণিশংকৰ, নীহাৰ, মন্থন  আৰু ঢাৰ্ভী শ্ৰীয়ে গুৱাহাটী দবা একাডেমীত  ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই কৃতিত্বৰ বাৱে একাডেমিৰ মুখ্য  প্ৰশিক্ষক  প্ৰণৱ কুমাৰ নাথে খেলুৱৈ সকলক অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু