--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমিৰ প্ৰশিক্ষাৰ্থী মণিশংকৰ বায়ন, নীহাৰ দাস, মন্থন লহকৰ আৰু চাৰ্ভী শ্ৰী বৰ্মণৰ নাম আন্ত:ৰাষ্ট্ৰীয় দবা মহাসংঘই ১ জানুৱাৰী, ২০২৪ ত প্ৰকাশ কৰা ৰেটিং তালিকাত অন্তৰ্ভুক্ত কৰিছে। 

১ জানুৱাৰী, ২০২৪ ৰেটিং তালিকা অনুসৰি মণিশংকৰে ১১৩১, নীহাৰে ১০৬১, মন্থনে ১০২৬ আৰু চাৰ্ভী শ্ৰীয়ে ১০২০  ৰেটিং পইণ্ট লাভ কৰিছে। 

মনিশংকৰ, নীহাৰ আৰু চাৰ্ভী শ্ৰীক  ২০ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ, ২০২৩লৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এছ পি এছ গুৱাহাটী ইণ্ডিয়া মুকলি আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং স্কুল দবা প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে আৰু মন্থনক ১৬ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰ, ২০২৩ লৈ শ্বিলঙত অনুষ্ঠিত প্ৰথম  মেঘালয় আন্ত:ৰাষ্ট্ৰীয় গ্ৰেণ্ড মাষ্টাৰ  দবা প্ৰতিযোগিতাত  ( অনুৰ্দ্ধ ১৬০০) কৰা প্ৰদৰ্শনৰ ভিত্তিত ৰেটিং প্ৰদান কৰা হৈছে। 

বৰ্তমান মণিশংকৰ, নীহাৰ, মন্থন  আৰু ঢাৰ্ভী শ্ৰীয়ে গুৱাহাটী দবা একাডেমীত  ফিডে ইন্ষ্ট্ৰাক্টৰ প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই কৃতিত্বৰ বাৱে একাডেমিৰ মুখ্য  প্ৰশিক্ষক  প্ৰণৱ কুমাৰ নাথে খেলুৱৈ সকলক অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক