--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিৰাপদ আশ্ৰয় বিচাৰি গুৱাহাটীমুখী হৈছে মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ বিদ্ৰোহী বিধায়কসকল! একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বাতৰিয়ে এতিয়া তোলপাৰ লগাইছে। ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰা মহাৰাষ্ট্ৰৰ পতনোন্মুখ চৰকাৰৰ ভঙা-পতাৰ খেলখন গুৱাহাটীত অনুষ্ঠিত হোৱাৰ চৰ্চাই এতিয়া ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে।

একনাথ সিন্দেৰ নেতৃত্বৰ বিধায়ক দলটোৱে গুৱাহাটীত বাহৰ পাতিব বুলি প্ৰচাৰ হোৱাৰ পাছতে এতিয়া ব্যাপক জল্পনা-কল্পনা চলিছে। কোনে কিদৰে তেওঁলোকক ৰাখিব, কাৰ তত্ত্বাৱধানত কোনখন হোটেলত বিধায়কৰ দলটো থাকিব তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে। অবিজেপি শাসিত ৰাজ্যৰ চৰকাৰ ভঙা-পতাৰ খেলত অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকাৰ বিষয়ে কোনো অবিদিত নহয়। বিশেষকৈ উত্তৰ পূবত তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি দেখিবলৈ পোৱা গৈছে একাধিকবাৰ। কিন্তু এইবাৰ শক্তিশালী মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ গতি পথ অসমৰ প্ৰেক্ষাপটত নিৰ্ধাৰণ হোৱাক লৈ চলা চৰ্চাই বিশেষ চৰ্চা লাভ কৰিছে। অৱশ্যে বিধায়কসকল কেতিয়া আহি পাব আৰু তেওঁলোকক ক’ত ৰখা হ’ব সেই বিষয়ে নিশ্চিত তথ্য লাভ কৰিব পৰা হোৱা নাই।

উল্লেখ্য যে, মহাৰাষ্ট্ৰত একনাথ সিন্দেৰ বিদ্ৰোহৰ পাছত, উদ্ধৱ থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ সংকটৰ গৰাহত পৰিছেসিন্দেৰ সমৰ্থনত কেইবাগৰাকীও বিধায়ক থকা বুলি ধাৰণা কৰা হৈছে আৰু চৰকাৰৰ বাবে এইসকল গভীৰ সংকটৰ কাৰণ হৈ উঠিব পাৰে। ইফালে, এই পৰিস্থিতি সম্পৰ্কত শাসকীয় পক্ষৰ সহযোগী এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে দাবী কৰিছে যে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব আৰু মিত্ৰজোঁট চৰকাৰখনে ইয়াৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব। পৰিস্থিতি চম্ভালাৰ বাবে তৎপৰ হৈ পৰিছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেও। তেওঁ জৰুৰী কেবিনেট বৈঠকৰ আহ্বান জনাইছে আৰু পৰিস্থিতি নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিছে। ইফালে, তেওঁ একনাথ সিন্দেৰ সৈতে কথা পাতিছে বুলি জানিব পৰা গৈছে আৰু তেওঁৰ সকলোধৰণৰ অসন্তুষ্টি আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

এইক্ষেত্ৰত শাৰদ পাৱাৰে কৰা মন্তব্যও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। তেওঁ কৈছে যে,  মিত্ৰতাত কোনো ফাঁট মেলা নাই আৰু থাকৰেৰ নেতৃত্বৰ ওপৰত সকলোৰে সম্পূৰ্ণ বিশ্বাস আছে। ইফালে, এই ৰাজনৈতিক সংকটৰ মাজতে, শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে দাবী কৰিছে যে চৰকাৰ পতন ঘটোৱা চেষ্টাৰ আঁৰত বিজেপিৰ ষড়যন্ত্ৰ আছে। আমাৰ বিধায়কক অপহৰণ কৰি গুজৰাটলৈ লৈ যোৱা হৈছে। তেওঁ দাবী কৰে যে কোনেও শিৱসেনা ভাঙিব নোৱাৰে, সন্ধিয়া পুনৰ বৈঠক অনুষ্ঠিত হ'ব। শিৱসেনাই একনাথ সিন্দেৰ ঠাই পূৰণ কৰিছে আৰু অজয় চৌধুৰীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিছে।

ৰাউতে লগতে কয় যে, একনাথ সিন্দে আমাৰ বন্ধু, যদি তেওঁৰ মনত কিবা বিভ্ৰান্তি বা অসন্তুষ্টিৰ সৃষ্টি হৈছে তেন্তে ইয়াক আঁতৰ কৰা হ'ব। মুম্বাইলৈ আহক, আমি আলোচনাৰ বাবে সাজু। তেওঁ লগতে কয় যে, নজন বিধায়কৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এটা নিৰুদ্দেশ তথ্য দাখিল কৰিছে। সঞ্জয় ৰাউতে বিজেপিৰ চেষ্টা সফল নহ' বুলিও দাবী কৰে


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি