--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাটকীয় ভঙ্গীত ৰাজনৈতিক অস্থিৰতাই জোকাৰি যোৱা মহাৰাষ্ট্ৰত এতিয়া ক্ষমতা হেৰুওৱাৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ। শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত একাংশ বিধায়কে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ গঢ়ি তোলাৰ পিছত এতিয়া উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ পতন ঘটাৰ আশংকাই গা কৰি উঠিছে। প্ৰকাশ্যেই বিজেপিৰ ৰাজনৈতিক কূট কৌশল আৰু ধনবলৰ প্ৰতাপতে মহাৰাষ্ট্ৰত এই ৰাজনৈতিক সংকটে গা কৰি উঠাটো নিশ্চিত হৈ পৰিছে। কিয়নো বিসম্বাদৰ নেতৃত্ব দিয়া সিন্দেই স্পষ্টকৈ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক বিজেপিৰে মিত্ৰতা গঢ়িবলৈ দাবী জনাইছে।

বৰ্তমান গুজৰাটৰ চুৰাটত শিবিৰ পাতি থকা একনাথ সিন্দেসহ বিসম্বাদী বিধায়কসকলক আজি শিৱসেনাৰ নেতা মিলিন্দ নাৰ্ভেকাৰে সাক্ষাৎ কৰিছিল। প্ৰায় দুঘণ্টা ধৰি চলি থকা বৈঠকত মিলিন্দ নাৰ্ভেকাৰে একনাথ সিন্দেক উদ্ধৱ ঠাকৰেৰ সৈতে ফোনযোগে কথা পাতিবলৈ সৈমান কৰায়। 

ঠাকৰেৰ সৈতে প্ৰায় দহ মিনিটৰ বাৰ্তালাপত সিন্দেই একপ্ৰকাৰৰ ভাবুকি দি দাবী কৰে যে তেওঁৰ লগত ৩৫ জন বিধায়ক আছে আৰু  যদি উদ্ধৱ ঠাকৰেই বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু হয়, তেতিয়া শিৱসেনা দলত বিভাজন হোৱাৰ কোনো সুযোগ নাথাকে। 

সিন্দেৰ দাবীৰ পাছতে ঠাকৰেই তেওঁক পুনৰ বিবেচনা কৰিবলৈ আৰু দলীয় মঞ্চলৈ ঘূৰি যাবলৈ আহ্বান জনায় যদিও নিজৰ স্থিতিত আকোঁৰগোজ হৈ থাকে সিন্দে। বিসম্বাদী নেতাগৰাকীয়ে দাবী কৰিছে যে একমাত্ৰ শিৱসেনা দলৰ উন্নতিৰ বাবেই তেওঁ এই পদক্ষেপ লৈছে। লগতে সিন্দেই চুৰাটত বাহৰ পাতি থকা বিধায়কসকলেও শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বিৰোধ কৰে বুলি দাবী কৰে।

সিন্দেই কয় যে তেওঁ এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই বা কোনো নথিত স্বাক্ষৰ কৰা নাই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনৰ প্ৰতিও তেওঁৰ কোনো লালসা নাই বুলিও সিন্দেই ঠাকৰেক ফোনযোগে জনায়।

অৱশ্যে সিন্দেৰ এই দাবীৰ পিছতো উদ্ধৱ ঠাকৰেই বিসম্বাদী বিধায়কসকল পুনৰ ঘূৰি অহাৰ আশা প্ৰকাশ কৰে। "আমি একনাথ সিন্দেক কি প্ৰয়োজন সেয়া বুজিবলৈ চেষ্টা কৰি আছো। তেওঁলোক ঘূৰি আহিব। সকলো বিধায়ক সোনকালেই আমাৰ সৈতে লগ লাগিব। এনচিপি আৰু কংগ্ৰেছো আমাৰ সৈতে আছে।"- আজি সন্ধিয়া বিধায়কসকলৰ সৈতে এক বৈঠকত উদ্ধৱ ঠাকৰেয়ে কয়।

উল্লেখ্য যে বিজেপিৰ সৈতে দীৰ্ঘদিনীয়া মিত্ৰতা ভংগ কৰি শিৱসেনাই এনচিপি আৰু কংগ্ৰেছৰ সৈতে নতুন মিত্ৰতাত বান্ধ খাই ২০১৯ চনত মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰিছিল। তেতিয়াৰ পৰাই কেন্দ্ৰত শাসকীয় বিজেপি চৰকাৰ তথা দলৰ ঘোৰ বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে সেনাই।

কিন্তু ইয়াৰ পাছতে হঠাতে এতিয়া এই নাটকীয় পট পৰিবৰ্তনে শিৱসেনাৰ ভেঁটিত কঁপনি তুলিছে। শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে অভিযোগ কৰিছে যে বিজেপিয়ে ৰাজস্থানৰ পিছতে মহাৰাষ্ট্ৰত ‘অপাৰেচন লটাচ’ আৰম্ভ কৰিছে। কিন্তু বিজেপিৰ এই উদ্দেশ্য কোনোপধ্যেই সফল নহ’ব বুলি ৰাউটে দাবী কৰে। 

ৰাউটৰ এই অভিযোগৰ সত্যতা নথকা নহয়। এই ৰাজনৈতিক সংকটৰ পৃষ্ঠভাগত যে বিজেপিৰ মুখ্য ভূমিকা আছে খোদ মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিৰ দ্বাৰাই নিশ্চিত হৈছে। মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে এই অস্থিৰতাৰ সময়তে মুকলিকৈ সিন্দেৰ সৈতে সহযোগ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে।

ইফালে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছ এই সমগ্ৰ ঘটনাৰ আঁৰত আছে বুলিও সন্দেহ কৰা হৈছে। ফাড়নাভিছ বৰ্তমান দিল্লীত আছে আৰু আজি তেওঁ দিল্লী বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ মূল কাণ্ডাৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে। ফাড়নাভিছে সেনাৰ বিসম্বাদী নেতা সিন্দেক চুৰাটলৈ স্থানান্তৰিত কৰাত সহায় কৰা বুলি অভিযোগ উঠিছে।

তদুপৰি যোৱা নিশা ঘোষিত মহাৰাষ্ট্ৰৰ এমএলচি নিৰ্বাচনতো সেনাৰ বিধায়কসকলে বিজেপিক ক্ৰছ-ভোট দিয়াৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে। এতিয়া সিন্দেৰ মুকলি বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰৰ স্থায়ীত্বৰ ওপৰত সন্দেহ ঘনীভূত হোৱাটো স্বাভাৱিক। অৱশ্যে ঠাকৰে চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন। আনহাতে জি-২২ অবিহনে ঠাকৰেৰ চৰকাৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ১৩৩ সদস্যৰ ওচৰত আছে।

ইতিমধ্যে সিন্দেই তেওঁৰ লগত ৩৫ জন সদস্য আছে বুলি দাবী কৰিছে। এই আটাইকেইজনৰ সমৰ্থন লাভ কৰিলে বিজেপিয়ে ধনবলৰ যোগেৰে আন দুজন বিধায়কক নিজৰ সমৰ্থনলৈ অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 

বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ যোগেদি অবিজেপি চৰকাৰ থকা ৰাজ্যসমূহত চৰকাৰ ভঙা-পতাৰ নিকৃষ্ট পৰম্পৰা গঢ়ি তুলিছে। এনেদৰে ধনবলৰ যোগেদি চৰকাৰ উত্থান-পতন নিৰূপণৰ যি এই নিকৃষ্ট ৰাজনীতি বিজেপিয়ে চলাই আহিছে, ই ভাৰতীয় গণতান্ত্ৰিক আৰু সংসদীয় ৰাজনৈতিক ব্যৱস্থাটোক এক প্ৰহসনত পৰিণত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি