--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত গৰুড় পুৰাণক মহাপুৰাণ বুলি গণ্য কৰা হয়। গৰুড় পুৰাণত এনে কিছুমান অভ্যাসৰ কথা কোৱা হৈছে, যাৰ পৰা সদায় আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। এজন ব্যক্তিৰ এই বেয়া অভ্যাসবোৰে মাতৃ লক্ষ্মীৰ খং উঠায় আৰু সেয়ে সদায় ব্যক্তিজনৰ টকাৰ অভাৱ হয়। সেই কামবোৰ কি কি জানো আহক, যিবোৰ কাম কৰিলে মা লক্ষ্মীৰ খং উঠে।

তিতা কথাঃ আনক তিতা কথা কোৱা লোকক মা লক্ষ্মীয়ে কেতিয়াও ভাল নাপায়। ধন-সম্পত্তিৰ দেৱী মাতৃ লক্ষ্মীয়ে কেতিয়াও বেয়া বাক্য বা তিক্ত কথা কোৱা মানুহক দয়া নকৰে। সেইবাবেই সদায় ভদ্ৰ হওক আৰু সৰু-বৰ সকলোকে সন্মানেৰে ব্যৱহাৰ কৰক।

লেতেৰা কাপোৰ পিন্ধা মানুহঃ লেতেৰা কাপোৰ পিন্ধি লেতেৰাত জীয়াই থকা সকলৰ ওপৰত মাতৃ লক্ষ্মীৰ সদায় খং কৰে। এনে মানুহৰ জীৱনত কেতিয়াও আশীৰ্বাদ নাহে। যিমানেই কষ্ট নকৰক কিয় জীৱনত সুখ আৰু সমৃদ্ধি নাথাকে। মা লক্ষ্মীয়ে এই লোকসকলক কেতিয়াও আশীৰ্বাদ নিদিয়ে। সেইবাবেই প্ৰতিদিনে গা ধুব লাগে, চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে।

দেৰিলৈকে শুই থকা মানুহ: বহু দেৰিলৈকে শুই থকা মানুহে জীৱনত কেতিয়াও সুখ, সফলতা, সমৃদ্ধি আৰু সুস্বাস্থ্য উপভোগ কৰিব নোৱাৰে। এনে লোকে দুখ আৰু দৰিদ্ৰতাত জীৱন কটায়। একেদৰে সূৰ্যাস্তৰ সময়ত শুই থকা লোকসকলৰ ওপৰতো মাতৃ লক্ষ্মীৰ খং উঠে। তেওঁ কেতিয়াও এনে ঘৰত বাস নকৰে, য’ত মানুহে সন্ধিয়া শুই থাকে কাৰণ এই সময় ঘৰত মা লক্ষ্মীৰ আগমনৰ সময়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ