ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত পৰিয়ালৰ সদস্যৰ মৃত্যুৰ পাছত ঘৰতে গৰুড় পুৰাণ পাঠ কৰা হয়। গৰুড় পুৰাণক মহাপুৰাণৰ মৰ্যাদা দিয়া হৈছে। ইয়াত জন্ম, মৃত্যু, পুনৰ্জন্ম, কৰ্মৰ ফল, মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ইয়াত স্বৰ্গ আৰু নৰকৰ বিষয়েও কোৱা হৈছে, এজন ব্যক্তিয়ে নিজৰ কৰ্মৰ ভিত্তিত মৃত্যুৰ পিছত কেনেধৰণৰ দুখ-কষ্ট বা সুখৰ সন্মুখীন হ’বলগীয়া হয় সেইবিষয়ে উল্লেখ আছে। প্ৰাপ্তবয়স্কৰ বাহিৰেও গৰুড় পুৰাণত শিশুৰ মৃত্যু আৰু শিশুৰ আত্মা সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে।
শিশুৰ আত্মা পোনে পোনে স্বৰ্গলৈ যায়
গৰুড় পুৰাণৰ মতে প্ৰাপ্তবয়স্কৰ মৃত্যুৰ পিছত তেওঁৰ আত্মা হয় স্বৰ্গ বা নৰকলৈ যায় নহয় মুক্তি নাপায় পৃথিৱীতে অতৃপ্ত হৈ ঘূৰি ফুৰে। ব্যক্তিজনৰ কৰ্মৰ ভিত্তিত তেওঁৰ আত্মাই উপযুক্ত ব্যৱহাৰ লাভ কৰে। যদি তেওঁ বেয়া কাম কৰিছে তেন্তে তেওঁ অতি বেদনাদায়ক মৃত্যু পায় আৰু আত্মাইও বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। আনহাতে, ভাল কাম কৰা ব্যক্তিয়ে সহজ মৃত্যু পায় আৰু তেওঁৰ আত্মাই স্বৰ্গত স্থান লাভ কৰে। আনহাতে শিশুৰ মৃত্যু হ’লে তেওঁৰ আত্মা মৃত্যু পোনে পোনে স্বৰ্গলৈ যায়।
১৫ বছৰৰ তলৰ সকলো ল’ৰা-ছোৱালী স্বৰ্গলৈ যায়
গৰুড় পুৰাণৰ মতে ১৫ বছৰতকৈও কম বয়সত মৃত্যু হ’লে সেই আত্মা পোনে পোনে স্বৰ্গলৈ যায়। ১৫ বছৰৰ তলৰ ল’ৰা-ছোৱালীক শিশুৰ শ্ৰেণীত গণ্য কৰা হয়। এই বয়সৰ সকলো আত্মাই স্বৰ্গত স্থান পায়। শিশু নিস্পাপ থাকে আৰু স্বয়ং ভগৱান বিষ্ণুৱে শিশুৰ আত্মাৰ বাবে পোনপটীয়াকৈ স্বৰ্গৰ দুৱাৰ মুকলি কৰি ৰাখে। সেইবাবেই ল’ৰা-ছোৱালীয়ে নিজৰ কৰ্মৰ ভিত্তিত নহয় বয়সৰ ভিত্তিত স্বৰ্গত স্থান পায়।