--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ সাজত নিজকে চাব নিবিচৰা যুৱতী হয়তো পৃথিৱীতে নাই। সেই বিশেষ দিনটোক লৈ প্ৰতিগৰাকী যুৱতীৰে থাকে অনন্ত স্বপ্ন। সেই সপোনক বাস্তৱ ৰূপ দিবলৈও থাকে নানা পৰিকল্পনা তথা ভৱিষ্যতৰ আঁচনি । কিন্তু যদি কোনো কাৰণত আকাংক্ষিত সেই বিশেষ দিনটো এবাৰ নহয়, দুবাৰ পিছুৱাই দিয়া হয়? তেতিয়া খং উঠাটো একপ্ৰকাৰ স্বাভাৱিক। এইবাৰ এনে কেতবোৰ কাৰণতে ক্ষুব্ধ হৈ এগৰাকী যুৱতীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি । জানিবলৈ পোৱা মতে, আমেৰিকা নিবাসী যুৱতীগৰাকীয়ে কৰ’নাৰ মহামাৰীৰ বাবে চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত তৃতীয়বাৰৰ বাবে বিবাহৰ দিন ধাৰ্য কৰিছিল। ইয়াৰ পূৰ্বে দুবাৰকৈ পিছুৱাব লগীয়া হৈছে বিবাহৰ দিন। কিন্তু এইবাৰো ৱাটত লাগিল কেনা। কৰ’না অতিমাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ বাবে, যুৱতীগৰাকীৰ পিতৃ আৰু হ’বলগীয়া শাহুৱেক আক্ৰান্ত হৈছে ক’ভিডত ।

ফলস্বৰূপে তেওঁলোকে উপস্থিত থাকিব নোৱাৰে বিবাহ অনুষ্ঠানত। সেইবাবে মনটো মৰা যুৱতীগৰাকীৰ। আমন-জিমনকৈ বহি থকা যুৱতীগৰাকীয়ে ল’লে বিশেষ পন্থা। বিয়ালৈ মাজত মাত্ৰ ৯ দিন থাকোতেই প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ বুলি লিখিলে চিঠি । পত্ৰখনত যুৱতীগৰাকীয়ে লিখিছে যে, ‘অ’মিক্ৰনৰ বাবে অত্যাধিক শংকিত হৈ পৰিছে বৃদ্ধাসকল। ৫৫ জন লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰা হৈছে। এতিয়া বিয়াত এজনো অতিথি নাহিলে ইয়াৰ ক্ষতিপূৰণ কোনে দিব?’ কেৱল সেয়াই নহয়, বিয়াৰ বাবে ফুলৰ অৰ্ডাৰো দিয়া হৈছে। মতা হৈছে বেণ্ডপাৰ্টীৰ এটা দল। অতিথিসকলৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছিল যাৱতীয় ব্যৱস্থা। বিয়াৰ পোছাকো ক্ৰয় কৰা বুলি চিঠিখনত সদৰী কৰিছে যুৱতীগৰাকীয়ে।


উল্লেখ্য যে, বৰ্তমান ইউকেত অ’মিক্ৰনৰ পৰিস্থিতি কিছু পৰিমানে সন্তুলিত অৱস্থাত আছে। দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সকলোকে সাৱধানে থাকিবলৈ সতৰ্ক কৰিও দিছে। ইয়াৰ মাজতে যুৱতীগৰাকীৰ চিঠিখনে ভবাই তুলিছে সকলোকে। প্ৰধানমন্ত্ৰীৰ পৰা চিঠিখনৰ উত্তৰ আহে নে নাই ক’ব নোৱাৰিলেও এটা কথা ঠিক কৰ’না মহামাৰীয়ে যে সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে সেইটো ঠিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ