--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিয়াৰ সাজত নিজকে চাব নিবিচৰা যুৱতী হয়তো পৃথিৱীতে নাই। সেই বিশেষ দিনটোক লৈ প্ৰতিগৰাকী যুৱতীৰে থাকে অনন্ত স্বপ্ন। সেই সপোনক বাস্তৱ ৰূপ দিবলৈও থাকে নানা পৰিকল্পনা তথা ভৱিষ্যতৰ আঁচনি । কিন্তু যদি কোনো কাৰণত আকাংক্ষিত সেই বিশেষ দিনটো এবাৰ নহয়, দুবাৰ পিছুৱাই দিয়া হয়? তেতিয়া খং উঠাটো একপ্ৰকাৰ স্বাভাৱিক। এইবাৰ এনে কেতবোৰ কাৰণতে ক্ষুব্ধ হৈ এগৰাকী যুৱতীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিলে চিঠি । জানিবলৈ পোৱা মতে, আমেৰিকা নিবাসী যুৱতীগৰাকীয়ে কৰ’নাৰ মহামাৰীৰ বাবে চলিত বৰ্ষৰ ৩০ ডিচেম্বৰত তৃতীয়বাৰৰ বাবে বিবাহৰ দিন ধাৰ্য কৰিছিল। ইয়াৰ পূৰ্বে দুবাৰকৈ পিছুৱাব লগীয়া হৈছে বিবাহৰ দিন। কিন্তু এইবাৰো ৱাটত লাগিল কেনা। কৰ’না অতিমাৰীৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ বাবে, যুৱতীগৰাকীৰ পিতৃ আৰু হ’বলগীয়া শাহুৱেক আক্ৰান্ত হৈছে ক’ভিডত ।

ফলস্বৰূপে তেওঁলোকে উপস্থিত থাকিব নোৱাৰে বিবাহ অনুষ্ঠানত। সেইবাবে মনটো মৰা যুৱতীগৰাকীৰ। আমন-জিমনকৈ বহি থকা যুৱতীগৰাকীয়ে ল’লে বিশেষ পন্থা। বিয়ালৈ মাজত মাত্ৰ ৯ দিন থাকোতেই প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ বুলি লিখিলে চিঠি । পত্ৰখনত যুৱতীগৰাকীয়ে লিখিছে যে, ‘অ’মিক্ৰনৰ বাবে অত্যাধিক শংকিত হৈ পৰিছে বৃদ্ধাসকল। ৫৫ জন লোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰা হৈছে। এতিয়া বিয়াত এজনো অতিথি নাহিলে ইয়াৰ ক্ষতিপূৰণ কোনে দিব?’ কেৱল সেয়াই নহয়, বিয়াৰ বাবে ফুলৰ অৰ্ডাৰো দিয়া হৈছে। মতা হৈছে বেণ্ডপাৰ্টীৰ এটা দল। অতিথিসকলৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছিল যাৱতীয় ব্যৱস্থা। বিয়াৰ পোছাকো ক্ৰয় কৰা বুলি চিঠিখনত সদৰী কৰিছে যুৱতীগৰাকীয়ে।


উল্লেখ্য যে, বৰ্তমান ইউকেত অ’মিক্ৰনৰ পৰিস্থিতি কিছু পৰিমানে সন্তুলিত অৱস্থাত আছে। দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে সকলোকে সাৱধানে থাকিবলৈ সতৰ্ক কৰিও দিছে। ইয়াৰ মাজতে যুৱতীগৰাকীৰ চিঠিখনে ভবাই তুলিছে সকলোকে। প্ৰধানমন্ত্ৰীৰ পৰা চিঠিখনৰ উত্তৰ আহে নে নাই ক’ব নোৱাৰিলেও এটা কথা ঠিক কৰ’না মহামাৰীয়ে যে সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে সেইটো ঠিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু