--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত সাগৰ। জৰ্ডান আৰু ইজৰায়েলৰ সীমান্তৰ এই সাগৰখন ৰহস্যৰে আবৃত। ইয়াৰ ওচৰৰ এটা প্ৰাচীন গুহাৰ পৰা পেপিৰাছত লিখা কিছু লিপি। তাৰ মাজৰে এটা তাম্ৰ লিপিও উদ্ধাৰ কৰা হৈছিল। পেপিৰাছৰ লিপিৰ মাজতে কিয় এই তা্‌ৰ লিপি? তাৰ পৰাই আৰম্ভ হৈছিল হাজাৰ হাজাৰ জল্পনা-কল্পনা। তামৰ পাতত গুপ্তধনৰ সন্ধান আছে বুলিও বহুতে মত পোষণ কৰে।

ইজৰাইলৰ কুমৰাণত এটা প্ৰাচীন গুহা আছে। এই তামৰ লিপিটো তাৰ পৰাই পোৱা গৈছিল। মৃত সাগৰৰ পৰা এই অঞ্চলৰ দূৰত্ব ডেৰ কিলোমিটাৰ। গতিকে সেই লিপিবোৰক ‘ডেড ছি কপাৰ স্ক্ৰল’ বুলি কোৱা হয়।

২০ শতিকাৰ মাজভাগত আৰব বেদুইনসকলে কুমৰাণৰ গুহাত পেপিৰাছৰ লিপি আৱিষ্কাৰ কৰে। গুহাটোৰ আশে-পাশে থকা অঞ্চলত তেওঁলোকে গৰু খেদি ফুৰিছিল। তেতিয়াই তেওঁ সেই সকলোবোৰ প্ৰাচীন লিপি পাইছিল। সেইবোৰ হিব্ৰু ভাষাত লিখা হৈছিল।

এজন প্ৰত্নতত্ত্ববিদে তামৰ পাতত লিখা লিপি উদ্ধাৰ কৰে। সেই তামৰ চাদৰখন ১৯৫২ চনৰ ১৪ মাৰ্চত গুহাটোত উদ্ধাৰ হৈছিল। এক শতাংশ টিন তামৰ লগত মিহলাই পাতখন তৈয়াৰ কৰা হৈছিল। তামৰ পাতত লিখা লিপিখিনি এতিয়া আম্মানৰ জৰ্ডান সংগ্ৰহালয়ত ৰখা হৈছে। ইয়াৰ ক’ড নাম 3Q15।

লিপিখন কাগজৰ দৰে মেৰিয়াই থোৱা আছিল। তামৰ লিপিখন একেবাৰে খুলিব পৰা হোৱা নাছিল। গতিকে ইয়াক ২৩ টুকুৰা কৰি কাটি দিয়া হৈছিল। ইতিহাসবিদ জন মাৰ্কো এলেগ্ৰোৱে লিপিৰ আখৰৰ উদ্ধাৰৰ দায়িত্ব লৈছিল। তেওঁ সেইখন পঢ়ি কৈছিল যে তাত গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট আছে।

জনে উপলব্ধি কৰে যে তামৰ পাতত এখন তালিকা লিখা আছে। সেই লিপিত প্ৰায় ৬৪ টা স্থানৰ উল্লেখ আছে। হিব্ৰু ভাষাত লিখা লিপিখন পঢ়ি তেওঁ গম পালে যে তাত লিখা ৬৩ টা ঠাইত অলেখ সোণ আৰু ৰূপৰ ভাণ্ডাৰ আছে।

হিব্ৰু ভাষাৰ অধ্যাপক ফ্ৰেংক মূৰ ক্ৰছৰ মতে এই তামৰ ফলকখন খ্ৰীষ্টীয় ২৫ৰ পৰা ৭৫ চনৰ ভিতৰত লিখা হৈছিল। আনেৰিকা প্ৰত্নতত্ত্ববিদ উইলিয়াম এফ অলব্ৰাইটৰ মতে এই লিপি ৭০ৰ পৰা ১৩৫ খ্ৰীষ্টাব্দৰ ভিতৰত খোদিত কৰা হৈছিল।

সেই লিপিৰ পৰা অনুবাদ কৰি জনা গৈছে- "নিমখৰ খাদটোৰ তলত এটা চিৰি আছে। পুৰণা ধোবাৰ ঘৰৰ গুহাৰ তিনি নম্বৰ চালিত ৬৫ টা সোণৰ স্তম্ভ আছে। মাটিয়াৰ চোতালত থকা সমাধিস্থলত ৭০টা ৰূপৰ স্তম্ভ আছে। কাঠৰ পাত্ৰত সেইবোৰ থাকে। পূবৰ দুৱাৰত ১৫ হাত পৰিমাণৰ ধনৰত্ন আছে।’’

এইদৰে লিপিত ইটোৰ পিছত সিটো ঠাইৰ কথা উল্লেখ কৰা হৈছে, য’ত সোণ, ৰূপ, বহুমূলীয়া শিল পোৱা গৈছে। মুঠ ৯০০ টালেণ্ট সোণ গুহাটোত জমা হৈ আছে বুলি তাত লিখা আছে। যিটো ২৪ হাজাৰ ৬০০ গ্ৰামতকৈও অধিক পৰিমাণৰ সোণ।

তাম লিপিত লিখা এই বিপুল পৰিমাণৰ ধনৰত্ন গুহাটোলৈ কেনেকৈ আহিল? এই সন্দৰ্ভত চাৰিটা মতামত পোৱা যায়।

একাংশ বুৰঞ্জীবিদৰ মতে কুমৰাণৰ বাসিন্দাসকলে সেই ৬৪টা স্থানত নিজৰ বিশাল ধন-সম্পত্তি পূৰ্বতে লুকুৱাই ৰাখিছিল। তাৰেই তালিকা এখন এইদৰে বনাই থৈছিল। হয়তো ডকাইতৰ ভয়তে এই সকলোবোৰ কৰিছিল।

কিন্তু একাংশ ইতিহাসবিদৰ মতে কুমৰাণৰ বাসিন্দাসকল ধৰ্মীয় আছিল। তেওঁলোকে ধন সঞ্চয় কৰাত বিশ্বাস কৰা নাছিল। ধন সঞ্চয় তেওঁলোকৰ ধৰ্মৰ বিৰুদ্ধে আছিল।

কিছুমান ইতিহাসবিদে ভাবে যে এই সকলোবোৰ সোণ আৰু ৰূপ জেৰুজালেমৰ দ্বিতীয় মন্দিৰত পোৱা গৈছিল। আগতে জেৰুজালেমৰ মন্দিৰত টন টন সোণ আৰু ৰূপ জমা হৈ আছিল। ৭০ খ্ৰীষ্টাব্দত দ্বিতীয়টো মন্দিৰ ধ্বংস কৰা হৈছিল। সেই সকলোবোৰ ধন তেতিয়া বা আগতে গুহাটোত লুকুৱাই ৰখা বুলি বিশ্বাস কৰা হয়। তাৰেই অৱস্থান তাম্ৰ লিপিৰে লিখা আছে।

প্ৰথম শতিকাৰ ইতিহাসবিদ জোচেফাছে বিশ্বাস কৰিছিল যে এই ধন ধ্বংসৰ সময়ত জেৰুজালেমৰ মন্দিৰৰ ভিতৰতে অক্ষত ৰূপত ৰখা হৈছিল। সেই ধন কোনেও লৈ যাব পৰা নাছিল। তেতিয়া হ’লে প্ৰশ্ন উত্থাপন হয়, ক’ৰ ৰত্নভাণ্ডাৰৰ বিষয়ে তামৰ লিপিখনত লিখা হৈছিল?

খ্ৰীষ্টৰ ৫৮৬ বছৰ আগতে জেৰুজালেমৰ দ্বিতীয়টো মন্দিৰ ধ্বংস হৈছিল। বাবিলৰ ৰজা নবূখদনেচৰে মন্দিৰটোক ভাঙি পেলাইছিল। সেই মন্দিৰৰ ধন-সম্পত্তিসমূহ লুকুৱাই ৰখা হৈছিল। বহুতৰ মতে সেইসমূহৰ বিষয়েই তামৰ ফলকত দিয়া হৈছে।

কিন্তু কিছুমান ইতিহাসবিদৰ মতে তামৰ লিপি মন্দিৰটো ধ্বংস হোৱাৰ ৫০০ বছৰৰ পাছত লিখা হৈছিল। গতিকে লিপিখনত সেই মন্দিৰৰ কোনো সংগতি থাকিব নোৱাৰে।

বহু ইতিহাসবিদৰ মতে, তামৰ ফলকত কেৱল অৰ্থহীন শব্দ কিছুমানহে আছে। তাত কোনো ধন-সম্পত্তিৰ তথ্য পোৱা নাযায়। তেওঁলোকৰ মতে, জেৰুজালেমৰ মন্দিৰৰ ধন-সম্পত্তি হাজাৰ হাজাৰ বছৰৰ আগতে ৰোমানসকলে লুটপাত কৰিছিল। একো অৱশিষ্ট বাকী ৰখা নাছিল।

১৯৬২ চনত জন এলেগ্ৰ’ৰ নেতৃত্বত এটা দলে এই ধনৰত্নৰ সন্ধানত ওলাই যায়। কিন্তু তেওঁলোকে একো নাপালে। অভিযানকাৰী দলটোৱে জনোৱা মতে, তামৰ ফলকখনত কোনো ধৰণৰ গুপ্তধনৰ তথ্যই নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ