--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ পুৰণি হাতে লিখা হিব্ৰু বাইবেলখন শেহতীয়াকৈ বিশ্বৰ নিলাম প্ৰতিষ্ঠান ছাডাভিছে নিলাম কৰিছে।

নিউয়ৰ্ক চহৰত নিলামত ৩৮ মিলিয়ন ডলাৰত বিক্ৰী হৈছে বাইবেলখন। বাইবেলখন ১১০০ বছৰ পুৰণি আৰু ইয়াক হিব্ৰু ভাষাত লিখা হৈছিল।

কিন্তু এই বাইবেলে মূল্যৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িব পৰা নাই। ইয়াৰ পূৰ্বে আমেৰিকাৰ সংবিধানৰ প্ৰথম সংস্কৰণ ৪ কোটি ৩২ লাখ ডলাৰত বিক্ৰী হৈছিল। অৱশ্যে এই বাইবেলখন লিওনাৰ্ডো দা ভিঞ্চিৰ পাণ্ডুলিপিতকৈও অধিক দামত বিক্ৰী হৈছে।

এই বাইবেলখন ইজৰাইলৰ এ এন ইউ মিউজিয়ামত ৰখা হ’ব। ছাডাভিছৰ বিশেষজ্ঞ শ্বেৰন লিবাৰমেন মিণ্টজে কয়, ‘মূল্যই এই বাইবেলৰ শক্তি, প্ৰভাৱ আৰু গুৰুত্ব দেখুৱাইছে। এই বাইবেলখন মানৱতাৰ এক অবিচ্ছেদ্য অংগ।’

মিন্টজে কয়, “এই বাইবেলখন ইজৰাইললৈ উভতি যোৱা দেখি মই আনন্দিত হৈছো। ইয়াক প্ৰদৰ্শিত কৰি ৰখা হ’ব। মানুহে চাব পাৰিব।‘’

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আলফ্ৰেড এইচ মোজেছে অলাভজনক আমেৰিকান ফ্ৰেণ্ডছ অৱ এ এন ইউৰ হৈ বাইবেলখন ক্ৰয় কৰে। ইয়াৰ পিছত ইয়াক টেল আভিভৰ এ এন ইউ মিউজিয়ামলৈ দান কৰা হৈছে।

মোজেচৰ মতে হিব্ৰু বাইবেলখন পশ্চিমীয়া সভ্যতাৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী গ্ৰন্থ। তেওঁ আনন্দিত যে কিতাপখন ইহুদীসকলৰ ওচৰলৈ ঘূৰি আহিছে।

এই নিলাম চাৰি মিনিটত শেষ হয়। দুজনে দৰদাম কৰে। এই বাইবেলখন খ্ৰীষ্টীয় ৮৮০ৰ পৰা ৯৬০ চনৰ ভিতৰত লিখা বুলি অনুমান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস