--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ পুৰণি হাতে লিখা হিব্ৰু বাইবেলখন শেহতীয়াকৈ বিশ্বৰ নিলাম প্ৰতিষ্ঠান ছাডাভিছে নিলাম কৰিছে।

নিউয়ৰ্ক চহৰত নিলামত ৩৮ মিলিয়ন ডলাৰত বিক্ৰী হৈছে বাইবেলখন। বাইবেলখন ১১০০ বছৰ পুৰণি আৰু ইয়াক হিব্ৰু ভাষাত লিখা হৈছিল।

কিন্তু এই বাইবেলে মূল্যৰ ক্ষেত্ৰত বিশ্ব অভিলেখ গঢ়িব পৰা নাই। ইয়াৰ পূৰ্বে আমেৰিকাৰ সংবিধানৰ প্ৰথম সংস্কৰণ ৪ কোটি ৩২ লাখ ডলাৰত বিক্ৰী হৈছিল। অৱশ্যে এই বাইবেলখন লিওনাৰ্ডো দা ভিঞ্চিৰ পাণ্ডুলিপিতকৈও অধিক দামত বিক্ৰী হৈছে।

এই বাইবেলখন ইজৰাইলৰ এ এন ইউ মিউজিয়ামত ৰখা হ’ব। ছাডাভিছৰ বিশেষজ্ঞ শ্বেৰন লিবাৰমেন মিণ্টজে কয়, ‘মূল্যই এই বাইবেলৰ শক্তি, প্ৰভাৱ আৰু গুৰুত্ব দেখুৱাইছে। এই বাইবেলখন মানৱতাৰ এক অবিচ্ছেদ্য অংগ।’

মিন্টজে কয়, “এই বাইবেলখন ইজৰাইললৈ উভতি যোৱা দেখি মই আনন্দিত হৈছো। ইয়াক প্ৰদৰ্শিত কৰি ৰখা হ’ব। মানুহে চাব পাৰিব।‘’

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰদূত আলফ্ৰেড এইচ মোজেছে অলাভজনক আমেৰিকান ফ্ৰেণ্ডছ অৱ এ এন ইউৰ হৈ বাইবেলখন ক্ৰয় কৰে। ইয়াৰ পিছত ইয়াক টেল আভিভৰ এ এন ইউ মিউজিয়ামলৈ দান কৰা হৈছে।

মোজেচৰ মতে হিব্ৰু বাইবেলখন পশ্চিমীয়া সভ্যতাৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী গ্ৰন্থ। তেওঁ আনন্দিত যে কিতাপখন ইহুদীসকলৰ ওচৰলৈ ঘূৰি আহিছে।

এই নিলাম চাৰি মিনিটত শেষ হয়। দুজনে দৰদাম কৰে। এই বাইবেলখন খ্ৰীষ্টীয় ৮৮০ৰ পৰা ৯৬০ চনৰ ভিতৰত লিখা বুলি অনুমান কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ