--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কাশ্মীৰত ২২ মে’ৰ পৰা ২৪ মে’লৈ জি-২০ পৰ্যটন কৰ্মগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ভাৰতে অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰাখিছে। অৱশ্যে কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ বিৰোধিতা পাকিস্তানে আৰম্ভণিৰে পৰাই কৰি আহিছে। ইফালে এটা খবৰ পোহৰলৈ আহিছে যে পাকিস্তানে ভাৰতৰ বাবে অশান্তিৰ সৃষ্টি কৰাৰ পৰিকল্পনা যুগুত কৰিছে বুলি অভিযোগ উঠিছে।


সূত্ৰ অনুসৰি লস্কৰ-ই-তৈবা, জয়ছ-ই-মহম্মদ, হিজবুল মুজাহিদ্দীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনে শ্ৰীনগৰ আৰু কাশ্মীৰত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত পাকিস্তানৰ ৰাৱালপিণ্ডিতো এখন বৈঠক অনুষ্ঠিত কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আই এছ আই)ও এই বৈঠকত অংশগ্ৰহণ কৰিছে। এই বৈঠকত কৰ্ণেল শ্বায়নে আই এছ আইৰ নেতৃত্ব দিছে।


কাশ্মীৰৰ দক্ষিণ পীৰ পাঞ্জাল অঞ্চলৰ পৰাও পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে অনুপ্ৰৱেশ আৰম্ভ কৰিছে জি-২০ বৈঠকত ভেঙুচালি কৰিবলৈ। এই তথ্য পোৱাৰ লগে লগে ভাৰতে শ্ৰীনগৰৰ আশে-পাশে থকা অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰিছে। ইয়াৰ বাবে ভাৰত চৰকাৰে কমাণ্ডোৰ সংখ্যা বৃদ্ধি কৰিছে। ইফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ পৰাও চীনে নিজকে আঁতৰাই ৰাখিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয় যে জম্মু-কাশ্মীৰ বিতৰ্কিত অঞ্চল হোৱাৰ বাবে আমি বৈঠকত উপস্থিত নাথাকো। ইয়াৰ পূৰ্বে পাকিস্তান আৰু চীনে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰক লৈ ভুল বক্তব্য দিছে।

বহু সময়ত পাকিস্তানে এটা সুযোগ বিচাৰি থাকে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়বোৰ কেনেকৈ বিশ্বৰ এটা বিষয় হিচাপে উপস্থাপন কৰিব পাৰে। ইফালে, কাশ্মীৰত জি-২০ বৈঠক অনুষ্ঠিত হ’বলগীয়া কেইসপ্তাহমান পূৰ্বে পাকিস্তানে পাকিস্তান দখল কৰা কাশ্মীৰত (PoK) জব্বাজ ফৰ্চ নামৰ নতুন সন্ত্ৰাসবাদী সংগঠন এটা আৰম্ভ কৰিছে।

এই ডাঙৰ তথ্য  কৰ্মী আমজাদ আয়ুব মিৰ্জাই প্ৰকাশ কৰিছে। তেখেত এজন লেখক আৰু মানৱ অধিকাৰ কৰ্মী, PoK ৰ মিৰপুৰৰ বাসিন্দা। জাবাজ বাহিনী হৈছে পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ নাম।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস