--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কাশ্মীৰত ২২ মে’ৰ পৰা ২৪ মে’লৈ জি-২০ পৰ্যটন কৰ্মগোটৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ভাৰতে অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৰাখিছে। অৱশ্যে কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ বিৰোধিতা পাকিস্তানে আৰম্ভণিৰে পৰাই কৰি আহিছে। ইফালে এটা খবৰ পোহৰলৈ আহিছে যে পাকিস্তানে ভাৰতৰ বাবে অশান্তিৰ সৃষ্টি কৰাৰ পৰিকল্পনা যুগুত কৰিছে বুলি অভিযোগ উঠিছে।


সূত্ৰ অনুসৰি লস্কৰ-ই-তৈবা, জয়ছ-ই-মহম্মদ, হিজবুল মুজাহিদ্দীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনে শ্ৰীনগৰ আৰু কাশ্মীৰত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত পাকিস্তানৰ ৰাৱালপিণ্ডিতো এখন বৈঠক অনুষ্ঠিত কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আই এছ আই)ও এই বৈঠকত অংশগ্ৰহণ কৰিছে। এই বৈঠকত কৰ্ণেল শ্বায়নে আই এছ আইৰ নেতৃত্ব দিছে।


কাশ্মীৰৰ দক্ষিণ পীৰ পাঞ্জাল অঞ্চলৰ পৰাও পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে অনুপ্ৰৱেশ আৰম্ভ কৰিছে জি-২০ বৈঠকত ভেঙুচালি কৰিবলৈ। এই তথ্য পোৱাৰ লগে লগে ভাৰতে শ্ৰীনগৰৰ আশে-পাশে থকা অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰিছে। ইয়াৰ বাবে ভাৰত চৰকাৰে কমাণ্ডোৰ সংখ্যা বৃদ্ধি কৰিছে। ইফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠকৰ পৰাও চীনে নিজকে আঁতৰাই ৰাখিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি কয় যে জম্মু-কাশ্মীৰ বিতৰ্কিত অঞ্চল হোৱাৰ বাবে আমি বৈঠকত উপস্থিত নাথাকো। ইয়াৰ পূৰ্বে পাকিস্তান আৰু চীনে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰক লৈ ভুল বক্তব্য দিছে।

বহু সময়ত পাকিস্তানে এটা সুযোগ বিচাৰি থাকে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়বোৰ কেনেকৈ বিশ্বৰ এটা বিষয় হিচাপে উপস্থাপন কৰিব পাৰে। ইফালে, কাশ্মীৰত জি-২০ বৈঠক অনুষ্ঠিত হ’বলগীয়া কেইসপ্তাহমান পূৰ্বে পাকিস্তানে পাকিস্তান দখল কৰা কাশ্মীৰত (PoK) জব্বাজ ফৰ্চ নামৰ নতুন সন্ত্ৰাসবাদী সংগঠন এটা আৰম্ভ কৰিছে।

এই ডাঙৰ তথ্য  কৰ্মী আমজাদ আয়ুব মিৰ্জাই প্ৰকাশ কৰিছে। তেখেত এজন লেখক আৰু মানৱ অধিকাৰ কৰ্মী, PoK ৰ মিৰপুৰৰ বাসিন্দা। জাবাজ বাহিনী হৈছে পাকিস্তানী অৰ্ধসামৰিক বাহিনীৰ নাম।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ