--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ প্ৰদেশৰ আজৱ ঘটনা! ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজ্যখনৰ চাহাৰনপুৰৰ ক্ৰীড়া ষ্টেডিয়ামত শৌচালয়ৰ মজিয়াত ৰন্ধা চাউলৰ ফটো ৷  এই ফটোৱে এতিয়া  এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ 

শুক্ৰবাৰে  চাহাৰনপুৰ জিলাত আৰম্ভ হোৱা তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ অনুৰ্ধ-১৭ ছোৱালীৰ কাবাডী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি থকা প্ৰায় ২০০ গৰাকে খেলুৱৈক এনে অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা খাদ্য পৰিৱেশন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

চাহাৰনপুৰৰ ক্ৰীড়া বিষয়া অনিমেশ চাক্সেনাই অভিযোগসমূহ এই অভিযোগসমূহ 'ভিত্তিহীন' বুলি অভিহিত কৰি খাৰিজ কৰে। ইয়াৰ বিপৰীতে  খেলুৱৈসকলক পৰিৱেশন কৰা খাদ্য উন্নত  মানদণ্ডৰ বুলিহে মন্তব্য কৰে। চুইমিং পুলৰ ওচৰত  পৰম্পৰাগত ইটাৰ চৌকাত দাইল আৰু আঞ্জা সহ  খাদ্য ৰন্ধা হৈছিল বুলিও অভিযোগকাৰীসকলক 
ওভতাই ধৰে৷ 

উক্ত শিবিৰৰ এজন খেলুৱৈয়ে অভিযোগ কৰিছিল যে, জাহাজ এখনৰ পৰা ৰন্ধা চাউল এখন ডাঙৰ কাঁহিত  উলিয়াই দিয়া হৈছিল আৰু খাদ্যসমূহ ওচৰৰ শৌচালয়ৰ মজিয়াত ৰখা হৈছিল। মজিয়াত কাগজৰ টুকুৰা এটাত অৱশিষ্ট লুচিবোৰ থোৱা হৈছিল। তাৰ পিছতে দুপৰীয়াৰ আহাৰৰ বাবে খেলুৱৈসকলক সেই খাদ্য  পৰিৱেশন কৰা হৈছিল।

কেইজনমান খেলুৱৈয়ে ষ্টেডিয়ামৰ বিষয়া এজনৰ সন্মুখত এই  বিষয়টো উত্থাপন কৰিছিল। বিষয়াজনে ক্ৰীড়া বিষয়া অনিমেশ চাক্সেনাক অৱগত কৰিছিল আৰু  ৰান্ধনীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হৈছিল ৷ আনহাতে ঠাইৰ অভাৱতহে ষ্টেডিয়ামৰ পুলৰ ওচৰত খাদ্য ৰন্ধা হৈছিল বুলি ক্ৰীড়া বিষয়াজনে গা এৰা দিয়া মন্তব্য দিয়ে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
দুবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চলি আছে পৰীক্ষা-নিৰীক্ষা
শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ! এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি