--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ প্ৰদেশৰ আজৱ ঘটনা! ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাজ্যখনৰ চাহাৰনপুৰৰ ক্ৰীড়া ষ্টেডিয়ামত শৌচালয়ৰ মজিয়াত ৰন্ধা চাউলৰ ফটো ৷  এই ফটোৱে এতিয়া  এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে৷ 

শুক্ৰবাৰে  চাহাৰনপুৰ জিলাত আৰম্ভ হোৱা তিনিদিনীয়া ৰাজ্যিক পৰ্যায়ৰ অনুৰ্ধ-১৭ ছোৱালীৰ কাবাডী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি থকা প্ৰায় ২০০ গৰাকে খেলুৱৈক এনে অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা খাদ্য পৰিৱেশন কৰা হৈছিল বুলি অভিযোগ কৰা হৈছে।

চাহাৰনপুৰৰ ক্ৰীড়া বিষয়া অনিমেশ চাক্সেনাই অভিযোগসমূহ এই অভিযোগসমূহ 'ভিত্তিহীন' বুলি অভিহিত কৰি খাৰিজ কৰে। ইয়াৰ বিপৰীতে  খেলুৱৈসকলক পৰিৱেশন কৰা খাদ্য উন্নত  মানদণ্ডৰ বুলিহে মন্তব্য কৰে। চুইমিং পুলৰ ওচৰত  পৰম্পৰাগত ইটাৰ চৌকাত দাইল আৰু আঞ্জা সহ  খাদ্য ৰন্ধা হৈছিল বুলিও অভিযোগকাৰীসকলক 
ওভতাই ধৰে৷ 

উক্ত শিবিৰৰ এজন খেলুৱৈয়ে অভিযোগ কৰিছিল যে, জাহাজ এখনৰ পৰা ৰন্ধা চাউল এখন ডাঙৰ কাঁহিত  উলিয়াই দিয়া হৈছিল আৰু খাদ্যসমূহ ওচৰৰ শৌচালয়ৰ মজিয়াত ৰখা হৈছিল। মজিয়াত কাগজৰ টুকুৰা এটাত অৱশিষ্ট লুচিবোৰ থোৱা হৈছিল। তাৰ পিছতে দুপৰীয়াৰ আহাৰৰ বাবে খেলুৱৈসকলক সেই খাদ্য  পৰিৱেশন কৰা হৈছিল।

কেইজনমান খেলুৱৈয়ে ষ্টেডিয়ামৰ বিষয়া এজনৰ সন্মুখত এই  বিষয়টো উত্থাপন কৰিছিল। বিষয়াজনে ক্ৰীড়া বিষয়া অনিমেশ চাক্সেনাক অৱগত কৰিছিল আৰু  ৰান্ধনীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হৈছিল ৷ আনহাতে ঠাইৰ অভাৱতহে ষ্টেডিয়ামৰ পুলৰ ওচৰত খাদ্য ৰন্ধা হৈছিল বুলি ক্ৰীড়া বিষয়াজনে গা এৰা দিয়া মন্তব্য দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ