--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিৰ্বাচনী যুঁজৰ বাবে পুনৰ কঁকালত টঙালি বান্ধিছে বিজেপি। নেতৃত্বত প্ৰধানমন্ত্ৰী মোদী। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত চমকপ্ৰদ জয় অৰ্জনৰ পাছত এইবাৰ গৃহৰাজ্য গুজৰাট ৰক্ষাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে। মন কৰিবলগীয়া কথাটো হৈছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পাছত জয়ৰ আনন্দত মতলীয়া হৈ পৰাৰ সলনি বিজেপিয়ে আৰম্ভ কৰিছিল গুজৰাট দখলৰ মন্ত্ৰণা। নিৰ্বাচনী ৰাজনীতিত বিজেপিয়ে যি ডেডিকেচন তথা প্ৰফেচনেলিজমৰ নিদৰ্শন দেখুৱাই আহিছে সেয়া আন কোনো দলে কৰি দেখুৱাব পৰা নাই। গুজৰাটৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হোৱা নাই।

উত্তৰ প্ৰদেশ বিজয়ৰ ঠিক পাছতেই প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈছিল গুজৰাটত। গুজৰাটত ৰোড শ্ব’ কৰি মোদীয়ে উদযাপন কৰিছিল উত্তৰ প্ৰদেশ বিজয়ৰ আনন্দ। তাৰ কাৰণ কিন্তু কোনেও নুবুজাকৈ থকা নাই। ডিচেম্বৰত অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাৰ নিৰ্বাচন। সেয়েহে দেশৰ ৰাজনীতিৰ ‘মিডাচ’ হিচাপে চিহ্নিত মোদীৰ সাফল্য গুজৰাটত উদযাপন কৰি বিজেপিয়ে একপ্ৰকাৰ এক গুলীত দুই চিকাৰ কৰিবলৈ চেষ্টা কৰাটো স্পষ্ট হৈ পৰিছিল।

মন কৰিবলগীয়া যে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰত্যাহ্বান সৃষ্টি কৰিছিল ৰাজ্যখনত। কংগ্ৰেছে ৭৭খন আসন দখল কৰিছিল মোদী-শ্বাহৰ ৰাজ্যত। ৰাজ্যখনত জিগনেশ মেৱানী, হাৰ্ডিক পেটেল আদিৰ দৰে যুৱ নেতা বিজেপিৰ কাৰণে মূৰৰ কামোৰণি হৈ পৰিছিল। এইবাৰ প্ৰেক্ষাপটত আম আদমী পাৰ্টীয়েও প্ৰৱেশ কৰিছে। আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে গুজৰাটত প্ৰচাৰ চলাই আছে। এনে পৰিপ্ৰেক্ষিতত মোদী-শ্বাহৰ যুটীয়ে গুজৰাটক লৈ যেন ৰিস্ক ল’ব বিচৰা নাই।

ইতিমধ্যে, মোদীয়ে বিশেষ কৌশল গ্ৰহণ কৰিছে গুজৰাটক লৈ। তিনিদিনীয়া ভ্ৰমণসূচীৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী উপস্থিত হৈছে গুজৰাটত। তাত ‘হু’ৰ গোলকীয় পৰম্পৰাগত ঔষধি কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। আন ভালেমান প্ৰকল্প উদ্বোধন কৰিছে মোদীয়ে। এইবোৰ যে নিৰ্বাচন কেন্দ্ৰিক লাভালাভৰ কথা মনত ৰাখি কৰি থকা হৈছে সেয়া নক’লেও চলে। কেৱল এয়াই নহয়, ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণো আৰম্ভ হ’ব গুজৰাটৰ পৰাই। জনছনক লৈ মোদীয়ে ৰোড শ্ব’ কৰিব বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই তৎপৰতা বিজেপি তথা মোদী-শ্বাহ নিৰ্বাচনী ৰণকৌশলৰে যে অংগ সেয়া সহজেই অনুমেয়। পৰম্পৰাগত নিৰ্বাচনী প্ৰচাৰৰ লগতে, প্ৰতিশ্ৰুতি-আশ্বাসৰ লগতে নিজৰ গৰিমা প্ৰকাশৰ এনে পন্থা গ্ৰহণ কৰাটো তাৎপৰ্যপূ্ৰ্ণ। হুৰ মুৰব্বী ঘেব্ৰিয়েছাছ যেতিয়া মঞ্চৰ গুজৰাটী ভাষাত ভাষণ আৰম্ভ কৰিব বা মোদীয়ে নিজৰ ঘনিষ্ঠ বন্ধু বুলি কৈ তেওঁ তুলসীভাই নাম দিব সাধাৰণ মানুহৰ অন্তৰ আবেগত উথলি উঠাটো স্বাভাৱিক। সেই কৌশলৰে অংশ হ’ব পাৰে বৰিছ জনছনো। 

সি যি কি নহওক কিয় মোদীৰ এই ৰণকৌশল তথা তৎপৰতাই গুজৰাট নিৰ্বাচন যে এইবাৰ অধিক উত্তেজনাপূৰ্ণ আৰু প্ৰত্যাহ্বানভৰা হ’ব তাৰ ইংগিতো দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ