--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিএছএনএল৷ ভাৰতীয় নাগৰিকৰ আৱেগ আৰু আশাৰ প্ৰতীক হৈ পৰা দেশৰ সৰ্ববৃহৎ টেলিকম প্ৰতিষ্ঠানটোৱে এতিয়া তিলতিলকৈ গণিছে মৃত্যুৰ ক্ষণ৷ আজিও ভাৰতৰ ফিক্সড-লাইন সেৱা প্ৰদানকাৰী হিচাপে শীৰ্ষত আছে বিএছএনএল৷ তথাপি, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৰ প্ৰতি গুৰুত্বহীনতাই প্ৰতিষ্ঠানটোৰ ভৱিষ্যতৰ প্ৰতি নমাই আনিছে গভীৰ সংশয়৷

আনহাতে, টেলিকম অপাৰেটৰ জিঅ’ই ভাৰতী এয়াৰটেলৰ ওপৰত আগবাঢ়ি ২০২২ৰ ফেব্ৰুৱাৰীত দেশৰ দ্বিতীয় সৰ্ববৃহৎ ফিক্সড-লাইন সেৱা প্ৰদানকাৰী হিচাপে চিহ্নিত হৈছে৷ খণ্ড নিয়ন্ত্ৰক টেলিকম ৰেগুলেটৰী অথৰিটি অব্ ইণ্ডিয়া (ট্ৰাই)ৰ দ্বাৰা প্ৰকাশিত তথ্যই উন্মোচন কৰিছে দেশৰ টেলিকম প্ৰতিষ্ঠানসমূহৰ বৰ্তমানৰ স্থিতিগত পৰিসংখ্যা৷ 

ফিক্সড-লাইন বা ৱায়াৰলাইন টেলিকমিউনিকেশ্বন হৈছে কেবলৰ নেটৱৰ্কৰ জৰিয়তে প্ৰদান কৰা টেলিফোন আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা। কালি প্ৰকাশিত ট্ৰাইৰ গ্ৰাহকৰ প্ৰতিবেদন অনুসৰি জিঅ’ৰ ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা ৫৮.৮৫ লাখতকৈও অধিক হৈছে আৰু ভাৰতী এয়াৰটেলে ফেব্ৰুৱাৰীত ৫৭.৬৬ লাখতকৈও অধিক গ্ৰাহক নথিভুক্ত কৰিছে। 


জিঅ’ এতিয়া কেৱল বিএছএনএলৰ পিছত আছে, য’ত ৭৫.৭৬ লাখতকৈও অধিক ৱায়াৰলাইন গ্ৰাহক আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান বিএছএনএল আৰু এমটিএনএল-এ যুটীয়াভাৱে ৪৯,০৭৪গৰাকী আৰু ২১,৯০০গৰাকী ফিক্সড-লাইন গ্ৰাহক হেৰুৱাইছে।

ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ প্ৰৱণতা ক’ভিডৰ প্ৰথম ঢৌৰ পাছত বৃদ্ধি পাবলৈ ধৰিছিল৷ কিন্তু, বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীত বিএছএনএলৰ বজাৰৰ অংশ ৩৪.৬৪ শতাংশৰ পৰা ৩০.৯ শতাংশলৈ হ্ৰাস পাইছে। এমটিএনএলৰ অংশ ২০২২ চনৰ ফেব্ৰুৱাৰীত ১১.০৫ শতাংশলৈ হ্ৰাস পাইছিল, যি ২০২১ চনৰ জানুৱাৰীত ১৪.৬৫ শতাংশ আছিল।

আজিও ভাৰতীয় নাগৰিকে বিএছএনএলৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আহিছে৷ কিন্তু, কেন্দ্ৰীয় চৰকাৰৰ পুঁজিপতিৰ প্ৰতি থকা অহেতুক মোহে দেশৰ পুৰণি টেলিকম প্ৰতিষ্ঠানটোৰ প্ৰতি নমাই আনিছে বিপদ৷ আনকি, বিএছএনএল-এ নিজৰ সম্পত্তি বিক্ৰী কৰিবলৈ ওলোৱা খবৰে সংবাদ শিৰোনাম দখল কৰিছিল৷ কেৱল চমক আৰু ভাষণেৰে ৰাইজক আঁভুৱা-ভাঁৰি অহা কেন্দ্ৰীয় চৰকাৰে চৰম দায়িত্বহীনতাৰে বিএছএনএলক মৃত্যুমুখলৈ ঠেলি দিব বিচাৰিছে বুলি অভিযোগ উঠিছে৷ কিয়নো, দেশৰ ভিতৰতে শীৰ্ষত থকা টেলিকম প্ৰতিষ্ঠানটোৰ প্ৰতি চৰকাৰৰ সদিচ্ছাহীনতাই বিএছএনএলৰ গ্ৰাহকসকলকো হতাশ কৰি তোলাৰ লগতে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলকো উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত