--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিএছএনএল৷ ভাৰতীয় নাগৰিকৰ আৱেগ আৰু আশাৰ প্ৰতীক হৈ পৰা দেশৰ সৰ্ববৃহৎ টেলিকম প্ৰতিষ্ঠানটোৱে এতিয়া তিলতিলকৈ গণিছে মৃত্যুৰ ক্ষণ৷ আজিও ভাৰতৰ ফিক্সড-লাইন সেৱা প্ৰদানকাৰী হিচাপে শীৰ্ষত আছে বিএছএনএল৷ তথাপি, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানটোৰ প্ৰতি গুৰুত্বহীনতাই প্ৰতিষ্ঠানটোৰ ভৱিষ্যতৰ প্ৰতি নমাই আনিছে গভীৰ সংশয়৷

আনহাতে, টেলিকম অপাৰেটৰ জিঅ’ই ভাৰতী এয়াৰটেলৰ ওপৰত আগবাঢ়ি ২০২২ৰ ফেব্ৰুৱাৰীত দেশৰ দ্বিতীয় সৰ্ববৃহৎ ফিক্সড-লাইন সেৱা প্ৰদানকাৰী হিচাপে চিহ্নিত হৈছে৷ খণ্ড নিয়ন্ত্ৰক টেলিকম ৰেগুলেটৰী অথৰিটি অব্ ইণ্ডিয়া (ট্ৰাই)ৰ দ্বাৰা প্ৰকাশিত তথ্যই উন্মোচন কৰিছে দেশৰ টেলিকম প্ৰতিষ্ঠানসমূহৰ বৰ্তমানৰ স্থিতিগত পৰিসংখ্যা৷ 

ফিক্সড-লাইন বা ৱায়াৰলাইন টেলিকমিউনিকেশ্বন হৈছে কেবলৰ নেটৱৰ্কৰ জৰিয়তে প্ৰদান কৰা টেলিফোন আৰু ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱা। কালি প্ৰকাশিত ট্ৰাইৰ গ্ৰাহকৰ প্ৰতিবেদন অনুসৰি জিঅ’ৰ ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা ৫৮.৮৫ লাখতকৈও অধিক হৈছে আৰু ভাৰতী এয়াৰটেলে ফেব্ৰুৱাৰীত ৫৭.৬৬ লাখতকৈও অধিক গ্ৰাহক নথিভুক্ত কৰিছে। 


জিঅ’ এতিয়া কেৱল বিএছএনএলৰ পিছত আছে, য’ত ৭৫.৭৬ লাখতকৈও অধিক ৱায়াৰলাইন গ্ৰাহক আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰতিষ্ঠান বিএছএনএল আৰু এমটিএনএল-এ যুটীয়াভাৱে ৪৯,০৭৪গৰাকী আৰু ২১,৯০০গৰাকী ফিক্সড-লাইন গ্ৰাহক হেৰুৱাইছে।

ৱায়াৰলাইন গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ প্ৰৱণতা ক’ভিডৰ প্ৰথম ঢৌৰ পাছত বৃদ্ধি পাবলৈ ধৰিছিল৷ কিন্তু, বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীত বিএছএনএলৰ বজাৰৰ অংশ ৩৪.৬৪ শতাংশৰ পৰা ৩০.৯ শতাংশলৈ হ্ৰাস পাইছে। এমটিএনএলৰ অংশ ২০২২ চনৰ ফেব্ৰুৱাৰীত ১১.০৫ শতাংশলৈ হ্ৰাস পাইছিল, যি ২০২১ চনৰ জানুৱাৰীত ১৪.৬৫ শতাংশ আছিল।

আজিও ভাৰতীয় নাগৰিকে বিএছএনএলৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আহিছে৷ কিন্তু, কেন্দ্ৰীয় চৰকাৰৰ পুঁজিপতিৰ প্ৰতি থকা অহেতুক মোহে দেশৰ পুৰণি টেলিকম প্ৰতিষ্ঠানটোৰ প্ৰতি নমাই আনিছে বিপদ৷ আনকি, বিএছএনএল-এ নিজৰ সম্পত্তি বিক্ৰী কৰিবলৈ ওলোৱা খবৰে সংবাদ শিৰোনাম দখল কৰিছিল৷ কেৱল চমক আৰু ভাষণেৰে ৰাইজক আঁভুৱা-ভাঁৰি অহা কেন্দ্ৰীয় চৰকাৰে চৰম দায়িত্বহীনতাৰে বিএছএনএলক মৃত্যুমুখলৈ ঠেলি দিব বিচাৰিছে বুলি অভিযোগ উঠিছে৷ কিয়নো, দেশৰ ভিতৰতে শীৰ্ষত থকা টেলিকম প্ৰতিষ্ঠানটোৰ প্ৰতি চৰকাৰৰ সদিচ্ছাহীনতাই বিএছএনএলৰ গ্ৰাহকসকলকো হতাশ কৰি তোলাৰ লগতে প্ৰতিষ্ঠানটোত কৰ্মৰত কৰ্মচাৰীসকলকো উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ