--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২০০১ চনৰ পৰা ২০১৪ চনলৈ বাৰ বছৰৰো অধিককাল গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে মোদীয়ে সেইসময়ত গুজৰাটক উন্নয়নৰ এক ‘মডেল’ হিচাপে দাবী কৰি আহিছিল৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে নৰেন্দ্ৰ মোদীক আগবঢ়াই দিছিল৷ ইয়াৰ অন্তৰালত আছিল বিজেপিয়ে 'মাৰ্কেটিং' কৰিব পৰা মোদীৰ গুজৰাটৰ মডেল৷ মোদীৰ গুজৰাট মডেলকে ভাৰসা কৰি গুজৰাটৰ উন্নয়নৰ এখন ভুৱা ছবি দেশবাসীৰ সন্মুখত তুলি ধৰিছিল বিজেপিয়ে৷ তাত সহায় কৰিছিল দেশৰ পুঁজিপতিৰ আশিসধন্য একাংশ সংবাদ মাধ্যমে৷ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিং আদিকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মুখত আখৈ ফুটাদি ফুটিছিল গুজৰাট মডেলৰ কথা৷

২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গুজৰাট মডেলৰ ছবি এখন দেখুৱাই ৰাইজৰ কাষ চাপিছিল বিজেপিয়ে৷ জনতাক ৰঙীন চশমা পিন্ধাই ভোট আদায় কৰিছিল বিজেপিয়ে৷ বৃহৎ ব্যৱধানত কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপি দলটো৷ প্ৰতিশ্ৰুতিৰ পাহাৰ গঢ়ি চলাহী কথাৰে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে আকৰ্ষিত কৰিছিল দেশৰ সৰ্বস্তৰৰ নাগৰিকক৷ ২০১৩ বৰ্ষৰ ২২ নৱেম্বৰত আগ্ৰাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত মোদীয়ে কেন্দ্ৰত বিজেপি চৰকাৰ হ'লে প্ৰতি বছৰে দেশৰ ১ কোটিকৈ নিবনুৱাক সংস্থাপনৰ ব্যৱস্থা ব্যৱস্থা কৰিব বুলি মন্তব্য কৰিছিল৷ প্ৰতিখন নিৰ্বাচনী সভাত মোদীকে ধৰি বিজেপি নেতৃত্বই ১কোটিকৈ চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷

সেই প্ৰতিশ্ৰুতিত ভোল গৈ দেশৰ যুৱ প্ৰজন্মই হিয়া উজাৰি ভোটদান কৰিছিল বিজেপিক৷ ২০১৪ চনৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণেই আছিল আটাইতকৈ চমকপ্ৰদ কথা৷ গুজৰাটত বিদ্যুৎ কৰ্তন নহয়, পানীযোগানৰ বৃহদাকাৰৰ পাইপ আদি বিষয়েৰে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। ২০১৬ বৰ্ষৰ অসমৰ বিধানসভা নিৰ্বাচন আৰু ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচনতো গুজৰাট মডেলক নিৰ্বাচনী ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছিল বিজেপি দল আৰু চৰকাৰে।


কিন্তু, শেহতীয়াকৈ বিজেপি নেতাৰ মুখৰ পৰা গুজৰাট মডেল প্ৰসংগই উচ্চাৰণ নোহোৱা হৈছে। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে গুজৰাটত৷ ক্ৰমশ: উন্মোচিত হ’বলৈ ধৰিছে ‘গুজৰাট মডেল’ৰ প্ৰকৃত ৰহস্য৷ যোৱা অক্টোবৰ মাহত ২.৩৯%লৈ বৃদ্ধি পাইছে গুজৰাটৰ নিবনুৱাৰ হাৰ৷


যোৱা ১১ অক্টোৱৰত বিধানসভাত দাখিল কৰা গুজৰাট চৰকাৰৰ এক তথ্য অনুসৰি ৰাজ্যখনত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা হৈছে ৪ লাখ ৬ হাজাৰ ৭ জন৷ তাৰ ভিতৰত ৩ লাখ ৮৫ হাজাৰ ৫০৬ জন শিক্ষিত নিবনুৱা৷ ৯৫% শিক্ষিত নিবনুৱাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত শেহতীয়াকৈ নিবনুৱা সমস্যা উদ্বেগজনক হৈ পৰিছে৷ যোৱা ২৮ নৱেম্বৰত ৰাজ্যখনৰ বনাসকান্ঠা জিলাত ৬০০ গ্ৰাম ৰক্ষা দল পদৰ বাবে আৱেদন কৰিবলৈ যাওঁতে সহস্ৰাধিক নিবনুৱাই ভিৰ কৰা পৰিলক্ষিত হৈছিল৷ পৰিস্থিতি এনে পৰ্যায়লৈ গতি কৰিছিল যে অৱশেষত আৰক্ষীয়ে লাঠীচাৰ্জ কৰিবলগীয়া হৈছিল৷


ইয়াৰ উপৰি ২০১৮ চনৰ তথ্যানুসৰি ৰাজ্যখনত দৰিদ্ৰতাৰ বাবে ১৬২% আৰু ২১% লোকে আত্মহত্যা কৰিছে৷ এই বিষয়বোৰক ঢাকি মাথোঁ চমকেৰে ৰাজনীতি কৰি গৈছে বিজেপিয়ে৷ গুজৰাটৰ দৰিদ্ৰতাৰ প্ৰকৃত ছবিখন ঢাকি ৰাখিবলৈ গুজৰাটলৈ যোৱা বছৰ ফেব্ৰুৱাৰীত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আহোঁতে গুজৰাটৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বস্তি অঞ্চলত পকী দেৱাল নিৰ্মাণ কৰিছিল৷ যি কথাই উন্মোচন কৰিছিল বিজেপিয়ে গুজৰাটক লৈ কৰি অহা ৰাজনীতিক৷ দৰিদ্ৰতা, নিবনুৱাই ছানি ধৰা গুজৰাটৰ আচল ছবিবোৰ পোহৰলৈ আহিবলৈ লোৱাৰে পৰা বিজেপিয়ে ক'বলৈ বাদ দিছে গুজৰাট মডেলৰ কথা৷ এতিয়া আৰু গুজৰাট মডেলেৰে বিজেপিৰ ৰাজনীতি নচলে, সেই কথা দলটোৱে বুজি উঠিলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি