--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মমতা বনাম মোদী - তুমুল ৰাজনৈতিক সংঘৰ্ষ পশ্চিম বংগত। ভাৰতীয় জনতা পাৰ্টীৰ বাঘা বাঘা নেতা উবুৰি খাই পৰিছিল পশ্চিম বংগত। নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ নিৰন্তৰ প্ৰচেষ্টা। লক্ষ্য, মমতাৰ অভেদ্য দুৰ্গ দখল কৰা। বংগৰ ৰাণীয়ে যুঁজিলে শক্তিশালী বিজেপিৰ বিৰুদ্ধে। অৱশেষত মুখথেকেচা খালে গেৰুৱা দলে। বিশাল ব্যৱধানত পৰাজিত হ'ল বিজেপি। ইমানতে হাৰ নামানি পুনৰবাৰ পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়িছে বিজেপি। এইবাৰ কলকাতা পৌৰ নিকায়ৰ নিৰ্বাচনত নতুন ৰণনীতিৰে অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টী।

১৯ ডিচেম্বৰত কলকাতা পৌৰ নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি পশ্চিম বংগ ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে জাননী জাৰি কৰিছে। মুঠ ১৪৪ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃণমূলৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰবাৰ সাঁজু হৈছে বিজেপি। বিধানসভা নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰিও পৰাজয়ৰ গৰাহত পৰা বিজেপিয়ে এইবাৰ ৰচিছে নতুন ৰণনীতি। কলকাতা চিভিক ইলেকচনত যুৱশক্তিৰে অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টী। ১৪৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা। প্ৰায় ৪৮ খন নতুন মুখ প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে বিজেপিয়ে।

কলকাতা পৌৰ নিকায় নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যবাহী প্ৰতাপ বেনাৰ্জীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে, 'আমি কলকাতা পৌৰ নিকায় নিৰ্বাচনৰ বাবে ৪৮ ৰ পৰা ৫০ গৰাকী যুৱ আৰু প্ৰায় ৫০ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। ইয়াৰ উপৰি পাঁচগৰাকী উকীল, এগৰাকী প্ৰাক্তন কৰ্ণেল, তিনিগৰাকী ডাক্টৰ আৰু চাৰিগৰাকী শিক্ষক/প্ৰবক্তা প্ৰতিদ্বন্দ্বিতাত থাকিব। ইয়াৰ লগতে আমি ২১ গৰাকী ব্যৱসায়ী আৰু শিক্ষাৰ্থীকো সুযোগ দিছো আৰু আমি এক ভাল ফলাফল আশা কৰিছো।'

বিজেপিৰ তালিকাত সংখ্যালঘু প্ৰাৰ্থীৰ সংখ্যাৰ বিষয়ে কৰা প্ৰশ্ন প্ৰসংগত কয় যে, কোনো বৰ্ণৰ ভিত্তিত তেওঁলোকে তালিকা প্ৰস্তুত কৰা নাই। বিজেপিয়ে ধৰ্ম আৰু বৰ্ণৰ নামত ৰাজনীতি নকৰে বুলিও কয়। নিজ নিজ অঞ্চলৰ মানুহৰ সৈতে সু-সম্পৰ্ক থকা লোককহে টিকট দিয়া বুলি বিজেপি মুখপাত্ৰই দাবী কৰে।

মমতাৰ দুৰ্গত পুনৰবাৰ আক্ৰমণ কৰিব যোৱা গেৰুৱা দল কিমান সফল হয় সেয়া সময়ত লক্ষ্যণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র