--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মমতা বনাম মোদী - তুমুল ৰাজনৈতিক সংঘৰ্ষ পশ্চিম বংগত। ভাৰতীয় জনতা পাৰ্টীৰ বাঘা বাঘা নেতা উবুৰি খাই পৰিছিল পশ্চিম বংগত। নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ নিৰন্তৰ প্ৰচেষ্টা। লক্ষ্য, মমতাৰ অভেদ্য দুৰ্গ দখল কৰা। বংগৰ ৰাণীয়ে যুঁজিলে শক্তিশালী বিজেপিৰ বিৰুদ্ধে। অৱশেষত মুখথেকেচা খালে গেৰুৱা দলে। বিশাল ব্যৱধানত পৰাজিত হ'ল বিজেপি। ইমানতে হাৰ নামানি পুনৰবাৰ পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়িছে বিজেপি। এইবাৰ কলকাতা পৌৰ নিকায়ৰ নিৰ্বাচনত নতুন ৰণনীতিৰে অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টী।

১৯ ডিচেম্বৰত কলকাতা পৌৰ নিকায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি পশ্চিম বংগ ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে জাননী জাৰি কৰিছে। মুঠ ১৪৪ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃণমূলৰ বিৰুদ্ধে যুঁজিবলৈ পুনৰবাৰ সাঁজু হৈছে বিজেপি। বিধানসভা নিৰ্বাচনত সৰ্বশক্তি প্ৰয়োগ কৰিও পৰাজয়ৰ গৰাহত পৰা বিজেপিয়ে এইবাৰ ৰচিছে নতুন ৰণনীতি। কলকাতা চিভিক ইলেকচনত যুৱশক্তিৰে অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টী। ১৪৪ টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা। প্ৰায় ৪৮ খন নতুন মুখ প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে বিজেপিয়ে।

কলকাতা পৌৰ নিকায় নিৰ্বাচনৰ বিজেপিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যবাহী প্ৰতাপ বেনাৰ্জীয়ে এক সংবাদ মেল সম্বোধন কৰি কয় যে, 'আমি কলকাতা পৌৰ নিকায় নিৰ্বাচনৰ বাবে ৪৮ ৰ পৰা ৫০ গৰাকী যুৱ আৰু প্ৰায় ৫০ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছো। ইয়াৰ উপৰি পাঁচগৰাকী উকীল, এগৰাকী প্ৰাক্তন কৰ্ণেল, তিনিগৰাকী ডাক্টৰ আৰু চাৰিগৰাকী শিক্ষক/প্ৰবক্তা প্ৰতিদ্বন্দ্বিতাত থাকিব। ইয়াৰ লগতে আমি ২১ গৰাকী ব্যৱসায়ী আৰু শিক্ষাৰ্থীকো সুযোগ দিছো আৰু আমি এক ভাল ফলাফল আশা কৰিছো।'

বিজেপিৰ তালিকাত সংখ্যালঘু প্ৰাৰ্থীৰ সংখ্যাৰ বিষয়ে কৰা প্ৰশ্ন প্ৰসংগত কয় যে, কোনো বৰ্ণৰ ভিত্তিত তেওঁলোকে তালিকা প্ৰস্তুত কৰা নাই। বিজেপিয়ে ধৰ্ম আৰু বৰ্ণৰ নামত ৰাজনীতি নকৰে বুলিও কয়। নিজ নিজ অঞ্চলৰ মানুহৰ সৈতে সু-সম্পৰ্ক থকা লোককহে টিকট দিয়া বুলি বিজেপি মুখপাত্ৰই দাবী কৰে।

মমতাৰ দুৰ্গত পুনৰবাৰ আক্ৰমণ কৰিব যোৱা গেৰুৱা দল কিমান সফল হয় সেয়া সময়ত লক্ষ্যণীয় হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক