--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাবা জাডেজাৰ এখন প’ষ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।  শাসনাধীষ্ট বিজেপিৰ হৈ নিৰ্বাচন খেলা ৰিৱাবাৰ প’ষ্টাৰখনত ক্ৰিকেটাৰগৰাকীৰ এখন ফটো আছে। তাত তেওঁ ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি আছে।

প’ষ্টাৰখনৰ বিৰোধিতা কৰি আম আদমী পাৰ্টিৰ এগৰাকী সাংসদে টুইটাৰযোগে কয় যে পূৰ্বে ক্ৰীড়াবিদসকল ৰাজনীতিৰ পৰা আঁতৰি আছিল। কিন্তু এতিয়া মুকলিকৈ ৰাজনীতি কৰা আৰম্ভ কৰিছে।

''বিজেপিয়ে কোনো প্ৰতিষ্ঠান ধ্বংস কৰিবলৈ এৰা নাই।’’- আপ সাংসদ বাল্যানে কয়।

উল্লেখ্য যে ৰবীন্দ্ৰ জাডেজাৰ পত্নীয়ে কেইদিনমানৰ পূৰ্বে এটা সাক্ষাৎকাৰত কৈছিল যে ক্ৰিকটাৰগৰাকীয়ে তেওঁক ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাত আকুণ্ঠ সমৰ্থন আগবঢ়াইছে।

''কোৱা হয় যে প্ৰত্যেক পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। সেইদৰে, এইটোও গুৰুত্বপূৰ্ণ যে প্ৰতিগৰাকী মহিলাৰ সফলতাৰ আঁৰত তেওঁৰ স্বামী আৰু ভাতৃ থাকে।’’- ৰিৱাবাই এইদৰে কৈছিল।

আপৰ উপৰিও টুইটাৰত কেইবাজনো লোকে প’ষ্টাৰখন সন্দৰ্ভত বিচিচিআইৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে সুধিছে যে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি নিৰ্বাচনত ব্যৱহাৰ কৰাৰ অনুমতি আছেনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু