--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিৱাবা জাডেজাৰ এখন প’ষ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।  শাসনাধীষ্ট বিজেপিৰ হৈ নিৰ্বাচন খেলা ৰিৱাবাৰ প’ষ্টাৰখনত ক্ৰিকেটাৰগৰাকীৰ এখন ফটো আছে। তাত তেওঁ ভাৰতীয় দলৰ জাৰ্চি পৰিধান কৰি আছে।

প’ষ্টাৰখনৰ বিৰোধিতা কৰি আম আদমী পাৰ্টিৰ এগৰাকী সাংসদে টুইটাৰযোগে কয় যে পূৰ্বে ক্ৰীড়াবিদসকল ৰাজনীতিৰ পৰা আঁতৰি আছিল। কিন্তু এতিয়া মুকলিকৈ ৰাজনীতি কৰা আৰম্ভ কৰিছে।

''বিজেপিয়ে কোনো প্ৰতিষ্ঠান ধ্বংস কৰিবলৈ এৰা নাই।’’- আপ সাংসদ বাল্যানে কয়।

উল্লেখ্য যে ৰবীন্দ্ৰ জাডেজাৰ পত্নীয়ে কেইদিনমানৰ পূৰ্বে এটা সাক্ষাৎকাৰত কৈছিল যে ক্ৰিকটাৰগৰাকীয়ে তেওঁক ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰাত আকুণ্ঠ সমৰ্থন আগবঢ়াইছে।

''কোৱা হয় যে প্ৰত্যেক পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে। সেইদৰে, এইটোও গুৰুত্বপূৰ্ণ যে প্ৰতিগৰাকী মহিলাৰ সফলতাৰ আঁৰত তেওঁৰ স্বামী আৰু ভাতৃ থাকে।’’- ৰিৱাবাই এইদৰে কৈছিল।

আপৰ উপৰিও টুইটাৰত কেইবাজনো লোকে প’ষ্টাৰখন সন্দৰ্ভত বিচিচিআইৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে সুধিছে যে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি নিৰ্বাচনত ব্যৱহাৰ কৰাৰ অনুমতি আছেনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক