--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''নাৰীক শাৰী পিন্ধিলেও দেখি ভাল লাগে, চেলোৱাৰ পিন্ধিলেও দেখি ভাল লাগে আৰু একো নিপিন্ধিলেও মই ভাল দেখো।’’ যোগগুৰু বাবা ৰামদেৱে মহাৰাষ্ট্ৰ এটা অনুষ্ঠানত কৰা এই মন্তব্যই শেহতীয়াকৈ তীব্ৰ প্ৰতিক্ৰিয়া লাভ কৰিছে।

ৰামদেৱৰ এই মন্তব্যক লৈ সৰৱ হৈ পৰিছে দিল্লী কমিছন ফৰ ৱ’মেনৰ মুৰব্বী স্বাতী মালিৱালে। টুইটাৰযোগে ৰামদেৱৰ বক্তব্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি মালিৱালে যোগগুৰুজনৰ পৰা ক্ষমাপ্ৰাৰ্থনাৰ দাবী কৰিছে।

''সকলো নাৰীকে এই মন্তব্যই আঘাট দিছে। বাবা ৰামদেৱজীয়ে দেশবাসীৰ ওচৰত মন্তব্যটোৰ বাবে ক্ষমা বিচৰা উচিত।’’- মালিৱালে টুইটাৰত লিখে।

উল্লেখ্য যে অনুষ্ঠানটোত মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অম্ৰুতা ফাডনাৱিছো উপস্থিত আছিল। ৰামদেৱৰ এই মন্তব্যৰ প্ৰতিবাদ অম্ৰুতাই অনুষ্ঠানটোত কিয় নকৰিলে সেই লৈও উদ্ধৱ ঠাকৰেপন্থী শিৱসেনাৰ নতা সঞ্জয় ৰাউটে প্ৰশ্ন তুলিছে।

ৰাউটে প্ৰশ্ন কৰে যে ৰামদেৱৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে কিয় কোনো ব্যৱস্থা লোৱা নাই? মহাৰাষ্ট্ৰ চৰকাৰৰ কণ্ঠ দিল্লীৰ ওচৰত বন্ধকত ৰখা হৈছে নেকি?

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন