--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটত নিৰ্বাচনী দিন ঘোষণাৰ এদিন পাছতে আজি অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে৷ এসময়ৰ টিভি এংকৰ ইছুদান গড়ৱী হ’ব আপৰ গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী৷ অৰবিন্দ কেজৰিৱালে আজি গড়ৱীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতেই গুজৰাটত যুদ্ধংদেহী ৰূপত প্ৰৱেশ কৰিলে আম আদমী পাৰ্টীয়ে৷ দলটোৱে শাসনাধিষ্ঠিত বিজেপিক উৎখাত কৰাৰ প্ৰচেষ্টাৰে আক্ৰমণাত্মক প্ৰচাৰ অব্যাহত ৰাখিছে৷

গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব লাগে সেই সন্দৰ্ভত আপৰ এক জৰীপত প্ৰাক্তন সাংবাদিক আৰু টিভি এংকৰ ইচুদান গাধৱীয়ে ৭৩ শতাংশ ভোট লাভ কৰে৷ আপে এটা ফোন নম্বৰ মুকলি কৰিছিল, য’ত গুজৰাটৰ জনসাধাৰণক তেওঁলোকৰ পচন্দৰ নাম বাচনি কৰিবলৈ কোৱা হৈছিল৷

দলটোৱে একেধৰণৰ পদ্ধতিৰে ভগৱন্ত মানকো পঞ্জাবত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বাচনি কৰিছিল। ৪০ বছৰীয়া ইচুদান গাধৱীয়ে বিগত বৰ্ষৰ জুনত আপত যোগদান কৰিছিল। মোৰ দৰে এজন কৃষকপুত্ৰক অৰবিন্দ কেজৰিৱালৰ দলত ইমান গুৰুদায়িত্ব দিয়া হৈছে৷ মই অভিভূত হৈ পৰিছোঁ— আজি কেজৰিৱালৰ ঘোষণাৰ পাছত এক আৱেগিক ভাষণত গড়ৱীয়ে এনেদৰে কয়৷ তেওঁ লগতে কয়, মই যিমান পাৰো সৰ্বশ্ৰেষ্ঠ কাম কৰিবলৈ চেষ্টা কৰিম। ঈশ্বৰে মোক সকলো দিছে। এতিয়া মই মোৰ সহকৰ্মী গুজৰাটীসকলক তেওঁলোকৰ প্ৰয়োজনীয় সকলোখিনি দিব বিচাৰো৷ মই মোৰ শেষ উশাহলৈকে লোকসকলক সেৱা কৰিম।

আপৰ গুজৰাট গোটৰ সভাপতি গোপাল ইটালিয়াও দৌৰত আছিল। আপৰ মুৰব্বীৰ সৈতে এক বৈঠকৰ পিছত তেওঁৰ সিদ্ধান্তত মোহৰ লগোৱা হৈছিল। গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত ভোটদান অনুষ্ঠিত হ’ব আৰু ফলাফল ৮ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

আপে গুজৰাটত এক বৃহৎ প্ৰচাৰ চলাইছে৷ পৰম্পৰাগতভাৱে বিজেপি বনাম কংগ্ৰেছৰ যুঁজত বাধা দিবলৈ আৰু শাসকীয় দলৰ মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সংকল্পবদ্ধ হৈছে আম আদমী পাৰ্টী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু