--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিগত কিছু দিন ধৰি গুজৰাটত কেইবাটাও  ড্ৰাগছৰ ঘাটি  আৱিষ্কাৰ  হোৱাৰ পিছত বৰ্তমান সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ এক কথাত চৰকাৰক সমালোচনা কৰিবলৈ আন এক সুৱৰ্ণ সুযোগ পাইছে  আপৰ ৰাষ্ট্ৰীয় আহ্বায়কজনে৷  অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে গুজৰাট বন্দৰৰ পৰা  বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তলৈ৷ 

গুজৰাট  চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কেজৰিৱালে কয় যে, ৰাজ্যখনত ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাত শীৰ্ষ প্ৰশাসন বিফল হৈছে৷ চৰকাৰৰ ভূমিকা সন্দৰ্ভত মানুহে প্ৰশ্ন উত্থাপন কৰি আহিছে আৰু বহুলোকে এইক্ষেত্ৰত  প্ৰশাসন জড়িত বুলিও অনুভৱ কৰে।

গুজৰাটত ড্ৰাগছ জব্দ কৰাৰ সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীজনে  কয় যে  "শেহতীয়াকৈ সংঘটিত কেইবাটাও ঘটনাই দেখুৱাইছে যে গুজৰাট বন্দৰৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহ কৰি থকা হৈছে। ইয়াৰ পৰা, ড্ৰাগছবোৰ পঞ্জাৱ আৰু দেশৰ অন্যান্য প্ৰান্তলৈ যায়।"

ইয়াৰোপৰি, ড্ৰাগছৰ অবৈধ ব্যৱসায়ত শীৰ্ষ প্ৰশাসন জড়িত হৈ থকাৰ সম্ভাৱনা আছে বুলিও দিল্লীৰ মুখ্যমন্ত্ৰীজনে অভিযোগ উত্থাপন কৰে৷ অৱশ্যে পোনপটীয়াকৈ কোনো বন্দৰৰ নাম লোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

 গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তেই  আপৰ ৰাষ্ট্ৰীয় আহ্বায়জনকো বৰ্তমান ব্যস্ত হৈ পৰা দেখা গৈছে৷ 
গুজৰাটৰ শাসনত থকা ভাৰতীয় জনতা পাৰ্টিৰ  চৰকাৰখনক  সমালোচনা কৰি কেজৰিৱালে কয় যে , "গুজৰাটৰ পৰা এই ড্ৰাগছসমূহ  সমগ্ৰ দেশতে বিয়পি পৰিছে।ফলস্বৰূপে,  সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই অবৈধ  সেৱন কৰি আছে। গুজৰাটৰ যুৱক-যুৱতীসকলেও  এই ড্ৰাগছ  সেৱন কৰে।গুজৰাটৰ  ড্ৰাগছ পঞ্জাৱ আৰু দেশৰ অন্যান্য প্ৰান্তলৈও যায়। এইটো বন্ধ হ'ব লাগে। ড্ৰাগছৰ অবৈধ ব্যৱসায়  কিয় বন্ধ কৰা হোৱা নাই তাক লৈ এতিয়া সকলো ক্ষোভিত হৈ পৰিছে৷ ”

প্ৰসংগক্ৰমে  কেজৰিৱালে  গুজৰাটৰ জনসাধাৰণক  দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। জানিব পৰা মতে , গুজৰাট বিধানসভা নিৰ্বাচন এই বছৰৰ ডিচেম্বৰত আৰম্ভ হ'ব৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু