--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিগত কিছু দিন ধৰি গুজৰাটত কেইবাটাও  ড্ৰাগছৰ ঘাটি  আৱিষ্কাৰ  হোৱাৰ পিছত বৰ্তমান সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ এক কথাত চৰকাৰক সমালোচনা কৰিবলৈ আন এক সুৱৰ্ণ সুযোগ পাইছে  আপৰ ৰাষ্ট্ৰীয় আহ্বায়কজনে৷  অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে গুজৰাট বন্দৰৰ পৰা  বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰা হৈছে দেশৰ বিভিন্ন প্ৰান্তলৈ৷ 

গুজৰাট  চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কেজৰিৱালে কয় যে, ৰাজ্যখনত ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাত শীৰ্ষ প্ৰশাসন বিফল হৈছে৷ চৰকাৰৰ ভূমিকা সন্দৰ্ভত মানুহে প্ৰশ্ন উত্থাপন কৰি আহিছে আৰু বহুলোকে এইক্ষেত্ৰত  প্ৰশাসন জড়িত বুলিও অনুভৱ কৰে।

গুজৰাটত ড্ৰাগছ জব্দ কৰাৰ সন্দৰ্ভত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীজনে  কয় যে  "শেহতীয়াকৈ সংঘটিত কেইবাটাও ঘটনাই দেখুৱাইছে যে গুজৰাট বন্দৰৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহ কৰি থকা হৈছে। ইয়াৰ পৰা, ড্ৰাগছবোৰ পঞ্জাৱ আৰু দেশৰ অন্যান্য প্ৰান্তলৈ যায়।"

ইয়াৰোপৰি, ড্ৰাগছৰ অবৈধ ব্যৱসায়ত শীৰ্ষ প্ৰশাসন জড়িত হৈ থকাৰ সম্ভাৱনা আছে বুলিও দিল্লীৰ মুখ্যমন্ত্ৰীজনে অভিযোগ উত্থাপন কৰে৷ অৱশ্যে পোনপটীয়াকৈ কোনো বন্দৰৰ নাম লোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

 গুজৰাট বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তেই  আপৰ ৰাষ্ট্ৰীয় আহ্বায়জনকো বৰ্তমান ব্যস্ত হৈ পৰা দেখা গৈছে৷ 
গুজৰাটৰ শাসনত থকা ভাৰতীয় জনতা পাৰ্টিৰ  চৰকাৰখনক  সমালোচনা কৰি কেজৰিৱালে কয় যে , "গুজৰাটৰ পৰা এই ড্ৰাগছসমূহ  সমগ্ৰ দেশতে বিয়পি পৰিছে।ফলস্বৰূপে,  সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই অবৈধ  সেৱন কৰি আছে। গুজৰাটৰ যুৱক-যুৱতীসকলেও  এই ড্ৰাগছ  সেৱন কৰে।গুজৰাটৰ  ড্ৰাগছ পঞ্জাৱ আৰু দেশৰ অন্যান্য প্ৰান্তলৈও যায়। এইটো বন্ধ হ'ব লাগে। ড্ৰাগছৰ অবৈধ ব্যৱসায়  কিয় বন্ধ কৰা হোৱা নাই তাক লৈ এতিয়া সকলো ক্ষোভিত হৈ পৰিছে৷ ”

প্ৰসংগক্ৰমে  কেজৰিৱালে  গুজৰাটৰ জনসাধাৰণক  দুৰ্নীতিমুক্ত চৰকাৰ গঠন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। জানিব পৰা মতে , গুজৰাট বিধানসভা নিৰ্বাচন এই বছৰৰ ডিচেম্বৰত আৰম্ভ হ'ব৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement