--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোৱা তিনিমাহত বিভিন্ন গোচৰ সন্দৰ্ভত অভিযান চলাই ইডিয়ে প্ৰায় ১০০ কোটি নগদ ধন উদ্ধাৰ কৰিছে৷ শেহতীয়াকৈ,  এটা মোবাইল গেমিং এপ্লিকেচন সম্পৰ্কীয় জালিয়াতিৰ গোচৰত কলকাতাস্থিত এজন ব্যৱসায়ীৰ বাসগৃহৰ পৰা পুনৰ  ১৭ কোটিতকৈয়ো  অধিক ধন জব্দ কৰে ইডিয়ে৷ 

ইডিৰ বিষয়াসকলে উদ্ধাৰ কৰা নগদ ধন গণনা কৰিবলৈ মুদ্ৰা গণনা যন্ত্ৰৰ সৈতে প্ৰায় আঠজন বেংক বিষয়াক মাতি অনা হৈছিল। যোৱা সপ্তাহবোৰত, বিত্তীয় তদন্তকাৰী  সংস্থাটোৱে পশ্চিম বংগ এছ এছ চি কেলেংকাৰীৰ সন্দৰ্ভত নিলম্বিত মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ সহায়ক অৰ্পিতা মুখাৰ্জীৰ এপাৰ্টমেণ্টৰ পৰাও নগদ ৫০ কোটি টকা উদ্ধাৰ ধৰি কৰিছিল৷ইয়াৰ পূৰ্বতে কোনো তদন্তকাৰী সংস্থাই এনে বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ নজিৰ নাই৷ 

অৰ্পিতা মুখাৰ্জীৰ ঘৰত উদ্ধাৰ হোৱা অবৈধ ধনৰ গণনা প্ৰায় ২৪ ঘণ্টা ধৰি চলিছিল৷  আনকি বেংক বিষয়াসকলেও জব্দ কৰা নগদ ধন গণনা কৰি কৰি ভাগৰি পৰিছিল।
ইয়াৰ আগতে, ইডি বিষয়াসকলে  ঝাৰখণ্ড খনন কেলেংকাৰীত  নগদ ২০  কোটি টকা জব্দ কৰিছিল৷ 

বিত্তীয় অনুসন্ধান সংস্থাটোক ধন জব্দ কৰিবলৈ অনুমতি দিয়া হৈছে যদিও তেওঁলোকে উদ্ধাৰ কৰা নগদ ধন তেওঁলোকৰ ওচৰত ৰাখিব নোৱাৰে। আইন অনুসৰি অনুসৰি, যেতিয়াই সংস্থাটোৱে নগদ ধন উদ্ধাৰ কৰে, অভিযুক্তক নগদ ধনৰ উৎস ব্যাখ্যা কৰাৰ সুযোগ দিয়া হয়। যদি সন্দেহযুক্ত ব্যক্তিজনে বৈধ উত্তৰেৰে অনুসন্ধানকাৰীসকলক সন্তুষ্ট কৰাত ব্যৰ্থ হয়, নগদ ধনক হিচাপ বিহীন নগদ ধন আৰু অসৎ উপায়েৰে উপাৰ্জন কৰা ধন হিচাপে গণ্য কৰা হয়।

পৰৱৰ্তী সময়ত, অবৈধ ধনৰ লেন-দেন প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত জব্দ কৰা হয় আৰু ইডিয়ে ভাৰতীয় ষ্টেট বেংকৰ বিষয়াসকলক উদ্ধাৰ হোৱা মুদ্ৰা গণনা কৰিবলৈ আহ্বান জনায়। নোট গণনা যন্ত্ৰ এটাৰ সহায়ত, নোট গণনা কৰা হয়৷  ইয়াৰ পিছত বেঙ্ক বিষয়াসকলৰ উপস্থিতিত ইডিৰ  বিষয়াসকলৰ দ্বাৰা জব্দ ধনৰ তালিকা প্ৰস্তুত কৰা হয়।

অৱশ্যে, জব্দ কৰা ধন প্ৰৱৰ্তন সঞ্চালকালয়, বেংক বা চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰে। যিজন ব্যক্তিৰ পৰা অবৈধ ধন উদ্ধাৰ কৰা হয়, সেই ব্যক্তিজনৰ ওপৰত আৰোপ কৰা  গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে ধন বেঙ্কৰ অধীনত থাকে। যদি অভিযুক্তজন দোষী সাব্যস্ত হয়, তেন্তে নগদ ধনৰাশি   কেন্দ্ৰৰ সম্পত্তি হৈ পৰে আৰু যদি অভিযুক্তক আদালতে নিৰ্দোষী সাব্যস্ত কৰে, তেন্তে নগদ ধন ঘূৰাই দিয়া হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী