--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত ৰাজসভাত সকলোৰে সন্মুখত  দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ চেষ্টা চলিছিল। আধুনিক কালতো যেন লোকসভাত নাৰীক অপমান কৰা হ’ল। আজি লোকসভাৰ মজিয়াত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীক উদ্দেশ্যি এগৰাকী বিজেপি সাংসদে কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

মূল বিষয়ৰ পৰা আঁতৰি গৈ বিজেপিৰ সাংসদগৰাকীয়ে ছোনিয়া গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে।  বিজেপিৰ সাংসদ  নিশিকান্ত ডুবেই  ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীৰ সৈতে চীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি কয়  "মই ছোনিয়া গান্ধীক সন্মান কৰোঁ কিন্তু তেওঁৰ দুটা কাম আছে –  তেওঁৰ পুত্ৰৰ বাবে স্থান নিগাজি  কৰিবলৈ আৰু তেওঁৰ জোঁৱায়েকক  উপহাৰ দিবলৈয়েই  অনাস্থা প্ৰস্তাৱ অনা হৈছে।’’  

বিজেপি সাংসদ নিশিকান্ত ডুবেৰ কথাত  শাসকীয় দলৰ সাংসদসকলে হাঁহিত ফাটি পৰে। ইয়াৰ মাজতে  বিৰোধী সদস্যসকলে চৰকাৰ বিৰোধী শ্ল'গান দিবলৈ আৰম্ভ কৰে  আৰু লোকসভাৰ অধ্যক্ষক ডুবেৰ  মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মন্তব্য সংসদৰ  ৰেকৰ্ডৰ পৰা আঁতৰ কৰিবলৈ দাবী জনায়।চৌধুৰীয়ে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, গৌৰৱ গগৈ , মণিকাম ঠাকুৰ আৰু কে সুৰেশৰ সৈতে অধ্যক্ষক সাক্ষাৎ কৰি এই দাবী জনায়। লোকসভাত ভাষণ দি ডুবেই নিউয়ৰ্ক টাইমছত এটা বাতৰিৰ বিষয় উত্থাপন কৰিছিল। য'ত দাবী কৰা হৈছিল যে ৱেব পৰ্টেল নিউজক্লিকে ৩৮ কোটি টকাৰ পুঁজি লাভ কৰিছে আৰু এই ধন ভাৰত বিৰোধী পৰিৱেশ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হৈছে। 

ডুবেই অভিযোগ কৰিছিল যে নিউজক্লিক ভাৰত বিৰোধী 'টুকডে টুকডে'ৰ সদস্য  আৰু সেই পূঁজি চীনৰ পৰা কংগ্ৰেছলৈ  গৈছে। তেওঁ কয়  "... ২০০৫ আৰু ২০১৪  চনৰ ভিতৰত চীনা চৰকাৰে কংগ্ৰেছক ধন পৰিশোধ কৰিছে... কংগ্ৰেছে ভাৰতক বিভাজন কৰিব বিচাৰে...।"  কংগ্ৰেছৰ লোকসভা হুইপ মণিকাম ঠাকুৰে বিজেপি সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে বিশেষাধিকাৰ জাননী দাখিল কৰে। ছোনিয়া গান্ধীক আক্ৰমণ কৰিবলৈ গৈ বিজেপি সাংসদ গৰাকীয়ে পুত্ৰ জোৱায়েকৰ কথা টানি অনাৰ বিষয়টোক আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংসদৰ তিনি শতাধিক বিজেপি সাংসদে এগৰাকী মহিলাকলৈ ঠাট্টা-মস্কৰা কৰাৰ বিষয়টো নিন্দনীয় বুলি আপৰ সাংসদ নৰেশ বালৱানে মন্তব্য কৰে।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস