--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত ৰাজসভাত সকলোৰে সন্মুখত  দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ চেষ্টা চলিছিল। আধুনিক কালতো যেন লোকসভাত নাৰীক অপমান কৰা হ’ল। আজি লোকসভাৰ মজিয়াত কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধীক উদ্দেশ্যি এগৰাকী বিজেপি সাংসদে কৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

মূল বিষয়ৰ পৰা আঁতৰি গৈ বিজেপিৰ সাংসদগৰাকীয়ে ছোনিয়া গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে।  বিজেপিৰ সাংসদ  নিশিকান্ত ডুবেই  ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীৰ সৈতে চীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি কয়  "মই ছোনিয়া গান্ধীক সন্মান কৰোঁ কিন্তু তেওঁৰ দুটা কাম আছে –  তেওঁৰ পুত্ৰৰ বাবে স্থান নিগাজি  কৰিবলৈ আৰু তেওঁৰ জোঁৱায়েকক  উপহাৰ দিবলৈয়েই  অনাস্থা প্ৰস্তাৱ অনা হৈছে।’’  

বিজেপি সাংসদ নিশিকান্ত ডুবেৰ কথাত  শাসকীয় দলৰ সাংসদসকলে হাঁহিত ফাটি পৰে। ইয়াৰ মাজতে  বিৰোধী সদস্যসকলে চৰকাৰ বিৰোধী শ্ল'গান দিবলৈ আৰম্ভ কৰে  আৰু লোকসভাৰ অধ্যক্ষক ডুবেৰ  মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি বিজেপি সাংসদ নিশিকান্ত ডুবেৰ মন্তব্য সংসদৰ  ৰেকৰ্ডৰ পৰা আঁতৰ কৰিবলৈ দাবী জনায়।চৌধুৰীয়ে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ, গৌৰৱ গগৈ , মণিকাম ঠাকুৰ আৰু কে সুৰেশৰ সৈতে অধ্যক্ষক সাক্ষাৎ কৰি এই দাবী জনায়। লোকসভাত ভাষণ দি ডুবেই নিউয়ৰ্ক টাইমছত এটা বাতৰিৰ বিষয় উত্থাপন কৰিছিল। য'ত দাবী কৰা হৈছিল যে ৱেব পৰ্টেল নিউজক্লিকে ৩৮ কোটি টকাৰ পুঁজি লাভ কৰিছে আৰু এই ধন ভাৰত বিৰোধী পৰিৱেশ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হৈছে। 

ডুবেই অভিযোগ কৰিছিল যে নিউজক্লিক ভাৰত বিৰোধী 'টুকডে টুকডে'ৰ সদস্য  আৰু সেই পূঁজি চীনৰ পৰা কংগ্ৰেছলৈ  গৈছে। তেওঁ কয়  "... ২০০৫ আৰু ২০১৪  চনৰ ভিতৰত চীনা চৰকাৰে কংগ্ৰেছক ধন পৰিশোধ কৰিছে... কংগ্ৰেছে ভাৰতক বিভাজন কৰিব বিচাৰে...।"  কংগ্ৰেছৰ লোকসভা হুইপ মণিকাম ঠাকুৰে বিজেপি সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে বিশেষাধিকাৰ জাননী দাখিল কৰে। ছোনিয়া গান্ধীক আক্ৰমণ কৰিবলৈ গৈ বিজেপি সাংসদ গৰাকীয়ে পুত্ৰ জোৱায়েকৰ কথা টানি অনাৰ বিষয়টোক আম আদমী পাৰ্টীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সংসদৰ তিনি শতাধিক বিজেপি সাংসদে এগৰাকী মহিলাকলৈ ঠাট্টা-মস্কৰা কৰাৰ বিষয়টো নিন্দনীয় বুলি আপৰ সাংসদ নৰেশ বালৱানে মন্তব্য কৰে।








 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন