--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি গুজৰাট ভ্ৰমণ কৰি থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি ৰাজ্য খনত আক্ৰমণৰ সন্মুখীন হয়। গুজৰাটত গৰবা অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা হয়। ৰাজকোটত এক অনুষ্ঠানত ভাগ লোৱাৰ সময়তে  কেজৰিৱালক লক্ষ্য কৰি দুৰ্বৃত্তই  পানীৰ বটল নিক্ষেপ  কৰে।

 তেওঁ খোৰালধাম মন্দিৰৰ অনুষ্ঠানত যোগদান কৰিছিল। সেই সময়ত পানীৰ বটল এটা তেওঁৰ ফালে উফৰি  যোৱা দেখা গৈছিল। অৱশ্যে, কেজৰীৱালৰ দেহত বটলটোৱে আঘাত কৰিব নোৱাৰিলে। উল্লেখ্য কেজৰিৱালে সমগ্ৰ দেশজুৰি নৱৰাত্ৰি উদযাপনৰ মাজতে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে। 




আজি  তেওঁ খোৰেলধাম মন্দিৰলৈ গৈছিল আৰু গৰবা অনুষ্ঠানত যোগদান কৰিছিল। ৰাজকোটৰ এই মন্দিৰত তেওঁৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আছিল। । কেইবাজনো দলীয় কৰ্মী আৰু সমৰ্থকো তেওঁলোকৰ সৈতে আছিল। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটো উপভোগ কৰি থকাৰ সময়তে পানীৰ বটল নিক্ষেপৰ ঘটনাটো ঘটে। এই ঘটনাত কেজৰিৱাল  অলপ বিভ্ৰান্ত হৈ পৰা দেখা যায়। 

এজন ব্যক্তিয়ে পিছফালৰ পৰা কেজৰিৱাললৈ পানীৰ বটল এটা দলিয়াই দিয়াৰ দৃশ্য বহুতেই দেখিছিল।  বটলটো আহি তেওঁৰ সন্মুখতে পৰিছিল। অৱশ্যে, দুৰ্বৃত্তক আটক কৰিব পৰা হোৱা নাই।  উল্লেখ্য ইয়াৰ পূৰ্বেও কেজৰিৱালৰ মুখত চিয়াহী নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল এজন লোকে।

 গুজৰাটত বিধানসভা নিৰ্বাচন এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব। আম আদমী পাৰ্টীয়ে পঞ্জাৱত ক্ষমতা দখল কৰাৰ পিছত গুজৰাটতো ভাল প্ৰদৰ্শন কৰিবলৈ ব্যাকুল হৈ পৰিছে। সেইকাৰণে কেজৰিৱালে ৰাজহুৱা সভাৰ পৰা শোভাযাত্ৰালৈকে সকলো অনুষ্ঠিত কৰাৰ বাবে  সঘনাই গুজৰাটলৈ ভ্ৰমণ কৰি আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু