--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি গুজৰাট ভ্ৰমণ কৰি থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি ৰাজ্য খনত আক্ৰমণৰ সন্মুখীন হয়। গুজৰাটত গৰবা অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰা হয়। ৰাজকোটত এক অনুষ্ঠানত ভাগ লোৱাৰ সময়তে  কেজৰিৱালক লক্ষ্য কৰি দুৰ্বৃত্তই  পানীৰ বটল নিক্ষেপ  কৰে।

 তেওঁ খোৰালধাম মন্দিৰৰ অনুষ্ঠানত যোগদান কৰিছিল। সেই সময়ত পানীৰ বটল এটা তেওঁৰ ফালে উফৰি  যোৱা দেখা গৈছিল। অৱশ্যে, কেজৰীৱালৰ দেহত বটলটোৱে আঘাত কৰিব নোৱাৰিলে। উল্লেখ্য কেজৰিৱালে সমগ্ৰ দেশজুৰি নৱৰাত্ৰি উদযাপনৰ মাজতে দুদিনীয়া গুজৰাট ভ্ৰমণলৈ আহিছে। 




আজি  তেওঁ খোৰেলধাম মন্দিৰলৈ গৈছিল আৰু গৰবা অনুষ্ঠানত যোগদান কৰিছিল। ৰাজকোটৰ এই মন্দিৰত তেওঁৰ সৈতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আছিল। । কেইবাজনো দলীয় কৰ্মী আৰু সমৰ্থকো তেওঁলোকৰ সৈতে আছিল। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানটো উপভোগ কৰি থকাৰ সময়তে পানীৰ বটল নিক্ষেপৰ ঘটনাটো ঘটে। এই ঘটনাত কেজৰিৱাল  অলপ বিভ্ৰান্ত হৈ পৰা দেখা যায়। 

এজন ব্যক্তিয়ে পিছফালৰ পৰা কেজৰিৱাললৈ পানীৰ বটল এটা দলিয়াই দিয়াৰ দৃশ্য বহুতেই দেখিছিল।  বটলটো আহি তেওঁৰ সন্মুখতে পৰিছিল। অৱশ্যে, দুৰ্বৃত্তক আটক কৰিব পৰা হোৱা নাই।  উল্লেখ্য ইয়াৰ পূৰ্বেও কেজৰিৱালৰ মুখত চিয়াহী নিক্ষেপ কৰাৰ চেষ্টা কৰিছিল এজন লোকে।

 গুজৰাটত বিধানসভা নিৰ্বাচন এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব। আম আদমী পাৰ্টীয়ে পঞ্জাৱত ক্ষমতা দখল কৰাৰ পিছত গুজৰাটতো ভাল প্ৰদৰ্শন কৰিবলৈ ব্যাকুল হৈ পৰিছে। সেইকাৰণে কেজৰিৱালে ৰাজহুৱা সভাৰ পৰা শোভাযাত্ৰালৈকে সকলো অনুষ্ঠিত কৰাৰ বাবে  সঘনাই গুজৰাটলৈ ভ্ৰমণ কৰি আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক