--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এইবাৰ দুৰ্গাৰ হাতত ত্ৰিশূল নহয়,দেখা গ’ল তৃণমূল দলৰ পতাকা৷দেৱী প্ৰতিমাক  এনে ব্যতিক্ৰমী ৰূপত কলকাতাত দেখা গৈছে৷ এনে ব্যতিক্ৰমী ৰূপৰ বাবে দেৱী মূৰ্তিয়ে  সকলোৰে দৃষ্টি সহজেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যদিও ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰো৷ 

ত্ৰিশূলৰ পৰিৱৰ্তে দুৰ্গাৰ হাতত  তৃণমূলৰ পতাকা আৰি দিছিল তৃণমূল দলৰে এজন নেতাই৷ নেতাজনে  এই ঘটনাটোক লৈ এতিয়া সকলোতে  বিতৰ্কৰ সৃষ্টি হৈছে৷ঘটনাটো শুক্ৰবাৰে হুগলীৰ গুৰাপৰ হাচামপুৰত সংঘটিত হৈছিল। 

দুৰ্গাই হাতত তৃণমূল দলৰ পতাকা লৈ থকা এই ফটোখন ছ’চিয়েল মিডিয়াত বহুলভাৱে সম্প্ৰচাৰিত হোৱাৰ লগে লগে  বিজেপিয়েও  দলটোক যথেষ্ট সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ।

দেৱী মূৰ্তিটোক মণ্ডপৰ পৰা পেণ্ডেললৈ লৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল৷  সেই সময়ত গুৰাপৰ হাচামপুৰৰ বাসিন্দা আৰু তৃণমূলৰ পঞ্চায়তৰ সদস্য লক্ষ্মণ মণ্ডলে ভানখনত থকা  দুৰ্গা মূৰ্তিটোক টি এম চিৰ পতাকা প্ৰদান কৰে। 

তেওঁ কিয় মূৰ্তিটোক দলৰ পতাকা প্ৰদান কৰিছিল বুলি সোধাত লক্ষ্মণে কয় যে , "বাৰাৱাৰী পূজাক ৬০,০০০ টকাৰ অনুদান দিয়া হৈছে। সেই কাৰণে আমি আজি উপাসনা কৰিব পাৰোঁ। দিদীয়ে সকলোতে উন্নয়ন কৰাৰ বাবেই  আমি মূৰ্তিটোক দলৰ পতাকা হস্তান্তৰ কৰিছো। আমি বিচাৰো যে দিদিয়ে এনে ধৰণৰ উন্নয়নমূলক কাম অব্যাহত ৰাখে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ