--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এইবাৰ দুৰ্গাৰ হাতত ত্ৰিশূল নহয়,দেখা গ’ল তৃণমূল দলৰ পতাকা৷দেৱী প্ৰতিমাক  এনে ব্যতিক্ৰমী ৰূপত কলকাতাত দেখা গৈছে৷ এনে ব্যতিক্ৰমী ৰূপৰ বাবে দেৱী মূৰ্তিয়ে  সকলোৰে দৃষ্টি সহজেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে যদিও ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰো৷ 

ত্ৰিশূলৰ পৰিৱৰ্তে দুৰ্গাৰ হাতত  তৃণমূলৰ পতাকা আৰি দিছিল তৃণমূল দলৰে এজন নেতাই৷ নেতাজনে  এই ঘটনাটোক লৈ এতিয়া সকলোতে  বিতৰ্কৰ সৃষ্টি হৈছে৷ঘটনাটো শুক্ৰবাৰে হুগলীৰ গুৰাপৰ হাচামপুৰত সংঘটিত হৈছিল। 

দুৰ্গাই হাতত তৃণমূল দলৰ পতাকা লৈ থকা এই ফটোখন ছ’চিয়েল মিডিয়াত বহুলভাৱে সম্প্ৰচাৰিত হোৱাৰ লগে লগে  বিজেপিয়েও  দলটোক যথেষ্ট সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ।

দেৱী মূৰ্তিটোক মণ্ডপৰ পৰা পেণ্ডেললৈ লৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছিল৷  সেই সময়ত গুৰাপৰ হাচামপুৰৰ বাসিন্দা আৰু তৃণমূলৰ পঞ্চায়তৰ সদস্য লক্ষ্মণ মণ্ডলে ভানখনত থকা  দুৰ্গা মূৰ্তিটোক টি এম চিৰ পতাকা প্ৰদান কৰে। 

তেওঁ কিয় মূৰ্তিটোক দলৰ পতাকা প্ৰদান কৰিছিল বুলি সোধাত লক্ষ্মণে কয় যে , "বাৰাৱাৰী পূজাক ৬০,০০০ টকাৰ অনুদান দিয়া হৈছে। সেই কাৰণে আমি আজি উপাসনা কৰিব পাৰোঁ। দিদীয়ে সকলোতে উন্নয়ন কৰাৰ বাবেই  আমি মূৰ্তিটোক দলৰ পতাকা হস্তান্তৰ কৰিছো। আমি বিচাৰো যে দিদিয়ে এনে ধৰণৰ উন্নয়নমূলক কাম অব্যাহত ৰাখে। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু