--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। দেশজুৰি গুঞ্জৰিত হৈছে গণেশৰ বন্দনা। গণেশ চতুৰ্থী উপলক্ষে যথেষ্ট ভক্তই ভিৰ কৰিছে পূজাস্থলীত। ৰং-বিৰঙৰ আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশ মন্দিৰসমূহ। গণেশ চতুৰ্থী উপলক্ষে বিশেষকৈ মহাৰাষ্ট্ৰত ব্যাপক উচাহ পৰিলক্ষিত হৈছে। অসমতো গণেশ চতুৰ্থীৰ দিনা পূজা-পাতল কৰিবলৈ গণেশ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে। 

ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। ঐতিহ্যমণ্ডিত গণেশগুৰিৰ গণেশ মন্দিৰ আৰু লতাশিলৰ গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তই ভিৰ কৰিছে। পুৱাৰে পৰা গণেশ বাবাক দৰ্শনৰ বাবে ভক্তৰ লানি লাগিছে। সমগ্ৰ দেশৰ লগতে অসমতো সিদ্ধিদাতা গণেশৰ পূজাৰ আয়োজন কৰা হৈছে। গণেশ চতুৰ্থী উপলক্ষে মহানগৰীত উখল মাখল পৰিবেশ৷ হিন্দু ধর্মৰ দেৱতাসকলৰ ভিতৰত গণেশ অন্যতম৷ সেয়েহে মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰ, লতাশিল, বেলতলা,দিছপুৰ, উলুবাৰী আৰু অন্যান্য ঠাইতো আয়োজন কৰা কৰা সিদ্ধিদাতা গণেশৰ পূজা ৷

উল্লেখ্য যে ভাৰতৰ সকলো ঠাইতে গণেশক পূজন কৰা হয় যদিও মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জ্যেষ্ঠ পুত্ৰ গণেশ আৰু কণিষ্ঠ পুত্ৰ কাৰ্তিক৷ গণেশৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ, তথাপিও সকলোতে গণেশক গজমুণ্ড মনুষ্যাকাৰ দেৱতা বুলি জনা যায়। গণেশৰ বাহন নিগনি বা এন্দুৰ৷ গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশবা বিঘ্নেশ্বৰ) গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা।পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত পালন কৰা হয়।

গণেশৰ অন্যান্য নামসমূহ হৈছে গণপতি, বিনায়ক, মহাগণপতি,বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি,হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড,একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – 'মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ।'

এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত মণ্ডপ স্থাপন কৰি গণেশক পূজা কৰা হয়। এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে 'মোডক' আৰু বুন্দিয়া লাডু মিঠাইবিধ আগবঢ়োৱা হয়। এই মিঠাই দুবিধ ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়। 

এই উত্‍সৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ, ঘৰুৱা সুখ-শান্তি,সমৃদ্ধিৰ ঈশ্বৰ বুলি মানি এই উত্‍সৱ উদযাপন কৰা হয়। সিদ্ধি বিনায়ক গজাননৰ আশীৰ্বাদত সকলোৰে জীৱনত দুখ, কষ্ট দূৰ হৈ সুখ, সমৃদ্ধি, শান্তি উপচি পৰক সেই কামনাৰে প্ৰাগ নিউজৰ ফালৰ পৰা জনালো পবিত্ৰ গণেশ চতুৰ্থীৰ অপাৰ শুভকামনা।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী