--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সতেজ পানীয় হিচাপে ৰুহ আফজা কেৱল পাকিস্তানতে নহয়, ভাৰততো  যথেষ্ট জনপ্ৰিয়। বিশেষকৈ উত্তৰ ভাৰতত এই পানীয়ৰ যথেষ্ট চাহিদা আছে। কিন্তু শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এক নতুন নিৰ্দেশ জাৰি কৰিছে।এই নিৰ্দেশনাক লৈ যথেষ্ট  প্ৰতিক্ৰিয়াৰো সৃষ্টি  হৈছে।

 দিল্লীৰ এখন আদালতে ই-কমাৰ্চ ৱেবছাইট আমাজন ইণ্ডিয়াক ভাৰতত বিক্ৰী তালিকাৰ পৰা পাকিস্তানত নিৰ্মিত 'ৰুহ আফজা' আঁতৰাবলৈ কৈছে। 'ৰুহ আফজা'ৰ ভাৰতীয় নিৰ্মাতাসকলে আদালতত অভিযোগ কৰিছিল যে পাকিস্তানত নিৰ্মিত 'ৰুহ আফজা' ভাৰতত এটা ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰা হৈছে। ভাৰতীয় নিৰ্মাতাসকলে অভিযোগ কৰিছে যে পাকিস্তানত নিৰ্মিত ৰুহ আফজা, লেবেলত কোনো উল্লেখ নকৰাকৈ ভাৰতত বিক্ৰী কৰা হৈছিল।

মন কৰিকৰিব লগীয়া যে 'ৰুহ আফজা' ভাৰতত ১১৫ বছৰ ধৰি বিক্ৰী হৈ আছে। এই ব্ৰেণ্ডটোৱে বিভাজনৰ পৰা আৰম্ভ কৰি বহু যুদ্ধৰো সাক্ষী হৈছে। এই পানীয়টো ১৯০৭ চনত দেশত বিক্ৰী কৰা হৈছিল ৷ হাফিজ আব্দুল মজিদ নামৰ এজন ব্যক্তিয়ে প্ৰথমে দিল্লীত এই পানীয় তৈয়াৰ কৰিছিল আৰু বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। বিভাজনৰ পিছত, তেওঁৰ দুই পুত্ৰৰ ভিতৰত কনিষ্ঠজনে পাকিস্তানলৈ গৈ তাত হামদাৰ্ড প্ৰস্তুত কৰিছিল, কিন্তু জ্যেষ্ঠ পুত্ৰই আগৰ নামেৰে 'ৰুহ আফজা' বিক্ৰী কৰি আহিছিল। 

এনেদৰে  'ৰুহ আফজা'ৰ ব্যৱসায়ে ভাৰত আৰু পাকিস্তানক বিভক্ত কৰি ৰাখিছিল।
শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতত 'ৰুহ আফজা'ৰ নিৰ্মাতা হামদাৰ্ড নেচনেল ফাউণ্ডেচনে দিল্লীৰ আদালতত এখন আবেদন দাখিল কৰিছিল। আবেদনখনৰ  মূল কথাটো আছিল যে 'ৰুহ আফজা'ৰ দৰেই কিছু পানীয়  ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে দেশৰ বজাৰত বিক্ৰী কৰা হৈছে যিবোৰ ভাৰতত নিৰ্মাণ কৰা হোৱা নাই। হামদাৰ্ড নেচনেল ফাউণ্ডেচনে (ভাৰত) দাবী কৰিছে যে সেইবোৰ পাকিস্তানত নিৰ্মিত, কিন্তু লেবেলত সেইবোৰৰ কোনো উল্লেখ নাই।

 ৰুহ আফজা হৈছে এক পানীয়  যাক ভাৰতীয়সকলে ১০০ বছৰৰো অধিক সময় ধৰি খাই আহিছে। সেয়েহে, ইয়াৰ গুণগত মানদণ্ড কোনো ধৰণে হেৰফেৰ কৰিব নোৱাৰি। আদালতে এই সন্দৰ্ভত আমাজনক এখন জাননীও জাৰি কৰিছে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৩১ অক্টোবৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক