--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
সতেজ পানীয় হিচাপে ৰুহ আফজা কেৱল পাকিস্তানতে নহয়, ভাৰততো  যথেষ্ট জনপ্ৰিয়। বিশেষকৈ উত্তৰ ভাৰতত এই পানীয়ৰ যথেষ্ট চাহিদা আছে। কিন্তু শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে এক নতুন নিৰ্দেশ জাৰি কৰিছে।এই নিৰ্দেশনাক লৈ যথেষ্ট  প্ৰতিক্ৰিয়াৰো সৃষ্টি  হৈছে।

 দিল্লীৰ এখন আদালতে ই-কমাৰ্চ ৱেবছাইট আমাজন ইণ্ডিয়াক ভাৰতত বিক্ৰী তালিকাৰ পৰা পাকিস্তানত নিৰ্মিত 'ৰুহ আফজা' আঁতৰাবলৈ কৈছে। 'ৰুহ আফজা'ৰ ভাৰতীয় নিৰ্মাতাসকলে আদালতত অভিযোগ কৰিছিল যে পাকিস্তানত নিৰ্মিত 'ৰুহ আফজা' ভাৰতত এটা ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰা হৈছে। ভাৰতীয় নিৰ্মাতাসকলে অভিযোগ কৰিছে যে পাকিস্তানত নিৰ্মিত ৰুহ আফজা, লেবেলত কোনো উল্লেখ নকৰাকৈ ভাৰতত বিক্ৰী কৰা হৈছিল।

মন কৰিকৰিব লগীয়া যে 'ৰুহ আফজা' ভাৰতত ১১৫ বছৰ ধৰি বিক্ৰী হৈ আছে। এই ব্ৰেণ্ডটোৱে বিভাজনৰ পৰা আৰম্ভ কৰি বহু যুদ্ধৰো সাক্ষী হৈছে। এই পানীয়টো ১৯০৭ চনত দেশত বিক্ৰী কৰা হৈছিল ৷ হাফিজ আব্দুল মজিদ নামৰ এজন ব্যক্তিয়ে প্ৰথমে দিল্লীত এই পানীয় তৈয়াৰ কৰিছিল আৰু বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। বিভাজনৰ পিছত, তেওঁৰ দুই পুত্ৰৰ ভিতৰত কনিষ্ঠজনে পাকিস্তানলৈ গৈ তাত হামদাৰ্ড প্ৰস্তুত কৰিছিল, কিন্তু জ্যেষ্ঠ পুত্ৰই আগৰ নামেৰে 'ৰুহ আফজা' বিক্ৰী কৰি আহিছিল। 

এনেদৰে  'ৰুহ আফজা'ৰ ব্যৱসায়ে ভাৰত আৰু পাকিস্তানক বিভক্ত কৰি ৰাখিছিল।
শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতত 'ৰুহ আফজা'ৰ নিৰ্মাতা হামদাৰ্ড নেচনেল ফাউণ্ডেচনে দিল্লীৰ আদালতত এখন আবেদন দাখিল কৰিছিল। আবেদনখনৰ  মূল কথাটো আছিল যে 'ৰুহ আফজা'ৰ দৰেই কিছু পানীয়  ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে দেশৰ বজাৰত বিক্ৰী কৰা হৈছে যিবোৰ ভাৰতত নিৰ্মাণ কৰা হোৱা নাই। হামদাৰ্ড নেচনেল ফাউণ্ডেচনে (ভাৰত) দাবী কৰিছে যে সেইবোৰ পাকিস্তানত নিৰ্মিত, কিন্তু লেবেলত সেইবোৰৰ কোনো উল্লেখ নাই।

 ৰুহ আফজা হৈছে এক পানীয়  যাক ভাৰতীয়সকলে ১০০ বছৰৰো অধিক সময় ধৰি খাই আহিছে। সেয়েহে, ইয়াৰ গুণগত মানদণ্ড কোনো ধৰণে হেৰফেৰ কৰিব নোৱাৰি। আদালতে এই সন্দৰ্ভত আমাজনক এখন জাননীও জাৰি কৰিছে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৩১ অক্টোবৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই