--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ পৰা আহি  থকা অহৰহ ভাবুকিৰ মাজতে গুজৰাটত মোদীৰ ৰেলীৰ কাষতে উৰিল  সন্দেহজনক ড্ৰোন! ঘটনাটো বৃহস্পতিবাৰে আবেলি সংঘটিত হৈছে৷ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাধিক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বিষয়টো তদন্ত কৰি আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ৰেলীত নিৰাপত্তাত চৰম প্ৰত্যাহ্বানৰ সৃষ্টি কৰি ড্ৰোন খন কিছুসময় ধৰি আকাশত উৰি থাকে । 

উল্লেখ্য প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে আহমেদাবাদৰ বাভলাত এখন জনসভাত ভাষণ দি আছিল৷সভাস্থলীৰ ওচৰতে   ড্ৰোন খন উৰি থকা দেখি নিৰাপত্তাকৰ্মীসকলৰ মাজত হুৱা-দুৱা লাগে৷। ড্ৰ'ন খন  দেখি মোদীৰ নিৰাপত্তাৰ দায়িত্বতত থকা এনএছজি কৰ্মীয়ে  গুলীবৰ্ষণ কৰি ড্ৰোন খন ধ্বংস কৰে। ঘটনাটো বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৩০ বজাত সংঘটিত হৈছে৷অনুসন্ধানকাৰীসকলে কৈছে  যে সেই ঠাইখনত ড্ৰোন উৰুৱাবলৈ অনুমতি দিয়া হোৱা নাছিল। সেইকাৰণে ভবা হৈছে  যে মোদীৰ সভাত অঘটন ঘটাবলৈয়েই  ড্ৰোনখন উৰুওৱা হৈছিল। 

অৱশ্যে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ড্ৰোন খন  পৰীক্ষা কৰাৰ পিছত তাত  সন্দেহজনক একো পোৱা নগ'ল। আৰক্ষীয়ে  ড্ৰোনখন তাত কিয় উৰি আছিল  সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে৷
মোদীয়ে বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা  পালানপুৰ, মোডাচা, দাহেগাম আৰু বাভলাত  চাৰিখন ৰেলী সম্বোধন কৰে।

উল্লেখ্য চলিত বৰ্ষৰ ৫ জানুৱাৰীত প্ৰতিবাদকাৰীৰ এটা দলে পঞ্জাৱৰ এখন উৰণীয়া সেঁতুৰ ওচৰত প্ৰধানমন্ত্ৰীৰ কনভয় অৱৰোধ কৰে। সেইদিনা প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰত ৰাজহুৱা সভালৈ যোৱাৰ কথা আছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁ পথেৰে গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু