--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানৰ পৰা আহি  থকা অহৰহ ভাবুকিৰ মাজতে গুজৰাটত মোদীৰ ৰেলীৰ কাষতে উৰিল  সন্দেহজনক ড্ৰোন! ঘটনাটো বৃহস্পতিবাৰে আবেলি সংঘটিত হৈছে৷ আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাধিক কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই বিষয়টো তদন্ত কৰি আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট ৰেলীত নিৰাপত্তাত চৰম প্ৰত্যাহ্বানৰ সৃষ্টি কৰি ড্ৰোন খন কিছুসময় ধৰি আকাশত উৰি থাকে । 

উল্লেখ্য প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে আহমেদাবাদৰ বাভলাত এখন জনসভাত ভাষণ দি আছিল৷সভাস্থলীৰ ওচৰতে   ড্ৰোন খন উৰি থকা দেখি নিৰাপত্তাকৰ্মীসকলৰ মাজত হুৱা-দুৱা লাগে৷। ড্ৰ'ন খন  দেখি মোদীৰ নিৰাপত্তাৰ দায়িত্বতত থকা এনএছজি কৰ্মীয়ে  গুলীবৰ্ষণ কৰি ড্ৰোন খন ধ্বংস কৰে। ঘটনাটো বৃহস্পতিবাৰে আবেলি প্ৰায় ৪.৩০ বজাত সংঘটিত হৈছে৷অনুসন্ধানকাৰীসকলে কৈছে  যে সেই ঠাইখনত ড্ৰোন উৰুৱাবলৈ অনুমতি দিয়া হোৱা নাছিল। সেইকাৰণে ভবা হৈছে  যে মোদীৰ সভাত অঘটন ঘটাবলৈয়েই  ড্ৰোনখন উৰুওৱা হৈছিল। 

অৱশ্যে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ড্ৰোন খন  পৰীক্ষা কৰাৰ পিছত তাত  সন্দেহজনক একো পোৱা নগ'ল। আৰক্ষীয়ে  ড্ৰোনখন তাত কিয় উৰি আছিল  সেই বিষয়ত তদন্ত আৰম্ভ কৰিছে৷
মোদীয়ে বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা  পালানপুৰ, মোডাচা, দাহেগাম আৰু বাভলাত  চাৰিখন ৰেলী সম্বোধন কৰে।

উল্লেখ্য চলিত বৰ্ষৰ ৫ জানুৱাৰীত প্ৰতিবাদকাৰীৰ এটা দলে পঞ্জাৱৰ এখন উৰণীয়া সেঁতুৰ ওচৰত প্ৰধানমন্ত্ৰীৰ কনভয় অৱৰোধ কৰে। সেইদিনা প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰত ৰাজহুৱা সভালৈ যোৱাৰ কথা আছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁ পথেৰে গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক