--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে কেইবাগৰাকীও শিল্লীয়ে৷ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানেৰে অসমবাসীক গৌৰৱান্বিত কৰি ৰাজ্যৰ পাঁচজন বিশিষ্ট ব্যক্তি সংগীত নাটক একাডেমী, চাৰিজন ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ আৰু পাঁচজন সংগীত নাটক একাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷ কালি সংগীত নাটক একাডেমী কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে একাডেমী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা ঘোষণা কৰা হয়৷ 

সেই অনুসৰি, ২০১৯ বৰ্ষত নৃত্যৰ শিতানত সত্ৰীয়া নৃত্যশিল্পী ৰঞ্জুমণি শ‍ইকীয়া, নাটকৰ ক্ষেত্ৰত পৰিচালক অবিনাশ শৰ্মা অভিয়নৰ বাবে প্ৰাঞ্জল শ‍ইকীয়া, ২০২১ বৰ্ষত নাটকৰ শিতানত অংকীয়া ভাওনাৰ সুদক্ষ শিল্পী গুণীন্দ্ৰ নাথ ওজা আৰু পৰম্পৰাগত লোকসংগীত শিতানত প্ৰসন্ন গগৈলৈ সংগীত নাটক অকাডেমি বঁটা আগবঢ়োৱা হৈছে।

আনহাতে, ২০১৯ বৰ্ষত ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে সত্ৰীয়া শিল্পী প্রভাত কাকতিয়ে৷ ২০২০ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী জলীমণি শইকীয়া আৰু ২০২১ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰালৈ আগবঢ়োৱা হৈছে। মানস চমুৱালৈ আগবঢ়োৱা হৈছে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ।

সেইদৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্ৰদান কৰা সংগীত নাটক অকাদেমি অমৃত বঁটা ক্রমে সত্ৰীয়া নৃত্যৰ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজা, ভায়’লিন বাদক মিনতি খাউণ্ড, লোকসংগীত আৰু নৃত্যশিল্পী মাখন চন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু