--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে কেইবাগৰাকীও শিল্লীয়ে৷ নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা অৱদানেৰে অসমবাসীক গৌৰৱান্বিত কৰি ৰাজ্যৰ পাঁচজন বিশিষ্ট ব্যক্তি সংগীত নাটক একাডেমী, চাৰিজন ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ আৰু পাঁচজন সংগীত নাটক একাডেমী অমৃত বঁটাৰ বাবে নিৰ্বাচিত হৈছে৷ কালি সংগীত নাটক একাডেমী কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে একাডেমী বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা ঘোষণা কৰা হয়৷ 

সেই অনুসৰি, ২০১৯ বৰ্ষত নৃত্যৰ শিতানত সত্ৰীয়া নৃত্যশিল্পী ৰঞ্জুমণি শ‍ইকীয়া, নাটকৰ ক্ষেত্ৰত পৰিচালক অবিনাশ শৰ্মা অভিয়নৰ বাবে প্ৰাঞ্জল শ‍ইকীয়া, ২০২১ বৰ্ষত নাটকৰ শিতানত অংকীয়া ভাওনাৰ সুদক্ষ শিল্পী গুণীন্দ্ৰ নাথ ওজা আৰু পৰম্পৰাগত লোকসংগীত শিতানত প্ৰসন্ন গগৈলৈ সংগীত নাটক অকাডেমি বঁটা আগবঢ়োৱা হৈছে।

আনহাতে, ২০১৯ বৰ্ষত ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে সত্ৰীয়া শিল্পী প্রভাত কাকতিয়ে৷ ২০২০ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী জলীমণি শইকীয়া আৰু ২০২১ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰালৈ আগবঢ়োৱা হৈছে। মানস চমুৱালৈ আগবঢ়োৱা হৈছে বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ।

সেইদৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে প্ৰদান কৰা সংগীত নাটক অকাদেমি অমৃত বঁটা ক্রমে সত্ৰীয়া নৃত্যৰ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ শিল্পী গুৰুপ্ৰসাদ ওজা, ভায়’লিন বাদক মিনতি খাউণ্ড, লোকসংগীত আৰু নৃত্যশিল্পী মাখন চন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক