--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও হিংসাৰ দাৱানল স্তব্ধ হোৱা নাই মণিপুৰত৷ৰাজ্যৰ সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে বুধবাৰে (২৭ ছেপ্টেম্বৰ) সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে উপত্যকাটোৰ ১৯খন থানাক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যখনত AFSPA আইন পুনৰবাৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে। ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা। এই আইন কাৰ্যকৰী নোহোৱা থানাৰ এলেকাসমূহৰ ভিতৰত ইম্ফল, লানফেলে, চিটি, চিংজামেই, চেকমাই, লামছাং, পাষ্টোল, ৱাংগোই, পোৰমপাট, হাংগাং, লামলাই, ইৰিবুং, লিমাখং, থৌবাল, বিষ্ণুপুৰ, নামবোল, মৈৰাং, কাকচিন আৰু জিৰাবাম আদি অঞ্চলসমূহৰ ভিতৰত আছে।

ৰাজ্য চৰকাৰে অধিসূচনাত কয় যে বিভিন্ন উগ্ৰপন্থী/বিদ্ৰোহী গোটৰ হিংসাত্মক কাৰ্যকলাপৰ বাবে সমগ্ৰ ৰাজ্যতে অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজন হৈছে। ইয়াত কোৱা হৈছে যে এনে স্পৰ্শকাতৰ বিষয়ত কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে ‘অশান্ত এলেকা’ৰ পৰিস্থিতি পুনৰীক্ষণ কৰাটো উপযুক্ত নহয়।

সন্দেহযুক্ত অস্ত্ৰধাৰী লোকে মেইটাই সম্প্ৰদায়ৰ দুজন ছাত্ৰক অপহৰণ কৰি হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দৰাচলতে শেহতীয়াকৈ মণিপুৰৰ দুজন ছাত্ৰৰ মৃতদেহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিবোৰ ওলাই অহাৰ পাছত মঙলবাৰে (২৬ ছেপ্টেম্বৰ) ৰাজপথলৈ ওলাই আহিল বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী। ইয়াৰ মাজতে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাত প্ৰায় ৪৫ জন লোক আহত হয়।

কেৱল এয়াই নহয়, বুধবাৰে (২৭ ছেপ্টেম্বৰ) ইম্ফলৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত অৱস্থিত মইৰাংখোমত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মুখামুখি সংঘৰ্ষ হয় য’ত একাংশ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। ইয়াৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি ভিৰসমূহ ছত্ৰভংগ দিব লগা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন