--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও হিংসাৰ দাৱানল স্তব্ধ হোৱা নাই মণিপুৰত৷ৰাজ্যৰ সাম্প্ৰতিক আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ চৰকাৰে বুধবাৰে (২৭ ছেপ্টেম্বৰ) সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত ছমাহৰ বাবে সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে। অৱশ্যে উপত্যকাটোৰ ১৯খন থানাক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে।

উল্লেখযোগ্য যে ৰাজ্যখনত AFSPA আইন পুনৰবাৰ ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে। ২০২৩ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা। এই আইন কাৰ্যকৰী নোহোৱা থানাৰ এলেকাসমূহৰ ভিতৰত ইম্ফল, লানফেলে, চিটি, চিংজামেই, চেকমাই, লামছাং, পাষ্টোল, ৱাংগোই, পোৰমপাট, হাংগাং, লামলাই, ইৰিবুং, লিমাখং, থৌবাল, বিষ্ণুপুৰ, নামবোল, মৈৰাং, কাকচিন আৰু জিৰাবাম আদি অঞ্চলসমূহৰ ভিতৰত আছে।

ৰাজ্য চৰকাৰে অধিসূচনাত কয় যে বিভিন্ন উগ্ৰপন্থী/বিদ্ৰোহী গোটৰ হিংসাত্মক কাৰ্যকলাপৰ বাবে সমগ্ৰ ৰাজ্যতে অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজন হৈছে। ইয়াত কোৱা হৈছে যে এনে স্পৰ্শকাতৰ বিষয়ত কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে ‘অশান্ত এলেকা’ৰ পৰিস্থিতি পুনৰীক্ষণ কৰাটো উপযুক্ত নহয়।

সন্দেহযুক্ত অস্ত্ৰধাৰী লোকে মেইটাই সম্প্ৰদায়ৰ দুজন ছাত্ৰক অপহৰণ কৰি হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দৰাচলতে শেহতীয়াকৈ মণিপুৰৰ দুজন ছাত্ৰৰ মৃতদেহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ছবিবোৰ ওলাই অহাৰ পাছত মঙলবাৰে (২৬ ছেপ্টেম্বৰ) ৰাজপথলৈ ওলাই আহিল বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী। ইয়াৰ মাজতে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ হয়। এই ঘটনাত প্ৰায় ৪৫ জন লোক আহত হয়।

কেৱল এয়াই নহয়, বুধবাৰে (২৭ ছেপ্টেম্বৰ) ইম্ফলৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত অৱস্থিত মইৰাংখোমত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মুখামুখি সংঘৰ্ষ হয় য’ত একাংশ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে আৰক্ষীক শিলগুটি নিক্ষেপ কৰে। ইয়াৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰি ভিৰসমূহ ছত্ৰভংগ দিব লগা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক