--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে গুজৰাটত৷ দেওবাৰে গুজৰাটত প্ৰৱল বৃষ্টিপাত আৰু কেইবাটাও অঞ্চলত হোৱা বজ্ৰপাতৰ ফলত কমেও ২০জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে৷ ইয়াৰোপৰি, শস্যভূমিৰো বিস্তৰ ক্ষতি হৈছে গুজৰাটৰ দাহোদ অঞ্চলটোত৷
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পীড়িতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে আৰু কয় যে স্থানীয় প্ৰশাসন সাহায্যৰ কামত নিয়োজিত হৈ আছে।
তেওঁ কয়, গুজৰাটৰ বিভিন্ন চহৰত বেয়া বতৰ আৰু বজ্ৰপাতৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ খবৰ পাই মই গভীৰভাৱে দু:খিত। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ অপূৰণীয় ক্ষতিৰ বাবে মই গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। স্থানীয় প্ৰশাসনে সাহায্যৰ কামত নিয়োজিত হৈ আছে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি আছে৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে, সোমবাৰে বৰষুণ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে দক্ষিণ গুজৰাট আৰু সৌৰাষ্ট্ৰ জিলাৰ কিছু অংশত পুনৰ বৃষ্টিপাতৰ সম্ভাৱনা আছে৷
ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ (এছইওচি) তথ্যই প্ৰকাশ কৰিছে যে দেওবাৰে গুজৰাটৰ ২৫২টা অঞ্চলৰ ভিতৰত ২৩৪টাত প্ৰৱল বৃষ্টিপাত সংঘটিত হৈছে৷ চুৰাট, সুৰেন্দ্ৰনগৰ, খেদা, তাপী, ভাৰুচ আৰু আমৰেলীৰ দৰে জিলাত ধাৰাসাৰ বৰষুণ হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক