--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমি বিবাদক লৈ দুখী হৈ পৰা এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে ফেচবুকত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক উদ্দেশ্যি এটা ভিডিঅ’ আৰু ছুইচাইড নোট পোষ্ট কৰে। আৰক্ষী প্ৰশাসনৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি ফাঁচী লগাই আত্মহত্যা কৰে বিশেষভাৱে সক্ষম যুৱতীগৰাকীয়ে। এই ঘটনাক লৈ ক্ষুব্ধ ব্যৱসায়ীয়ে ঘাইপথ অৱৰোধ কৰে। বহুত বুজাই-বঢ়াই প্ৰায় ছয় ঘণ্টাৰ পাছত প্ৰতিবাদকাৰীক ক্ষান্ত কৰে আৰক্ষীয়ে। আত্মহত্যাকাৰী যুৱতীগৰাকীৰ নাম কাঞ্চন জয়ছোৱাল।

চিলবিলাৰ বাসিন্দা প্ৰয়াত মাখনলাল জয়ছোৱালৰ ৬ জন পুত্ৰ আৰু ৫ গৰাকী কন্যাৰ ভিতৰত জ্যেষ্ঠ আছিল কাঞ্চন (বয়স ৩৮)। তেওঁ অবিবাহিত আৰু শাৰীৰিকভাৱে অক্ষম আছিল। প্ৰয়াগৰাজ অযোধ্যা ঘাইপথত অৱস্থিত ঘৰৰ এটা কোঠাত কাঞ্চনে বিউটি পাৰ্লাৰ চলাইছিল। মাখনলাল জয়ছোৱালৰ মৃত্যুৰ পিছত মৌৰ্য ছেক্সনত অৱস্থিত তিনিখন দোকানক লৈ ছয় পুত্ৰৰ মাজত বিবাদ চলি আছে। মাখনলালৰ বিশেষভাৱে সক্ষম কন্যা কাঞ্চন জয়ছোৱাল ভাতৃদ্বয় অশ্বনী, মনীষ আৰু হৰ্ষিতৰ সৈতে বাস কৰিছিল। শচীন, ঋষি আৰু শশী পৃথকে পৃথকে থাকে। তেওঁলোকৰ মাজত মাটিক লৈ বিবাদ চলে।

অভিযোগ অনুসৰি শচীন, ঋষি আৰু শশীয়ে একাংশ শক্তিশালী ব্যক্তিৰ নামত ছেক্সনত অৱস্থিত দোকানসমূহৰ নিজৰ অংশৰ বাবে চুক্তি কৰিছিল যিয়ে ১৯ নৱেম্বৰৰ নিশা বলপূৰ্বকভাৱে অট্টালিকাটো বন্ধ কৰি দিছিল আৰু সকলোকে ভাবুকি দি পঠিয়াই দিছিল।

কাঞ্চনে কেইবাবাৰো আৰক্ষীক এই বিষয়ে অভিযোগ দিছিল। কিন্তু আৰক্ষীয়ে গুৰুত্ব দিয়া নাছিল। এই কথাত হতাশ হৈ তেওঁ আত্মহত্যাৰ পদক্ষেপ ল’লে। 

কাঞ্চন জয়ছোৱালে চিপ লোৱাৰ পূৰ্বে ৩৭ ছেকেণ্ডৰ আত্মহত্যাৰ ভিডিঅ’ কৰিছিল। যেতিয়া তেওঁ ফেচবুকত ভিডিঅ’টো পোষ্ট কৰিলে, সকলোৰে ম’বাইলত প্ৰকাশ পাবলৈ ধৰিলে। কাঞ্চনে আত্মহত্যাৰ ভিডিঅ’টোত কয়, ‘মুখ্যমন্ত্ৰী, মই নিজৰ ইচ্ছামতে এই আত্মহত্যা কৰা নাই। তিনি ভাতৃ শচীন, শশী আৰু ঋষিয়ে মোক বহুত অশান্তি দিছে। আৰক্ষী-প্ৰশাসনে আমাৰ বাবে একো কৰিব নোৱাৰিলে।

কাঞ্চনে আৰক্ষী-প্ৰশাসনক দোষাৰোপ কৰি মুখ্যমন্ত্ৰীলৈ এখন চিঠিও লিখি থৈ গৈছে।

এই গোচৰত পোষ্ট ইনচাৰ্জকে ধৰি পাঁচজন কনিষ্টবলক নিলম্বন কৰা হৈছে। ঘটনাটোৰ লগত জড়িত সন্দেহজনক লোকক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক