--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃখাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সময়তে এটা ভাল খবৰ আহিছে ভাৰতীয় বিস্কুট প্ৰস্তুতকাৰী কোম্পানী এটাৰ পৰা। আমি বহুতেই বুজা হোৱাৰে পৰা দেখি অহা পাৰ্লে-জি বিস্কুট হৈছে কোটি কোটি ভাৰতীয়ৰো প্ৰিয় বিস্কুট। ইয়াৰ পাঁচ টকাৰ পেকেট দেশত যথেষ্ট বিক্ৰী হৈছে। ২০২০ চনত লকডাউনৰ সময়তো পাৰ্লে জি বিস্কুটৰ যথেষ্ট বিক্ৰী হৈছিল। এই বিক্ৰী ইমান বেছি আছিল যে ই বিগত ৮২ বছৰৰ অভিলেখ ভংগ কৰিছিল। এতিয়া এই বিস্কুটেই  সস্তা হ'ব।

শেহতীয়াকৈ, দেশৰ সৰ্ববৃহৎ এয়াৰলাইন ইণ্ডিগ'ৰ সহ-প্ৰতিষ্ঠাপক আৰু এমডি ৰাহুল ভাটিয়াৰ এখন ফটো ভাইৰেল হৈ পৰিছে। ইয়াত, ভাটিয়াই বিমানত বহি পাৰ্লে-জি বিস্কুট খাই আছিল। কেৱল ধনী লোকৰ বাবেই নহয়,সাধাৰণ  কোটি কোটি ভাৰতীয়ৰ মাজতো  প্ৰিয় বিস্কুট এয়া। কোম্পানীটোৰ সূত্ৰই প্ৰকাশ কৰা মতে  শেহতীয়াকৈ কৃষিজাত সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ বাবেই পাৰ্লে-জি বিস্কুটৰো দাম হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে। যদি কৃষিজাত সামগ্ৰীৰ মূল্য হ্ৰাস পায়েই থাকে তেন্তে  অনাগত দিনবোৰত বিস্কুট সস্তা হ'ব পাৰে। পাৰ্লে-জি বিস্কুটৰ মুখ্য নিৰ্মাতা পাৰ্লে প্ৰডাক্টছৰ জ্যেষ্ঠ মুৰব্বী মায়াংক শ্বাহে কয় যে যোৱা দুবছৰত  কৃষিজাত সামগ্ৰীৰ মূল্য কেইবাবাৰো বৃদ্ধি পাইছে। 

কিন্তু সাম্প্ৰতিক সময়ত কৃষিজাত সামগ্ৰীৰ মূল্য হ্ৰাস পাইছে। ইয়াৰ ফলত দৈনিক ব্যৱহৃত পেকেটযুক্ত সামগ্ৰীৰ মূল্য হ্ৰাস হ'ব পাৰে। পাৰ্লে-জিৰ উপৰি কোম্পানীটোৱে ক্ৰেকজেক, মোনাকো, হাইড এণ্ড চিক, মেলোডি আৰু মেংগো বাইটৰ দৰে সামগ্ৰীও নিৰ্মাণ কৰে।

শ্বাহে কয় যে যদি কৃষিজাত সামগ্ৰীৰ মূল্য হ্ৰাস হৈ থাকে, অনাগত দিনত বিস্কুটৰ মূল্য ১০ৰ পৰা ২০ শতাংশ হ্ৰাস হ'ব পাৰে। যদি দাম হ্ৰাস নহয়, তেন্তে বিস্কুটৰ পেকেটটোৰ আকাৰ একে দামতে বৃদ্ধি কৰিব পাৰি। এই বছৰৰ আৰম্ভণিতে কৃষিজাত সামগ্ৰীৰ মূল্য শীৰ্ষত আছিল। কিন্তু এতিয়া সেয়া হ্ৰাস পাইছে। ঘেঁহুৰ মূল্য হ্ৰাস পাইছে। একে সময়তে, পাম তেলৰ মূল্য হ্ৰাস হোৱা আৰম্ভ হৈছে আৰু খাৰুৱা তেলৰ মূল্যও হ্ৰাস পাইছে। ফলত পাৰ্লে-জি বিস্কুটৰো দাম হ্ৰাস পাব বুলি জানিব পৰা গৈছে।

পাৰ্লে-জি বিস্কুট প্ৰস্তুত কৰা   মূল কোম্পানীটোৰ নাম আছিল  'হাউচ অফ পাৰ্লে'।১৯২৯  চনত এই কোম্পানীটো আৰম্ভ কৰা হৈছিল। মোহনলাল দয়ালে কোম্পানীটো আৰম্ভ কৰিছিল। পিছত হাউচ অফ পাৰ্লেক তিনিটা পৃথক কোম্পানীত বিভক্ত কৰা হয়। এই কোম্পানীবোৰ চৌহান পৰিয়ালৰ সদস্যসকলৰ মালিকানাধীন আছিল। এই তিনিটা কোম্পানী হৈছে পাৰ্লে প্ৰডাক্টছ, পাৰ্লে এগ্ৰো আৰু পাৰ্লে বিছলেৰী।  ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়ত পাৰ্লেই এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল। বিজ্ঞাপনটোত কোৱা হৈছিল যে  পাৰ্লে গ্লুকোজ বিস্কুট ব্ৰিটিছ বিস্কুটৰ সমপৰ্যায়ৰ বিস্কুট।

মোহনলাল দয়ালে বিস্কুট ব্যৱসায়ত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লৈছিল। মোহনলালে   বিস্কুট প্ৰস্তুতৰ জ্ঞান আহৰণ কৰিবলৈ জাৰ্মানীলৈ গৈছিল । জাৰ্মানীৰ পৰা ঘবৰি আহি তেওঁ ৬০,০০০ টকাত এই বিষয়ক  যন্ত্ৰপাতি আমদানি কৰিছিল। ১৯২৯ চনত মাত্ৰ ১২ জন লোকক লৈ তেওঁ বিস্কুট প্ৰস্তুত কৰা কোম্পানীটোৰ প্ৰথম কাৰখানা আৰম্ভ হৈছিল। সেই ১২ জন লোকৰ ভিতৰত পৰিয়ালৰ সদস্যও আছিল। যাৰ ভিতৰত কোনোবা অভিযন্তা আছিল, কোনোবা  মেনেজাৰ আছিল আৰু কোনোবা এজন বিস্কুট নিৰ্মাতা আছিল। 

কাৰখানাটো মুম্বাইৰ ভিলে পাৰ্লেত আছিল। এই অঞ্চলটোৰ নামেৰেই  পিছত কোম্পানীটোৰ নাম পাৰ্লে ৰখা হৈছিল। কোম্পানীটোৰ প্ৰথম উৎপাদিত সামগ্ৰী আছিল এটা কমলা কেণ্ডি।পাৰ্লে ১৯৩৮ চনত ইয়াৰ প্ৰথম বিস্কুট পাৰ্ল গ্লুকো মুকলি কৰিছিল। পাৰ্লে গ্লুকো বিস্কুট একেৰাহে ১২ বছৰৰ বাবে ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা বিস্কুট আছিল। এই বিস্কুট পিছত পাৰ্লে জি নামেৰে জনাজাত হৈ পৰে। কোম্পানীটোৱে ১৯৮১-৮৫ চনৰ ভিতৰত বিস্কুটৰ নাম সলনি কৰিছিল। পাৰ্লে জি-ত 'জি'ৰ অৰ্থ হৈছে গ্লুকোজ। 

১৯৭২ চনত কোম্পানীটোৱে ইয়াৰ মিঠা আৰু নিমখীয়া বিস্কুট ক্ৰেকজেক বজাৰত মুকলি কৰিছিল।
 ১৯৮৩ চনত পাৰ্লেই  চকলেটী মেলোডি মুকলি কৰিছিল।১৯৮৬  চনত আমবাইট আহিছিল। আম বাইট ভাৰতৰ প্ৰথম আম কেণ্ডি আছিল। ১৯৯৬ চনত পাৰ্লে হাইড এণ্ড চিক চোকো চিপ কুকি মুকলি কৰা হৈছিল। সামান্য মূলধন আৰু শ্ৰমশক্তিৰে আৰম্ভ কৰা ভাৰতীয় কোম্পানী পাৰ্লেই এতিয়া বিশ্বৰ বহুজাতিক কোম্পানীসমূহৰ সৈতে সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ