--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে খালিস্তানী অমৃতপাল সিং। ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিছে অমৃতপালক। ইয়াৰ প্ৰতিবাদো চলিছে। অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে লণ্ডনত প্ৰতিবাদ হৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। তাত দেখা গৈছে লণ্ডনত এজন খালিস্তানী প্ৰতিবাদকাৰীয়ে এজন গুজৰাটী হিন্দুক গালি-গালাজ কৰিছে।

খালিস্তানী প্ৰতিবাদকাৰীগৰাকীয়ে খালিস্তানী পতাকা পিন্ধি ‘খালিস্তান জিন্দাবাদ’ শ্লোগানেৰে উত্তাল কৰি থকা দেখা গৈছে। গুজৰাটী হিন্দুজনক তেওঁ চিঞৰি চিঞৰি কৈছে- ''আপোনালোকে গুজৰাটীসকলে ভালদৰে শুনক! ইয়াৰ পৰা আঁতৰি যাওক, অন্যথা চৰ মাৰিম। আপোনাৰ গৰুৰ প্ৰস্ৰাৱ খোৱা সস্প্ৰদায়টোৱে বহুত নাটকৰ সৃষ্টি কৰিছে।’’

গুজৰাটতো খালিস্তান আন্দোলন কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। কয়- ''সকলো গুজৰাটীকো কৈ দিয়া। যুদ্ধ আৰম্ভ হ'লে এইবাৰ আমি গুজৰাটতো যুদ্ধ কৰিম। তোমাৰ ঘৰৰ ভিতৰত সোমাই আমি যুদ্ধ কৰিম। এতিয়া যাওক, গো মূত্ৰ খাই লওক।”

গুজৰাটী হিন্দু লোকজনক গালি-গালাজ কৰা লোকজনৰ নাম জানিব পৰা গৈছে। তেওঁ গৈছে খালছা দল ইউ কেৰ সদস্য গুৰচৰণ সিং। খালিস্তান সমৰ্থনকাৰী সংগঠনৰ সক্ৰিয় সদস্য হিচাপে ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰায়ে দেখা যায় গুৰুচৰণক।

ইয়াৰ পূৰ্বেও গুৰচৰণ চৰ্চাত আছিল। কেইবাজনো খালিস্তানী সন্ত্ৰাসবাদীৰ সৈতে দেখা গৈছিল তেওঁক। ইয়াৰ ভিতৰত অন্যতম হৈছে পৰমজিৎ সিং পম্মা। খালিস্তান টাইগাৰ ফৰ্চ (কে টি এফ)ৰ সন্ত্ৰাসবাদী এই পৰমজিৎ সিং পম্মাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ মষ্ট ৱাণ্টেড তালিকাত আছে।

কেৱল এয়াই নহয়, ২০১৮ চনত তেওঁক নিউজ চেনেলত কোৱা শুনা গৈছিল যে চীন, পাকিস্তান, আৰু মাওবাদীয়ে খালিস্তানী গোটৰ কাৰ্য্যকলাপৰ বাবে ধন আগবঢ়াই আহিছে। তদুপৰি ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ বাবে ধন আগবঢ়োৱাৰ কথাও স্বীকাৰ কৰিছিল তেওঁ।  তেওঁ দাবী কৰে যে আপক পুঁজি আৰু সমৰ্থনৰ আঁৰৰ লক্ষ্য দলটোৰ জয় নহয়। বৰঞ্চ পঞ্জাৱৰ ৰাজনৈতিক শক্তিক বিঘ্নিত কৰাহে।

আন এটা ভিডিঅ’ত তেওঁ কয় যে ভাৰতীয় পতাকাৰ ঠাইত খালিস্তানৰ পতাকা লগাব লাগে। তেওঁ আৰু প্ৰচাৰ কৰিছিল যে ভাৰতীয় জাতীয় পতাকাখন “ফেচিবাদ”ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ই “গণহত্যা’’ৰ প্ৰতীক। এবাৰ সাক্ষাৎকাৰত তেওঁ স্বীকাৰ কৰিছিল যে ভাৰত চৰকাৰে তেওঁৰ ভিছা নাকচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা