--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত আছে খালিস্তানী অমৃতপাল সিং। ভাৰত চৰকাৰে গ্ৰেপ্তাৰ কৰিছে অমৃতপালক। ইয়াৰ প্ৰতিবাদো চলিছে। অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে লণ্ডনত প্ৰতিবাদ হৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। তাত দেখা গৈছে লণ্ডনত এজন খালিস্তানী প্ৰতিবাদকাৰীয়ে এজন গুজৰাটী হিন্দুক গালি-গালাজ কৰিছে।

খালিস্তানী প্ৰতিবাদকাৰীগৰাকীয়ে খালিস্তানী পতাকা পিন্ধি ‘খালিস্তান জিন্দাবাদ’ শ্লোগানেৰে উত্তাল কৰি থকা দেখা গৈছে। গুজৰাটী হিন্দুজনক তেওঁ চিঞৰি চিঞৰি কৈছে- ''আপোনালোকে গুজৰাটীসকলে ভালদৰে শুনক! ইয়াৰ পৰা আঁতৰি যাওক, অন্যথা চৰ মাৰিম। আপোনাৰ গৰুৰ প্ৰস্ৰাৱ খোৱা সস্প্ৰদায়টোৱে বহুত নাটকৰ সৃষ্টি কৰিছে।’’

গুজৰাটতো খালিস্তান আন্দোলন কৰা হ’ব বুলি তেওঁ সকীয়াই দিয়ে। কয়- ''সকলো গুজৰাটীকো কৈ দিয়া। যুদ্ধ আৰম্ভ হ'লে এইবাৰ আমি গুজৰাটতো যুদ্ধ কৰিম। তোমাৰ ঘৰৰ ভিতৰত সোমাই আমি যুদ্ধ কৰিম। এতিয়া যাওক, গো মূত্ৰ খাই লওক।”

গুজৰাটী হিন্দু লোকজনক গালি-গালাজ কৰা লোকজনৰ নাম জানিব পৰা গৈছে। তেওঁ গৈছে খালছা দল ইউ কেৰ সদস্য গুৰচৰণ সিং। খালিস্তান সমৰ্থনকাৰী সংগঠনৰ সক্ৰিয় সদস্য হিচাপে ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰায়ে দেখা যায় গুৰুচৰণক।

ইয়াৰ পূৰ্বেও গুৰচৰণ চৰ্চাত আছিল। কেইবাজনো খালিস্তানী সন্ত্ৰাসবাদীৰ সৈতে দেখা গৈছিল তেওঁক। ইয়াৰ ভিতৰত অন্যতম হৈছে পৰমজিৎ সিং পম্মা। খালিস্তান টাইগাৰ ফৰ্চ (কে টি এফ)ৰ সন্ত্ৰাসবাদী এই পৰমজিৎ সিং পম্মাক ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ মষ্ট ৱাণ্টেড তালিকাত আছে।

কেৱল এয়াই নহয়, ২০১৮ চনত তেওঁক নিউজ চেনেলত কোৱা শুনা গৈছিল যে চীন, পাকিস্তান, আৰু মাওবাদীয়ে খালিস্তানী গোটৰ কাৰ্য্যকলাপৰ বাবে ধন আগবঢ়াই আহিছে। তদুপৰি ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিৰ বাবে ধন আগবঢ়োৱাৰ কথাও স্বীকাৰ কৰিছিল তেওঁ।  তেওঁ দাবী কৰে যে আপক পুঁজি আৰু সমৰ্থনৰ আঁৰৰ লক্ষ্য দলটোৰ জয় নহয়। বৰঞ্চ পঞ্জাৱৰ ৰাজনৈতিক শক্তিক বিঘ্নিত কৰাহে।

আন এটা ভিডিঅ’ত তেওঁ কয় যে ভাৰতীয় পতাকাৰ ঠাইত খালিস্তানৰ পতাকা লগাব লাগে। তেওঁ আৰু প্ৰচাৰ কৰিছিল যে ভাৰতীয় জাতীয় পতাকাখন “ফেচিবাদ”ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ই “গণহত্যা’’ৰ প্ৰতীক। এবাৰ সাক্ষাৎকাৰত তেওঁ স্বীকাৰ কৰিছিল যে ভাৰত চৰকাৰে তেওঁৰ ভিছা নাকচ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য