--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ পাছত এইবাৰ বিজেপিয়েও ভাৰতৰ নিৰ্বাচন আয়োগক ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন গুৰু ৰবিদাস জয়ন্তীৰ বাবে ১৬ ফেব্ৰুৱাৰীত স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে, ১৪ ফেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ পঞ্জাবত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ১৪ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এতিয়া ১৬ ফেব্ৰুৱাৰীৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনটো স্থগিত ৰাখিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে কংগ্ৰেছ-বিজেপিয়ে৷ অৱশ্যে, আয়োগে এতিয়ালৈকে মুখ্যমন্ত্ৰী চান্নী আৰু বিজেপিৰ নিৰ্বাচন স্থগিত ৰখাৰ অনুৰোধৰ প্ৰতি সঁহাৰি দিয়া নাই। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী সোম প্ৰকাশেও মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ লিখি ৰাজ্যিক নিৰ্বাচন ১৮ ফেব্ৰুৱাৰীৰ পাছত তাৰিখলৈ পুনৰ নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছে৷ ইয়াৰ উপৰিও, পঞ্জাৱ লোক কংগ্ৰেছে পঞ্জাৱত নিৰ্বাচন এসপ্তাহ পিছুৱাই দিয়াৰ দাবীক সমৰ্থন জনাইছে। মুখ্যমন্ত্ৰী চান্নীয়ে কি কৈছিল? শনিবাৰে মুখ্যমন্ত্ৰী চান্নীয়ে নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি কৈছিল যে গুৰু ৰবিদাস জয়ন্তীৰ বাবে উত্তৰ প্ৰদেশৰ বাৰাণসীলৈ যাত্ৰা কৰিব পৰা ভক্তসকলক ভোটদানৰ সুযোগ দিবলৈ পঞ্জাব বিধানসভা নিৰ্বাচন কমেও ছয় দিন পিছুৱাই দিয়াতো উচিত। পঞ্জাবৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী চান্নীয়ে কৈছিল যে বিষয়টো অনুসূচীত জাতি সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে তেওঁৰ দৃষ্টিগোচৰ কৰিছিল। অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰায় ২০ লাখ ভক্তই উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে৷ নিৰ্বাচন আয়োগলৈ লিখা পত্ৰত চান্নীয়ে কয়, বাৰাণসী ভ্ৰমণৰ পৃষ্ঠভূমিত এইটো উচিত আৰু উপযুক্ত বুলি বিবেচনা কৰা হয় যে নিৰ্বাচনৰ ভোট কমেও ছয় দিনৰ বাবে পিছুৱাই দিয়াতো উচিত, যাতে ২০ লাখ লোকে তেওঁলোকৰ ভোটধিকাৰ সাব্যস্ত কৰিব পাৰে৷ গুৰু ৰবিদাস জয়ন্তী ১৬ ফেব্ৰুৱাৰীত উদযাপন কৰা হ’ব। গুৰু ৰবিদাস ভক্তি আন্দোলনৰ এজন সুপৰিচিত সাধু আছিল। তেওঁ জাতিবাদৰ বৈষম্যমূলক প্ৰথা নিৰ্মূল কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰিছিল বুলি জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু