--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপট সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত কয় যে গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা কেন্দ্ৰই পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা সিদ্ধান্তত তেওঁ বিস্মিত হৈছে। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ জৰিয়তে পশ্চিম বংগৰ স্বাধীনতা সংগ্ৰামীসকলৰ এক প্ৰতীকপট পেৰেডত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে পশ্চিম বংগৰ প্ৰতীকপট কোনো কাৰণ নিদিয়াকৈ নাকচ কৰা হৈছে বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা পশ্চিম বংগ চৰকাৰৰ প্ৰস্তাৱিত প্ৰতীকপট প্ৰত্যাখ্যানৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি তেওঁ হতচকিত হোৱা বুলি মন্তব্য কৰিছে৷ তেওঁ লিখিছে যে এইটো আমাৰ বাবে আৰু অধিক আচৰিত আছিল এইবাবেই যে কোনো কাৰণ বা যুক্তি নিদিয়াকৈ পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা হৈছিল। প্ৰস্তাৱিত প্ৰতীকপট নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষত তেওঁৰ অৱদানৰ স্মৃতিত আছিল। বেনাৰ্জীয়ে লিখিছিল যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত বংগ শীৰ্ষস্থানত আছিল। ৰাজ্যখনে দেশক বিভক্ত কৰি আৰু লাখ লাখ লোকহে হেৰুৱাই দেশৰ স্বাধীনতাৰ বাবে আটাইতকৈ ডাঙৰ মূল্য পৰিশোধ কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়েও কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ