--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপট সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰত কয় যে গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা কেন্দ্ৰই পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা সিদ্ধান্তত তেওঁ বিস্মিত হৈছে। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰৰ জৰিয়তে পশ্চিম বংগৰ স্বাধীনতা সংগ্ৰামীসকলৰ এক প্ৰতীকপট পেৰেডত অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বাবে পশ্চিম বংগৰ প্ৰতীকপট কোনো কাৰণ নিদিয়াকৈ নাকচ কৰা হৈছে বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ গণৰাজ্য দিৱসৰ কুচকাৱাজৰ পৰা পশ্চিম বংগ চৰকাৰৰ প্ৰস্তাৱিত প্ৰতীকপট প্ৰত্যাখ্যানৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰি তেওঁ হতচকিত হোৱা বুলি মন্তব্য কৰিছে৷ তেওঁ লিখিছে যে এইটো আমাৰ বাবে আৰু অধিক আচৰিত আছিল এইবাবেই যে কোনো কাৰণ বা যুক্তি নিদিয়াকৈ পশ্চিম বংগৰ প্ৰতীকপট প্ৰত্যাখ্যান কৰা হৈছিল। প্ৰস্তাৱিত প্ৰতীকপট নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষত তেওঁৰ অৱদানৰ স্মৃতিত আছিল। বেনাৰ্জীয়ে লিখিছিল যে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত বংগ শীৰ্ষস্থানত আছিল। ৰাজ্যখনে দেশক বিভক্ত কৰি আৰু লাখ লাখ লোকহে হেৰুৱাই দেশৰ স্বাধীনতাৰ বাবে আটাইতকৈ ডাঙৰ মূল্য পৰিশোধ কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়েও কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা বুলি সদৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু