--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ জনাৰ্দন মিশ্ৰই খালী হাতেৰে মধ্যপ্ৰদেশৰ এখন ছোৱালী বিদ্যালয়ৰ শৌচালয় চাফা কৰে।খাটকাৰী গাঁৱৰ শৌচাগাৰ চাফা কৰি থকা ৰেৱা সাংসদগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত এতিয়া  ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত মিশ্ৰই খালী হাতেৰে, আন কোনো সঁজুলি বা চেনিটেৰী সামগ্ৰী ব্যৱহাৰ নকৰাকৈ শৌচাগাৰটো  চাফা কৰি থকা দেখা গৈছে।


মিশ্ৰই নিজৰ টুইটাৰ হেণ্ডেলতো ভিডিঅ’টো শ্বেয়াৰ কৰিছে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সাংসদ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আদিকো এই টুইটাৰত  টেগ কৰা দেখা গৈছে৷ 

দলৰ দ্বাৰা পৰিচালিত সেৱা পখোৱাদাৰ অধীনত যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়খনলৈ  গৈছিল সাংসদগৰাকী। এই কাৰ্যসূচীৰ  পিছতে সাংসদগৰাকী  বিদ্যালয়ৰ লেতেৰা শৌচাগাৰটোৰ বিষয়ে অৱগত হয়৷  


ইয়াৰ পিছতে এটা বাল্টিত পানী লৈ খালী হাতেৰে ঘঁহি তেওঁ শৌচাগাৰটো চাফা কৰিলে।
প্ৰধানমন্ত্ৰী মোদীৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ  সমৰ্থক বিজেপি নেতাগৰাকীয়ে বিদ্যালয়ত শৌচাগাৰ চাফা কৰাৰ ঘটনা এইয়াই প্ৰথম নহয়। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহতো তেওঁৰ  সমষ্টিৰ প্ৰাথমিক বিদ্যালয় এখনৰ  শৌচাগাৰ চাফা কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।
ইয়াৰ পূৰ্বে তেওঁক  ৰেৱাৰ ৰাজপথো চাফা কৰি থকা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু