--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ জনাৰ্দন মিশ্ৰই খালী হাতেৰে মধ্যপ্ৰদেশৰ এখন ছোৱালী বিদ্যালয়ৰ শৌচালয় চাফা কৰে।খাটকাৰী গাঁৱৰ শৌচাগাৰ চাফা কৰি থকা ৰেৱা সাংসদগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত এতিয়া  ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত মিশ্ৰই খালী হাতেৰে, আন কোনো সঁজুলি বা চেনিটেৰী সামগ্ৰী ব্যৱহাৰ নকৰাকৈ শৌচাগাৰটো  চাফা কৰি থকা দেখা গৈছে।


মিশ্ৰই নিজৰ টুইটাৰ হেণ্ডেলতো ভিডিঅ’টো শ্বেয়াৰ কৰিছে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সাংসদ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আদিকো এই টুইটাৰত  টেগ কৰা দেখা গৈছে৷ 

দলৰ দ্বাৰা পৰিচালিত সেৱা পখোৱাদাৰ অধীনত যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়খনলৈ  গৈছিল সাংসদগৰাকী। এই কাৰ্যসূচীৰ  পিছতে সাংসদগৰাকী  বিদ্যালয়ৰ লেতেৰা শৌচাগাৰটোৰ বিষয়ে অৱগত হয়৷  


ইয়াৰ পিছতে এটা বাল্টিত পানী লৈ খালী হাতেৰে ঘঁহি তেওঁ শৌচাগাৰটো চাফা কৰিলে।
প্ৰধানমন্ত্ৰী মোদীৰ ‘স্বচ্ছ ভাৰত অভিযান’ৰ  সমৰ্থক বিজেপি নেতাগৰাকীয়ে বিদ্যালয়ত শৌচাগাৰ চাফা কৰাৰ ঘটনা এইয়াই প্ৰথম নহয়। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহতো তেওঁৰ  সমষ্টিৰ প্ৰাথমিক বিদ্যালয় এখনৰ  শৌচাগাৰ চাফা কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।
ইয়াৰ পূৰ্বে তেওঁক  ৰেৱাৰ ৰাজপথো চাফা কৰি থকা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement