--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ৰ’ বনাম ৱেডৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰি এক মাৰাত্মক ভুল কৰা বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।  এটা টুইটত বাইডেনে লিখিছে, ‘আদালত যিটো কাম আগতে কেতিয়াও কৰা নাছিল এইবাৰ তাকে কৰিছেঃ স্পষ্টভাৱে বহু আমেৰিকান লোকৰ এক মৌলিক সাংবিধানিক অধিকাৰ কাঢ়ি লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত দেশখন ১৫০ বছৰ পিছুৱাই যাব।’

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰ’ বনাম ৱেডৰ সিদ্ধান্ত বাতিল কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে জো বাইডেনে দেশবাসীক সম্বোধন কৰে। আদালতৰ এই সিদ্ধান্তৰ ফলত গৰ্ভধাৰণৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাত কৰিব বিচৰা মহিলাসকলৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ প্ৰত্যাহাৰ হয়। 

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে গৰ্ভপাতৰ ৰায়ৰ ফলত প্ৰভাৱিত হোৱা বিভিন্ন ৰাজ্যৰ মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নিজৰ সামৰ্থ্য অনুসৰি সকলোখিনি কৰি যোৱাৰ প্ৰতিশ্ৰুতিও দিছে।

তেওঁ লগতে কয় যে, ‘এইটো এটা চৰম আৰু বিপজ্জনক পথ।’ অৱশ্যে তেওঁ সকলোকে শান্তিপূৰ্ণ প্ৰতিবাদ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। গৰ্ভপাতৰ ৰায়দানে গৰ্ভনিৰোধক আৰু সমলিংগ বিবাহৰ অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলিও সকীয়াই দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৬-৩ ৰায়দানে ৰিপাব্লিকান দলৰ সমৰ্থিত মিচিচিপি আইনখন সমৰ্থন কৰিছে। এই আইন অনুসৰি গৰ্ভাৱস্থাৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাত নিষিদ্ধ কৰা হৈছে। 
১৯৭৩ চনৰ ৰ’ বনাম ৱেডৰ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দানত এগৰাকী মহিলাৰ গৰ্ভপাতৰ সাংবিধানিক অধিকাৰক স্বীকৃতি দিয়া হৈছিল আৰু সমগ্ৰ দেশতে তেওঁক বৈধতা প্ৰদান কৰা হৈছিল। ৰিপাব্লিকান আৰু ধৰ্মীয় ৰক্ষণশীলসকলে এই প্ৰক্ৰিয়াটো সীমিত বা নিষিদ্ধ কৰিব বিচাৰিছিল। গৰ্ভপাতৰ অধিকাৰক সমৰ্থন কৰা গৱেষণা সংস্থা গুটমেকাৰ ইনষ্টিটিউটৰ তথ্য অনুসৰি ২৬খন ৰাজ্যত গৰ্ভপাত নিষিদ্ধ কৰাৰ সম্ভাৱনা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?