--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ৰ’ বনাম ৱেডৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বাতিল কৰি এক মাৰাত্মক ভুল কৰা বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে।  এটা টুইটত বাইডেনে লিখিছে, ‘আদালত যিটো কাম আগতে কেতিয়াও কৰা নাছিল এইবাৰ তাকে কৰিছেঃ স্পষ্টভাৱে বহু আমেৰিকান লোকৰ এক মৌলিক সাংবিধানিক অধিকাৰ কাঢ়ি লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত দেশখন ১৫০ বছৰ পিছুৱাই যাব।’

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰ’ বনাম ৱেডৰ সিদ্ধান্ত বাতিল কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে জো বাইডেনে দেশবাসীক সম্বোধন কৰে। আদালতৰ এই সিদ্ধান্তৰ ফলত গৰ্ভধাৰণৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাত কৰিব বিচৰা মহিলাসকলৰ বাবে সাংবিধানিক সুৰক্ষা কৱচ প্ৰত্যাহাৰ হয়। 

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে গৰ্ভপাতৰ ৰায়ৰ ফলত প্ৰভাৱিত হোৱা বিভিন্ন ৰাজ্যৰ মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে নিজৰ সামৰ্থ্য অনুসৰি সকলোখিনি কৰি যোৱাৰ প্ৰতিশ্ৰুতিও দিছে।

তেওঁ লগতে কয় যে, ‘এইটো এটা চৰম আৰু বিপজ্জনক পথ।’ অৱশ্যে তেওঁ সকলোকে শান্তিপূৰ্ণ প্ৰতিবাদ বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। গৰ্ভপাতৰ ৰায়দানে গৰ্ভনিৰোধক আৰু সমলিংগ বিবাহৰ অধিকাৰক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলিও সকীয়াই দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৬-৩ ৰায়দানে ৰিপাব্লিকান দলৰ সমৰ্থিত মিচিচিপি আইনখন সমৰ্থন কৰিছে। এই আইন অনুসৰি গৰ্ভাৱস্থাৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাত নিষিদ্ধ কৰা হৈছে। 
১৯৭৩ চনৰ ৰ’ বনাম ৱেডৰ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দানত এগৰাকী মহিলাৰ গৰ্ভপাতৰ সাংবিধানিক অধিকাৰক স্বীকৃতি দিয়া হৈছিল আৰু সমগ্ৰ দেশতে তেওঁক বৈধতা প্ৰদান কৰা হৈছিল। ৰিপাব্লিকান আৰু ধৰ্মীয় ৰক্ষণশীলসকলে এই প্ৰক্ৰিয়াটো সীমিত বা নিষিদ্ধ কৰিব বিচাৰিছিল। গৰ্ভপাতৰ অধিকাৰক সমৰ্থন কৰা গৱেষণা সংস্থা গুটমেকাৰ ইনষ্টিটিউটৰ তথ্য অনুসৰি ২৬খন ৰাজ্যত গৰ্ভপাত নিষিদ্ধ কৰাৰ সম্ভাৱনা আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি