--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলা দীৰ্ঘকালীন যুঁজত জয়ী হোৱা বুলি  ছাংহাই প্ৰশাসনে ঘোষণা কৰিছে। বিগত দুমাহত প্ৰথমবাৰৰ বাবে চীনৰ এই চহৰখনত আক্ৰান্তৰ সংখ্যা শূন্য । বেইজিংতো কমিছে সংক্ৰমণৰ হাৰ। বেইজিঙত বিদ্যালয় খোলাৰো সিদ্ধান্ত লোৱা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চীনৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল দেশখনত। ছাংহাইৰ পৰিস্থিতি আছিল যথেষ্ট  উদ্বেগজনক। দুমাহ ধৰি জাৰী কৰা আছিল লকডাউন। যোৱা জুন মাহত প্ৰত্যাহাৰ কৰা হৈছিল লকডাউন। আনহাতে, ছি জিনপিঙৰ চৰকাৰে এই সংক্ৰমণ নিৰ্মূলৰ বাবে জীৰ’ কভিড নীতি অনুসৰণ কৰাও দেখা গৈছিল। এনে সিদ্ধান্তৰ বাবেই কৰ’নাৰ বিৰুদ্ধে চলা যুঁজত বিজয়ী হোৱা বুলি দাবী কৰিছে।

শনিবাৰে বেইজিঙত শিক্ষা আয়োগৰ তথ্য অনুসৰি, অহা সোমবাৰৰ পৰা সকলো প্ৰাথমিক আৰু হাইস্কুলত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৪ জুলাইৰ পৰা খোলা হ’ব নাৰ্চাৰী স্কুলসমূহ। মে’ মাহৰ আৰম্ভণিৰ পৰাই বন্ধ হৈ আছে বেইজিঙৰ বিদ্যালয়সমূহ। অনলাইন ক্লাছৰ ওপৰত দিয়া হৈছিল গুৰুত্ব। 

উল্লেখ্য যে, ২০১৯ চনত চীনৰ য়ুহান প্ৰদেশত প্ৰথম কৰ’ণা সংক্ৰমণৰ উপস্থিতি ধৰা পৰিছিল। ইয়াৰ পিছত ই বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰে। চীনৰ পৰিস্থিতিও নিয়ন্ত্ৰণলৈ আহিল। কিন্তু চলিত বৰ্ষৰ আৰম্ভণিতে পুনৰ চীনত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?