--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলা দীৰ্ঘকালীন যুঁজত জয়ী হোৱা বুলি  ছাংহাই প্ৰশাসনে ঘোষণা কৰিছে। বিগত দুমাহত প্ৰথমবাৰৰ বাবে চীনৰ এই চহৰখনত আক্ৰান্তৰ সংখ্যা শূন্য । বেইজিংতো কমিছে সংক্ৰমণৰ হাৰ। বেইজিঙত বিদ্যালয় খোলাৰো সিদ্ধান্ত লোৱা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চীনৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল দেশখনত। ছাংহাইৰ পৰিস্থিতি আছিল যথেষ্ট  উদ্বেগজনক। দুমাহ ধৰি জাৰী কৰা আছিল লকডাউন। যোৱা জুন মাহত প্ৰত্যাহাৰ কৰা হৈছিল লকডাউন। আনহাতে, ছি জিনপিঙৰ চৰকাৰে এই সংক্ৰমণ নিৰ্মূলৰ বাবে জীৰ’ কভিড নীতি অনুসৰণ কৰাও দেখা গৈছিল। এনে সিদ্ধান্তৰ বাবেই কৰ’নাৰ বিৰুদ্ধে চলা যুঁজত বিজয়ী হোৱা বুলি দাবী কৰিছে।

শনিবাৰে বেইজিঙত শিক্ষা আয়োগৰ তথ্য অনুসৰি, অহা সোমবাৰৰ পৰা সকলো প্ৰাথমিক আৰু হাইস্কুলত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। ৪ জুলাইৰ পৰা খোলা হ’ব নাৰ্চাৰী স্কুলসমূহ। মে’ মাহৰ আৰম্ভণিৰ পৰাই বন্ধ হৈ আছে বেইজিঙৰ বিদ্যালয়সমূহ। অনলাইন ক্লাছৰ ওপৰত দিয়া হৈছিল গুৰুত্ব। 

উল্লেখ্য যে, ২০১৯ চনত চীনৰ য়ুহান প্ৰদেশত প্ৰথম কৰ’ণা সংক্ৰমণৰ উপস্থিতি ধৰা পৰিছিল। ইয়াৰ পিছত ই বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰে। চীনৰ পৰিস্থিতিও নিয়ন্ত্ৰণলৈ আহিল। কিন্তু চলিত বৰ্ষৰ আৰম্ভণিতে পুনৰ চীনত কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ