--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ খন ক্ৰমাৎ ৰক্তক্ষয়ী হৈ পৰাৰ সময়তে মাতৃভূমিক আগ্ৰাসী ৰাছিয়াৰ পৰা ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি লৈছে ইউক্ৰেইনৰ বহু অভিনেতা, মডেল, শিক্ষককে ধৰি আন বিভিন্ন পেছাৰ লোকে। এনে সময়তে যেন নিজৰ দেশৰ সংকটকালত সংযম ৰক্ষা কৰিব পৰা নাই ইউক্ৰেইনৰ এটা ছাগলীয়ে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা ইউক্ৰেইনৰ ছাগলীটোৰ বীৰত্বৰ কাহিনী সবিস্তাৰে প্ৰকাশ পাইছে। 

এটা সাধাৰণ ছাগলী হৈয়ো শত্ৰু পক্ষৰ শিবিৰত প্ৰৱেশ কৰি ছাগলীজনীয়ে ৪০ জনকৈ ৰাছিয়াৰ সেনাক ধৰাশায়ী কৰিছে। তেওঁলোকৰ ভিতৰৰে বহু কেইজন সেনাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।কিন্তু কিদৰে ৪০ জনকৈ শক্তিশালী ৰুছ সেনাক ধৰাশায়ী কৰিলে ইউক্ৰেইনৰ সাহসী ছাগলীজনীয়ে?

 ৰাছিয়াৰ সৈন্যই জাপ্ৰাজিয়াৰ কিনস্কি ৰাজডোৰী অঞ্চলৰ এখন চিকিৎসালয়ৰ নিজৰ নিয়ন্ত্ৰণলৈ নি তাত এটা   সেনা শিবিৰ পাতিছে। ইউক্ৰেইনৰ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাছিয়াৰ সেনাই সেনা শিবিৰলৈ পৰিণত কৰা চিকিৎসালয়ৰ সীমাৰ ওপৰেৰে বিস্ফোৰক  ভৰ্তি জাল তৰি থৈছিল। ৰুছ সেনাই শিবিৰটোৰ চৌপাশে  গ্ৰেনেডবোৰ এনেদৰে সজাই ৰাখিছিল  যাতে যিকোনো ব্যক্তিয়ে শিবিৰৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিলেই একেলগে সেইবোৰ ফাটিবলৈ আৰম্ভ কৰে। 

কিন্তু ৰুছ সেনাই নিজে পতা ফান্দতে যেন বন্দী হ’বলগীয়া হ’ল।ইউক্ৰেইনৰ বগা ৰঙৰ ছাগলীজনীয়ে   ঘাঁহ খাই খাই ৰাছিয়াৰ সেনাই স্থাপন কৰা শিবিৰৰ ভিতৰলৈ সোমাই গৈছিল। কিন্তু ৰুছ সেনাই শিবিৰৰ চৌপাশে তৰি থোৱা বিস্ফোৰকৰ জানত ছাগলীজনী লাগি ধৰে। জালৰ পৰা মুক্ত হ’বলৈ ছাগলীজনীয়ে 
জঁপিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে ঘটি যায় অঘটন। 

সেই মুহূৰ্ততে শিবিৰৰ চৌপাশে সজাই থোৱা  গ্ৰেনেডবোৰ এটাৰ পিছত এটা কৈ বিস্ফোৰণ হ'বলৈ ধৰে। অৱশ্যে ছাগলীটো ইতিমধ্যে জালৰ পৰা মুক্ত হৈ পলায়ন কৰিবলৈ সক্ষম হয়। 

ধাৰাবাহিক গ্ৰেনেড বিস্ফোৰণত আহত হয় শিবিৰটোত সেই সময়ত থকা কমেও ৪০  জন ৰাছিয়াৰ  সৈনিক।আহতসকলৰ কেইবাজনেও মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?