--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ খন ক্ৰমাৎ ৰক্তক্ষয়ী হৈ পৰাৰ সময়তে মাতৃভূমিক আগ্ৰাসী ৰাছিয়াৰ পৰা ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি লৈছে ইউক্ৰেইনৰ বহু অভিনেতা, মডেল, শিক্ষককে ধৰি আন বিভিন্ন পেছাৰ লোকে। এনে সময়তে যেন নিজৰ দেশৰ সংকটকালত সংযম ৰক্ষা কৰিব পৰা নাই ইউক্ৰেইনৰ এটা ছাগলীয়ে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা ইউক্ৰেইনৰ ছাগলীটোৰ বীৰত্বৰ কাহিনী সবিস্তাৰে প্ৰকাশ পাইছে। 

এটা সাধাৰণ ছাগলী হৈয়ো শত্ৰু পক্ষৰ শিবিৰত প্ৰৱেশ কৰি ছাগলীজনীয়ে ৪০ জনকৈ ৰাছিয়াৰ সেনাক ধৰাশায়ী কৰিছে। তেওঁলোকৰ ভিতৰৰে বহু কেইজন সেনাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।কিন্তু কিদৰে ৪০ জনকৈ শক্তিশালী ৰুছ সেনাক ধৰাশায়ী কৰিলে ইউক্ৰেইনৰ সাহসী ছাগলীজনীয়ে?

 ৰাছিয়াৰ সৈন্যই জাপ্ৰাজিয়াৰ কিনস্কি ৰাজডোৰী অঞ্চলৰ এখন চিকিৎসালয়ৰ নিজৰ নিয়ন্ত্ৰণলৈ নি তাত এটা   সেনা শিবিৰ পাতিছে। ইউক্ৰেইনৰ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাছিয়াৰ সেনাই সেনা শিবিৰলৈ পৰিণত কৰা চিকিৎসালয়ৰ সীমাৰ ওপৰেৰে বিস্ফোৰক  ভৰ্তি জাল তৰি থৈছিল। ৰুছ সেনাই শিবিৰটোৰ চৌপাশে  গ্ৰেনেডবোৰ এনেদৰে সজাই ৰাখিছিল  যাতে যিকোনো ব্যক্তিয়ে শিবিৰৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিলেই একেলগে সেইবোৰ ফাটিবলৈ আৰম্ভ কৰে। 

কিন্তু ৰুছ সেনাই নিজে পতা ফান্দতে যেন বন্দী হ’বলগীয়া হ’ল।ইউক্ৰেইনৰ বগা ৰঙৰ ছাগলীজনীয়ে   ঘাঁহ খাই খাই ৰাছিয়াৰ সেনাই স্থাপন কৰা শিবিৰৰ ভিতৰলৈ সোমাই গৈছিল। কিন্তু ৰুছ সেনাই শিবিৰৰ চৌপাশে তৰি থোৱা বিস্ফোৰকৰ জানত ছাগলীজনী লাগি ধৰে। জালৰ পৰা মুক্ত হ’বলৈ ছাগলীজনীয়ে 
জঁপিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে ঘটি যায় অঘটন। 

সেই মুহূৰ্ততে শিবিৰৰ চৌপাশে সজাই থোৱা  গ্ৰেনেডবোৰ এটাৰ পিছত এটা কৈ বিস্ফোৰণ হ'বলৈ ধৰে। অৱশ্যে ছাগলীটো ইতিমধ্যে জালৰ পৰা মুক্ত হৈ পলায়ন কৰিবলৈ সক্ষম হয়। 

ধাৰাবাহিক গ্ৰেনেড বিস্ফোৰণত আহত হয় শিবিৰটোত সেই সময়ত থকা কমেও ৪০  জন ৰাছিয়াৰ  সৈনিক।আহতসকলৰ কেইবাজনেও মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ