--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাপুৰ পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত অতি সুখী আলিয়া। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট বৰ্তমান ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ এক অতি সুন্দৰ পৰ্যায়ত আছে। ছবিৰ সফলতা সমূহ উপভোগ কৰি থকাৰ সময়তে স্বামী ৰণবীৰ কাপুৰৰ সৈতে প্ৰথম সন্তানৰ আশা কৰিছে। এই খবৰটো বৰ্তমান তেওঁৰ অনুৰাগী আৰু পৰিয়ালৰ লোকসকল অতি সুখী আৰু উৎফুল্লিত কৰি তুলিছে।

মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ আগন্তুক ছবি ডাৰ্লিংছৰ দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে তেওঁক প্ৰথম গৰ্ভাৱস্থাৰ মাজতে কাম কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল। কেতিয়াবা বিৰতি লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে নেকি বুলি সোধাত ভট্টে মঙলবাৰে কয় যে স্বাস্থ্যই অনুমতি দিয়া সময়লৈকে তেওঁ কাম কৰি যাব। যদি আপুনি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। 

১০০ বছৰ বয়সলৈকে কাম কৰাৰ আশা কৰা বলীউডৰ তাৰকাগৰাকীয়ে কয় যে, "আপুনি যদি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। কাম কৰিলে মই শান্তি পাও,  তেওঁৰ আগন্তুক ছবি 'ডাৰ্লিংছ'ৰ এটা গীত "লা লাজ"ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত সাংবাদিকৰ আগত কয় "মই ১০০ বছৰ বয়সলৈকে কাম কৰিম।"

আলিয়াই হলিউডত আত্মপ্ৰকাশৰ কথাও উল্লেখ কৰে সংবাদ মাধ্যমক। শেহতীয়াকৈ ব্ৰিটেইনত “হাৰ্ট অৱ ষ্ট’ন”ৰ বাবে শ্বুটিং কৰা অভিনেত্ৰীগৰাকীয়ে কয় যে নেটফ্লিক্সৰ চিনেমাখনৰ কাম কৰাটো এটা সুকীয়া অভিজ্ঞতা আছিল।

তেওঁ কয় , "মই নাৰ্ভাছ আছিলো কাৰণ এই সকলোবোৰ নতুন আছিল। ইয়াৰ উপৰিও মোৰ প্ৰথম একচন ফিল্ম আছিল, কিন্তু তেওঁলোকে মোৰ বহুত যত্ন লৈছিল আৰু মোক ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। মই বহুত শিকিছিলো। একে সময়তে, মই অনুভৱ কৰিছিলো হলিউডত ছবি যে ইমান বেলেগ নহয়। আমি ইয়াত যি কৰোঁ তাৰ পৰা মাত্ৰ ভাষাটো বেলেগ আছিল।"

ডাৰ্লিংছ আৰু হাৰ্ট অৱ ষ্টোনৰ উপৰিও আলিয়াৰ ৰণবীৰৰ সৈতে ব্ৰহ্মষ্ট্ৰা আৰু প্ৰিয়ংকা চোপ্ৰা আৰু কেটৰিনা কাইফৰ সৈতে জী লে জাৰাৰ  লগতে অন্যান্য প্ৰজেক্ট আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু