--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাপুৰ পৰিয়ালৰ বোৱাৰী হোৱাৰ পাছত অতি সুখী আলিয়া। বলীউডৰ অভিনেত্ৰী আলিয়া ভাট বৰ্তমান ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ এক অতি সুন্দৰ পৰ্যায়ত আছে। ছবিৰ সফলতা সমূহ উপভোগ কৰি থকাৰ সময়তে স্বামী ৰণবীৰ কাপুৰৰ সৈতে প্ৰথম সন্তানৰ আশা কৰিছে। এই খবৰটো বৰ্তমান তেওঁৰ অনুৰাগী আৰু পৰিয়ালৰ লোকসকল অতি সুখী আৰু উৎফুল্লিত কৰি তুলিছে।

মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ আগন্তুক ছবি ডাৰ্লিংছৰ দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে তেওঁক প্ৰথম গৰ্ভাৱস্থাৰ মাজতে কাম কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন হৈছিল। কেতিয়াবা বিৰতি লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে নেকি বুলি সোধাত ভট্টে মঙলবাৰে কয় যে স্বাস্থ্যই অনুমতি দিয়া সময়লৈকে তেওঁ কাম কৰি যাব। যদি আপুনি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। 

১০০ বছৰ বয়সলৈকে কাম কৰাৰ আশা কৰা বলীউডৰ তাৰকাগৰাকীয়ে কয় যে, "আপুনি যদি ফিট আৰু সুস্থ, তেন্তে জিৰণি লোৱাৰ প্ৰয়োজন নাই। কাম কৰিলে মই শান্তি পাও,  তেওঁৰ আগন্তুক ছবি 'ডাৰ্লিংছ'ৰ এটা গীত "লা লাজ"ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত সাংবাদিকৰ আগত কয় "মই ১০০ বছৰ বয়সলৈকে কাম কৰিম।"

আলিয়াই হলিউডত আত্মপ্ৰকাশৰ কথাও উল্লেখ কৰে সংবাদ মাধ্যমক। শেহতীয়াকৈ ব্ৰিটেইনত “হাৰ্ট অৱ ষ্ট’ন”ৰ বাবে শ্বুটিং কৰা অভিনেত্ৰীগৰাকীয়ে কয় যে নেটফ্লিক্সৰ চিনেমাখনৰ কাম কৰাটো এটা সুকীয়া অভিজ্ঞতা আছিল।

তেওঁ কয় , "মই নাৰ্ভাছ আছিলো কাৰণ এই সকলোবোৰ নতুন আছিল। ইয়াৰ উপৰিও মোৰ প্ৰথম একচন ফিল্ম আছিল, কিন্তু তেওঁলোকে মোৰ বহুত যত্ন লৈছিল আৰু মোক ঘৰত থকাৰ দৰে অনুভৱ কৰাইছিল। মই বহুত শিকিছিলো। একে সময়তে, মই অনুভৱ কৰিছিলো হলিউডত ছবি যে ইমান বেলেগ নহয়। আমি ইয়াত যি কৰোঁ তাৰ পৰা মাত্ৰ ভাষাটো বেলেগ আছিল।"

ডাৰ্লিংছ আৰু হাৰ্ট অৱ ষ্টোনৰ উপৰিও আলিয়াৰ ৰণবীৰৰ সৈতে ব্ৰহ্মষ্ট্ৰা আৰু প্ৰিয়ংকা চোপ্ৰা আৰু কেটৰিনা কাইফৰ সৈতে জী লে জাৰাৰ  লগতে অন্যান্য প্ৰজেক্ট আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ