--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰতিখন টিভি ছিৰিয়েলত ইছলাম আৰু ছুফীৰ ছাপ থাকে। তাৰ প্ৰতিটো শ্ব’তে পাকিস্তানৰ সংস্কৃতি দেখুওৱা হয়। কিন্তু এইবাৰ যেন অলপ ব্যতিক্ৰম হল। পাকিস্তানৰ ছিৰিয়েল ‘মেৰে হামছফৰ’ৰ এটা খণ্ডত হিন্দু সংস্কৃতি দেখুৱা হৈছিল। এই খণ্ডটোৰ আভাস ওলোৱাৰ পৰাই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ছিৰিয়েলখন। ছ’চিয়েল মিডিয়াত পাকিস্তানীয়ে ইয়াক লৈ বহুত সমালোচনা কৰি আছে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে  ‘মেৰে হামছফৰ’ত কি দেখুওৱা হৈছিল যাৰ বাবে ই ট্ৰ’লৰ সন্মুখীন হৈছে? 

আচলতে এই ছিৰিয়েলৰ এটা খণ্ডত এগৰাকী ব্যক্তিৰ শেষ বিদায় দেখুওৱা হৈছিল। এই দৃশ্যৰ সময়ত শ্ব’টোৰ সমগ্ৰ অভিনেতা-অভিনেত্ৰীয়ে বগা কাপোৰ পিন্ধিছিল। এই কথাৰ বাবেই পাকিস্তানী লোকসকলে ছিৰিয়েলখনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আচলতে পাকিস্তানত কাৰোবাক শেষ বিদায় জনোৱাৰ সময়ত বগা কাপোৰ পিন্ধাটো হিন্দু সংস্কৃতি বুলি গণ্য কৰা হয়। কাৰণ হিন্দু ধৰ্মৰ মতে কাৰোবাৰ মৃত্যু হ’লে বগা কাপোৰ পিন্ধা হয়। কিন্তু পাকিস্তানত এনে প্ৰথা নাই।
 
পাকিস্তানৰ ৰীতি-নীতি আমাৰ তুলনাত বহুত বেলেগ। তাত কাৰোবাৰ মৃত্যু হ’লে ক’লা কাপোৰ পিন্ধি যায়। এই কাৰণেই এই খণ্ডটো দেখি মুছলমান সমাজ ক্ষুব্ধ হৈ পৰিছে। শ্ব’টোৰ নিৰ্মাতাসকলৰ ওপৰত পাকিস্তানৰ জনসাধাৰণে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

উল্লেখ্য যে ‘মেৰে হামছফৰ’ ছিৰিয়েলখনৰ ফেন ফ’ল’ৱাৰ কেৱল পাকিস্তানতে নহয় ভাৰততো বহুত ভাল। শ্ব’টোত পাকিস্তানী তাৰকা ফাৰহান ছাইদ আৰু হানিয়া আমিৰৰ কেমিষ্ট্ৰীক প্ৰদৰ্শন কৰা হৈছে। এই যুটীটোক সকলোৱে পচন্দ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ