--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফ’বিয়া, এটা শব্দ যিটো শব্দই লোক এজনৰ কিবা বিশেষ সামগ্ৰী, প্ৰাণী, ঘটনা আদিৰ প্ৰতি থকা ভয়ক বুজায়। কেৱল সাধাৰণ মানুহৰ মাজতে যে ফ’বিয়া আছে তেনে নহয়, বলীউডৰ তাৰকাসকলৰ মাজতো আছে বিভিন্ন বস্তুৰ প্ৰতি ভয়। বলীউডৰ তাৰকাসকলৰ বহুতৰে মাজত  মকৰা, এলিভেটৰ, বিলাহী, এন্ধাৰ আৰু বহু বিষয়কলৈ  ভয় আছে।  জনপ্ৰিয় চেলিব্ৰেটীসকলৰ মাজৰে বহুতে কিহলৈ ভয় কৰে জানো আহকচোন। 

শেহতীয়াকৈ ৰানৱে ৩৪ ৰ অভিনেতা অজয় দেৱগণে তেওঁৰ লিফ্টৰ প্ৰতি  ভয় থকাৰ কথা  প্ৰকাশ কৰিছিল। ডিআইডি ল'ইল মাষ্টাৰ্ছ শ্ব'ত অজয় দেৱগণে লিফটৰ প্ৰতি থকা ভয় সন্দৰ্ভত  এই বুলি কৈছে ’কেইবছৰমান আগতে, যেতিয়া মই কেইজনমান লোকৰ সৈতে লিফটত গৈ  আছিলো, তেতিয়া  হঠাতে লিফট ভাঙি পৰিছিল আৰু তৃতীয় মহলাৰ পৰা তলৰ মহলালৈ দ্ৰুত গতিত লিফট খন সৰি পৰিছিল।  কিন্তু সৌভাগ্যক্ৰমে আমি কোনেও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল, আমি তাত প্ৰায় ১ ৰ পৰা ডেৰ ঘণ্টা সময় লিফটত আবদ্ধ হৈ আছিলো। তেতিয়াৰ পৰা, মই লিফটত উঠিবলৈ ভয় কৰোঁ। এতিয়াও, যেতিয়া মই লিফ্টত উঠো মোৰ বুকু খন ভয়তে কঁপি থাকে’। 

অভিনেত্ৰী দীপিকা পাডুকনে আকৌ সাপলৈ বৰ  ভয় কৰে । সাপৰ প্ৰতি থকা ভয়ক  অফিডিঅ'ফ’বিয়াত  বুলি কোৱা হয়। এই ফ’বিয়াতে আক্ৰান্ত দীপিকা পাডুকন। বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁৰ ঘৰত চিলিং ফেন নাই।  কাৰণ তেওঁ চিলিং ফেন খন সৰি পৰিব বুলি ভয় কৰে। 

বি-টাউনৰ মোহময়ী  ডিভা কেটৰিনা কাইফে আকৌ ভয় কৰে বিলাহীলৈ ।  তেওঁ এটা সময়ত প্ৰকাশ কৰিছিল যে  বিলাহীৰ প্ৰতি থকা ভয়ৰ বাবেই তেওঁ  টমেটো কেচাপ ব্ৰেণ্ড ৰ এটা বিজ্ঞাপনত অভিনয় কৰাৰ পৰা বিৰত আছিল।  জিন্দেগী না মিলেগী দোবাৰাত বিলাহী উৎসৱৰ দৃশ্যৰ সময়ত কেটৰিনাই ইমানে ভয় খাইছিল যে বাৰে বাৰে শ্বট ল’বলগীয়া হৈছিল। 

 অভিনেতা আমিৰ খানে  মৃত্যুলৈ বৰ ভয় কৰে।ৰণবীৰ কাপুৰে ভয় কৰে  মকৰা আৰু পইঁতাচোঁৰা। সোনম কাপুৰৰ ভয় আকৌ  মল আৰু বিমানবন্দ আদিত থকা এলিভেটৰলৈ।  এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত এলিভেটৰত উঠিবলগীয়া এটা শ্বটৰ বাবে তেওঁৰ প্ৰায় ৫ ঘণ্টা সময় লাগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু