--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃফ’বিয়া, এটা শব্দ যিটো শব্দই লোক এজনৰ কিবা বিশেষ সামগ্ৰী, প্ৰাণী, ঘটনা আদিৰ প্ৰতি থকা ভয়ক বুজায়। কেৱল সাধাৰণ মানুহৰ মাজতে যে ফ’বিয়া আছে তেনে নহয়, বলীউডৰ তাৰকাসকলৰ মাজতো আছে বিভিন্ন বস্তুৰ প্ৰতি ভয়। বলীউডৰ তাৰকাসকলৰ বহুতৰে মাজত  মকৰা, এলিভেটৰ, বিলাহী, এন্ধাৰ আৰু বহু বিষয়কলৈ  ভয় আছে।  জনপ্ৰিয় চেলিব্ৰেটীসকলৰ মাজৰে বহুতে কিহলৈ ভয় কৰে জানো আহকচোন। 

শেহতীয়াকৈ ৰানৱে ৩৪ ৰ অভিনেতা অজয় দেৱগণে তেওঁৰ লিফ্টৰ প্ৰতি  ভয় থকাৰ কথা  প্ৰকাশ কৰিছিল। ডিআইডি ল'ইল মাষ্টাৰ্ছ শ্ব'ত অজয় দেৱগণে লিফটৰ প্ৰতি থকা ভয় সন্দৰ্ভত  এই বুলি কৈছে ’কেইবছৰমান আগতে, যেতিয়া মই কেইজনমান লোকৰ সৈতে লিফটত গৈ  আছিলো, তেতিয়া  হঠাতে লিফট ভাঙি পৰিছিল আৰু তৃতীয় মহলাৰ পৰা তলৰ মহলালৈ দ্ৰুত গতিত লিফট খন সৰি পৰিছিল।  কিন্তু সৌভাগ্যক্ৰমে আমি কোনেও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল, আমি তাত প্ৰায় ১ ৰ পৰা ডেৰ ঘণ্টা সময় লিফটত আবদ্ধ হৈ আছিলো। তেতিয়াৰ পৰা, মই লিফটত উঠিবলৈ ভয় কৰোঁ। এতিয়াও, যেতিয়া মই লিফ্টত উঠো মোৰ বুকু খন ভয়তে কঁপি থাকে’। 

অভিনেত্ৰী দীপিকা পাডুকনে আকৌ সাপলৈ বৰ  ভয় কৰে । সাপৰ প্ৰতি থকা ভয়ক  অফিডিঅ'ফ’বিয়াত  বুলি কোৱা হয়। এই ফ’বিয়াতে আক্ৰান্ত দীপিকা পাডুকন। বলীউডৰ অভিনেতা অৰ্জুন কাপুৰে এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে তেওঁৰ ঘৰত চিলিং ফেন নাই।  কাৰণ তেওঁ চিলিং ফেন খন সৰি পৰিব বুলি ভয় কৰে। 

বি-টাউনৰ মোহময়ী  ডিভা কেটৰিনা কাইফে আকৌ ভয় কৰে বিলাহীলৈ ।  তেওঁ এটা সময়ত প্ৰকাশ কৰিছিল যে  বিলাহীৰ প্ৰতি থকা ভয়ৰ বাবেই তেওঁ  টমেটো কেচাপ ব্ৰেণ্ড ৰ এটা বিজ্ঞাপনত অভিনয় কৰাৰ পৰা বিৰত আছিল।  জিন্দেগী না মিলেগী দোবাৰাত বিলাহী উৎসৱৰ দৃশ্যৰ সময়ত কেটৰিনাই ইমানে ভয় খাইছিল যে বাৰে বাৰে শ্বট ল’বলগীয়া হৈছিল। 

 অভিনেতা আমিৰ খানে  মৃত্যুলৈ বৰ ভয় কৰে।ৰণবীৰ কাপুৰে ভয় কৰে  মকৰা আৰু পইঁতাচোঁৰা। সোনম কাপুৰৰ ভয় আকৌ  মল আৰু বিমানবন্দ আদিত থকা এলিভেটৰলৈ।  এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত এলিভেটৰত উঠিবলগীয়া এটা শ্বটৰ বাবে তেওঁৰ প্ৰায় ৫ ঘণ্টা সময় লাগিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ