--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰকাশীৰ সুৰংগত এতিয়াও আবদ্ধ হৈ আছে দেশৰ ৪১জন নাগৰিক৷ কৰ্মসূত্ৰে নিৰ্মাণকাৰ্যত জড়িত এইকেইগৰাকী শ্ৰমিকৰ জীৱনৰ প্ৰতি এইপৰ্যন্ত প্ৰধানমন্ত্ৰী মোদী অথবা গৃহমন্ত্ৰী অমিত শ্বাহে দেখুওৱা নাই বিশেষ তৎপৰতা৷ 

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা দেশৰ দুই দিগ্বজ নেতাক সুৰংগৰ ভিতৰৰ শ্ৰমিকৰ আৰ্তনাদে চুব পৰা নাই৷ মংগল গ্ৰহত বসতিৰ স্বপ্ন দেখা সময়ত এই দেশত এটা সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ অভাৱ হৈছে উন্নত প্ৰযুক্তিৰ৷ ধৰ্মক লৈ ৰাজনীতিৰ আখৰা চলা এই দেশত এতিয়া সুৰংগৰ ভিতৰত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে শ্ৰমিকে৷ 

দিন-ৰাতি হৈ পৰিছে সমানে৷ ভোক-ভাগৰ-আতংকই বেৰি ধৰিছে তেওঁলোকক৷ সুৰংগৰ ভিতৰৰ পৰা তেওঁলোকে আশা কৰিছে, তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰা হ’ব৷ অথচ বাহিৰত বিফল হৈছে অত্যাধুনিক প্ৰযুক্তি!

ধ্বংসপ্ৰাপ্ত অংশত আবদ্ধ হৈ থকা ৪১জন শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে উলম্ব ড্ৰিলিং বৰ্তমান চলি আছে৷ চিল্কিয়াৰাত পাহাৰৰ উলম্ব ড্ৰিলিং দেওবাৰে আবেলি আৰম্ভ হৈছিল৷ আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে পাহাৰৰ প্ৰায় ১১০ মিটাৰ খান্দিব লাগিব। এই দ্ৰুতগতিৰ অভিযানত যন্ত্ৰটোৱে ইতিমধ্যে পাহাৰৰ ২০ মিটাৰ ড্ৰিল কৰিছে, প্ৰায় ৮৬ মিটাৰ এতিয়াও বাকী আছে।

উল্লেখযোগ্য যে নৱযুগ অভিযান্ত্ৰিক কোম্পানী লিমিটেড সুৰংগটোৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰাৰ বাবে দায়বদ্ধ। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড আৰু ভিএছএল প্ৰাইভেট লিমিটেডৰ উপ-ঠিকাদাৰসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল৷

অন্ধ্ৰ প্ৰদেশৰ জগন মোহন ৰেড্ডী চৰকাৰে নৱযুগক ‘টিডিপি পন্থী’ বুলি গণ্য কৰিছিল৷ টিডিপি যুগত অন্ধ্ৰ প্ৰদেশত নৱযুগৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা কৰা কেইবাটাও আকাংক্ষিত প্ৰকল্প হঠাতে নতুন ৰাজ্য চৰকাৰে ইয়াৰ পৰা আঁতৰাই লৈ গৈছিল। ২০১৮ৰ ২৬ অক্টোবৰত নতুন দিল্লীৰ পৰা আয়কৰ বিষয়াসকলৰ এটা ২০ জনীয়া দলে নৱযুগত তালাচী চলাইছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে