--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰকাশীৰ সুৰংগত এতিয়াও আবদ্ধ হৈ আছে দেশৰ ৪১জন নাগৰিক৷ কৰ্মসূত্ৰে নিৰ্মাণকাৰ্যত জড়িত এইকেইগৰাকী শ্ৰমিকৰ জীৱনৰ প্ৰতি এইপৰ্যন্ত প্ৰধানমন্ত্ৰী মোদী অথবা গৃহমন্ত্ৰী অমিত শ্বাহে দেখুওৱা নাই বিশেষ তৎপৰতা৷ 

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা দেশৰ দুই দিগ্বজ নেতাক সুৰংগৰ ভিতৰৰ শ্ৰমিকৰ আৰ্তনাদে চুব পৰা নাই৷ মংগল গ্ৰহত বসতিৰ স্বপ্ন দেখা সময়ত এই দেশত এটা সুৰংগত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ অভাৱ হৈছে উন্নত প্ৰযুক্তিৰ৷ ধৰ্মক লৈ ৰাজনীতিৰ আখৰা চলা এই দেশত এতিয়া সুৰংগৰ ভিতৰত জীৱন-মৃত্যুৰ সৈতে যুঁজিছে শ্ৰমিকে৷ 

দিন-ৰাতি হৈ পৰিছে সমানে৷ ভোক-ভাগৰ-আতংকই বেৰি ধৰিছে তেওঁলোকক৷ সুৰংগৰ ভিতৰৰ পৰা তেওঁলোকে আশা কৰিছে, তেওঁলোকক নিৰাপদে উদ্ধাৰ কৰা হ’ব৷ অথচ বাহিৰত বিফল হৈছে অত্যাধুনিক প্ৰযুক্তি!

ধ্বংসপ্ৰাপ্ত অংশত আবদ্ধ হৈ থকা ৪১জন শ্ৰমিকক উদ্ধাৰ কৰাৰ বাবে উলম্ব ড্ৰিলিং বৰ্তমান চলি আছে৷ চিল্কিয়াৰাত পাহাৰৰ উলম্ব ড্ৰিলিং দেওবাৰে আবেলি আৰম্ভ হৈছিল৷ আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে পাহাৰৰ প্ৰায় ১১০ মিটাৰ খান্দিব লাগিব। এই দ্ৰুতগতিৰ অভিযানত যন্ত্ৰটোৱে ইতিমধ্যে পাহাৰৰ ২০ মিটাৰ ড্ৰিল কৰিছে, প্ৰায় ৮৬ মিটাৰ এতিয়াও বাকী আছে।

উল্লেখযোগ্য যে নৱযুগ অভিযান্ত্ৰিক কোম্পানী লিমিটেড সুৰংগটোৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰাৰ বাবে দায়বদ্ধ। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেড আৰু ভিএছএল প্ৰাইভেট লিমিটেডৰ উপ-ঠিকাদাৰসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল৷

অন্ধ্ৰ প্ৰদেশৰ জগন মোহন ৰেড্ডী চৰকাৰে নৱযুগক ‘টিডিপি পন্থী’ বুলি গণ্য কৰিছিল৷ টিডিপি যুগত অন্ধ্ৰ প্ৰদেশত নৱযুগৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা কৰা কেইবাটাও আকাংক্ষিত প্ৰকল্প হঠাতে নতুন ৰাজ্য চৰকাৰে ইয়াৰ পৰা আঁতৰাই লৈ গৈছিল। ২০১৮ৰ ২৬ অক্টোবৰত নতুন দিল্লীৰ পৰা আয়কৰ বিষয়াসকলৰ এটা ২০ জনীয়া দলে নৱযুগত তালাচী চলাইছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক