--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬টা  দিন উকলি গ’ল৷ তথাপি উদ্ধাৰ কৰিব পৰা হোৱা নাই  উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক ৷  উদ্ধাৰকাৰী দলসমূহে  এটাৰ পিছত আন এটা  বাধাৰ সন্মুখীন হৈ আহিছে। এতিয়া তেওঁলোকে হয়তো যুঁজ  দিব লাগিব প্ৰকৃতিৰ সৈতে! বতৰ বিজ্ঞান  কাৰ্যালয়ে হাড় কঁপোৱা  শীতৰ লগতে  বৰষুণৰ ভৱিষ্যতবাণীও কৰিছে। ফলস্বৰূপে প্ৰকৃতিৰ সংহাৰৰ  বাবে উদ্ধাৰ কাৰ্য পুনৰ বন্ধ হৈ পৰিব পাৰে বুলি  বহুতে আশংকা কৰিছে৷ 

 উত্তৰকাশীৰ তাপমাত্ৰা ইতিমধ্যে ৪ ডিগ্ৰীলৈ নামি গৈছে৷কিছুদিন  পিছত ই আৰু হ্ৰাস পাব। এনে হিমশীতল ঠাণ্ডাৰ সৈতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে যে উত্তৰাখণ্ডত ৪,০০০ তকৈও অধিক মিটাৰ উচ্চতাত তুষাৰপাত হ'ব পাৰে।আশংকা কৰা হৈছে যে  প্ৰকৃতিৰ এনে ৰূপে  উদ্ধাৰকাৰীসকলক প্ৰতিকূল পৰিস্থিতিত পেলাব পাৰে। অৱশ্যে, প্ৰশাসনে নিশ্চিত কৰিছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিতো কাম অব্যাহত থাকিব।  

উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া মেহমুদ আহমেদে কয়, "উদ্ধাৰকাৰী দলটোক সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। গতিকে এয়া  আমাৰ বাবে চিন্তাৰ কাৰণ নহয়। তেওঁ লগতে কয় যে সুৰংগটোৰ ওপৰৰ পৰা মাটি উলম্বভাৱে কাটিবলৈ কালিৰে পৰা কাম আৰম্ভ হৈছে। যদি আৰু কোনো ব্যাঘাত নহয়, সমগ্ৰ প্ৰক্ৰিয়াটো বৃহস্পতিবাৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 

ইফালে, সময় বাগৰাৰ লগে লগে আৱদ্ধ শ্ৰমিকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়টোৱে  উদ্বেগ বৃদ্ধি কৰিছে। ৰবট বিশেষজ্ঞ মিলিন্দ ৰাজে কয় যে চিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ মানসিক স্বাস্থ্য ৰবটৰ জড়িয়তে  নিৰীক্ষণ কৰা হৈছে।   ৰবটিক প্ৰণালীয়ে সুৰংগটোৰ ভিতৰত মিথেনৰ দৰে বিষাক্ত গেছ আছে নেকি সেয়াও  বিচাৰি উলিয়াব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে