--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬টা  দিন উকলি গ’ল৷ তথাপি উদ্ধাৰ কৰিব পৰা হোৱা নাই  উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক ৷  উদ্ধাৰকাৰী দলসমূহে  এটাৰ পিছত আন এটা  বাধাৰ সন্মুখীন হৈ আহিছে। এতিয়া তেওঁলোকে হয়তো যুঁজ  দিব লাগিব প্ৰকৃতিৰ সৈতে! বতৰ বিজ্ঞান  কাৰ্যালয়ে হাড় কঁপোৱা  শীতৰ লগতে  বৰষুণৰ ভৱিষ্যতবাণীও কৰিছে। ফলস্বৰূপে প্ৰকৃতিৰ সংহাৰৰ  বাবে উদ্ধাৰ কাৰ্য পুনৰ বন্ধ হৈ পৰিব পাৰে বুলি  বহুতে আশংকা কৰিছে৷ 

 উত্তৰকাশীৰ তাপমাত্ৰা ইতিমধ্যে ৪ ডিগ্ৰীলৈ নামি গৈছে৷কিছুদিন  পিছত ই আৰু হ্ৰাস পাব। এনে হিমশীতল ঠাণ্ডাৰ সৈতে বৰষুণ হোৱাৰো সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে যে উত্তৰাখণ্ডত ৪,০০০ তকৈও অধিক মিটাৰ উচ্চতাত তুষাৰপাত হ'ব পাৰে।আশংকা কৰা হৈছে যে  প্ৰকৃতিৰ এনে ৰূপে  উদ্ধাৰকাৰীসকলক প্ৰতিকূল পৰিস্থিতিত পেলাব পাৰে। অৱশ্যে, প্ৰশাসনে নিশ্চিত কৰিছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিতো কাম অব্যাহত থাকিব।  

উত্তৰাখণ্ডৰ পথ আৰু পৰিবহণ বিভাগৰ এজন জ্যেষ্ঠ বিষয়া মেহমুদ আহমেদে কয়, "উদ্ধাৰকাৰী দলটোক সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। গতিকে এয়া  আমাৰ বাবে চিন্তাৰ কাৰণ নহয়। তেওঁ লগতে কয় যে সুৰংগটোৰ ওপৰৰ পৰা মাটি উলম্বভাৱে কাটিবলৈ কালিৰে পৰা কাম আৰম্ভ হৈছে। যদি আৰু কোনো ব্যাঘাত নহয়, সমগ্ৰ প্ৰক্ৰিয়াটো বৃহস্পতিবাৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। 

ইফালে, সময় বাগৰাৰ লগে লগে আৱদ্ধ শ্ৰমিকসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বিষয়টোৱে  উদ্বেগ বৃদ্ধি কৰিছে। ৰবট বিশেষজ্ঞ মিলিন্দ ৰাজে কয় যে চিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ মানসিক স্বাস্থ্য ৰবটৰ জড়িয়তে  নিৰীক্ষণ কৰা হৈছে।   ৰবটিক প্ৰণালীয়ে সুৰংগটোৰ ভিতৰত মিথেনৰ দৰে বিষাক্ত গেছ আছে নেকি সেয়াও  বিচাৰি উলিয়াব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক